5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰিংকুৰ কান্ধত অধিনায়কৰ দায়িত্বঃ এই প্ৰতিযোগিতাৰ বাবে অধিনায়ক পাতিলে ব’ৰ্ডে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেকৰ পিছতে শক্তিশালী প্ৰদৰ্শনেৰে এতিয়া টি-২০ ক্ৰিকেটত ভাৰতীয় দলৰ অন্যতম প্ৰধান সদস্য হৈ পৰিছে ৰিংকু সিং। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতাৰে পুষ্ট ৰিংকুৱে এতিয়া নতুন দায়িত্ব পালনৰ বাবে সাজু হৈছে। প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে গধুৰ দায়িত্ব লাভ কৰিছে ৰিংকু সিঙে।

ৰিংকুৰ কান্ধত অধিনায়কৰ দায়িত্বঃ এই প্ৰতিযোগিতাৰ বাবে অধিনায়ক পাতিলে ব’ৰ্ডে
অধিনায়ক হ’ব ৰিংকু সিং
monjit-dutta
Monjit Dutta | Published: 20 Dec 2024 19:53 PM

আই পি এলৰ প্ৰদৰ্শনৰ জৰিয়তে ক্ৰিকেট বিশ্বত এক চিনাকি নাম হৈ পৰে ৰিংকু সিং। এনে প্ৰদৰ্শনৰ সুবাদতে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰি ভাৰতীয় দলৰ পথ মুকলি কৰে খেলুৱৈগৰাকীয়ে। আৰু নিৰ্বাচকৰ আস্থা জয় কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে ৰিংকুৱে। বিস্ফোৰক বেটিঙেৰে ৰিংকু এতিয়া টি-২০ ক্ৰিকেটত ভাৰতীয় দলৰ অন্যতম প্ৰধান সদস্য হৈ পৰিছে। একেধাৰে বিপক্ষৰ বাবেও এতিয়া একপ্ৰকাৰে ত্ৰাস হৈ পৰিছে বিস্ফোৰক বেটাৰগৰাকী।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতাৰে পুষ্ট ৰিংকুৱে এতিয়া নতুন দায়িত্ব পালনৰ বাবে সাজু হৈছে। প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে গধুৰ দায়িত্ব লাভ কৰিছে ৰিংকু সিঙে। ভাৰতৰ ঘৰুৱা এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীৰ নতুন ছিজনৰ বাবে উত্তৰ প্ৰদেশ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৰিংকুক। আজি এই প্ৰতিযোগিতাৰ বাবে দল ঘোষণা কৰি উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাই ৰিংকুক নতুন দায়িত্ব প্ৰদান কৰে।

উল্লেখ্য যে ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীত ভাৰতৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে উত্তৰ প্ৰদেশ দলৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰিছিল যদিও তেওঁৰ স্থানত এতিয়া ৰিংকুৱে এদিনীয়া দলক নেতৃত্ব দিব। ২১ ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ পৰাই এই প্ৰতিযোগিতা আৰম্ভ হ’ব আৰু কাইলৈ প্ৰথম দিনটোতে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত প্ৰথমখন মেচ খেলিব উত্তৰ প্ৰদেশে।

জম্মু-কাশ্মীৰৰ লগতে উত্তৰ প্ৰদেশে নিজ গ্ৰুপত তামিলনাডু, বিদৰ্ভৰ দৰে শক্তিশালী দলৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াব। উল্লেখ্য যে আগন্তুক ছিজনৰ আই পি এলৰ বাবে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে এইপৰ্যন্ত অধিনায়ক নিযুক্তি দিয়া নাই। ইতিমধ্যে ফ্ৰেন্সাইজিটোৱে দলৰ খিতাপ জয়ী অধিনায়ক ৰিংকু সিঙকো মুকলি কৰি দিছে। ইয়াৰ পিছতে আগন্তুক ছিজনত কলকাতাই কোনগৰাকী খেলুৱৈক অধিনায়কৰ দায়িত্ব দিব, তাক লৈ চৰ্চা চলি আছে।

ফ্ৰেন্সাইজিটোৰ হাতত অভিজ্ঞ আজিংক্য ৰাহানে আৰু ভেংকটেশ আয়াৰৰ দৰে বিকল্প আছে। লগতে  এইক্ষেত্ৰত ৰিংকু সিঙৰ নামো চৰ্চাত আছে। এনে চৰ্চাৰ পূৰ্বে এতিয়া বিজয় হাজাৰে ট্ৰফীত নিজকে অধিনায়ক হিচাপে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিছে ৰিংকু সিঙে। যদি এই প্ৰতিযোগিতাত তাৰকা খেলুৱৈগৰাকীয়ে সফলতা লাভ কৰে, তেন্তে নিশ্চিতভাৱে কলকাতা দলৰ অধিনায়ক পদৰ বাবেও দাবীদাৰ হৈ পৰিব ৰিংকু।

Latest News