5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চাহালৰ কেৰিয়াৰলৈ বিপদ চপালে ৰিংকুৱে! কৰিলে এনে গতি…

এসময়ত ভাৰতীয় ক্ৰিকেট দলৰ গুৰুত্বপূৰ্ণ সদস্যত পৰিণত হোৱা তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে এতিয়া ভাৰতীয় দলত নিজৰ স্থান দখল কৰাৰ বাবে যুঁজ দিব লগা হৈছে। বিগত এটা বছৰতকৈ অধিক সময় ধৰি ভাৰতীয় দলৰ হৈ খেলপথাৰত নমা নাই চাহাল। কেৰিয়াৰৰ এনে সংকটৰ মুহূৰ্তত চাহালক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে আন এগৰাকী ভাৰতীয় তাৰকা ৰিংকু সিঙে।

monjit-dutta
Monjit Dutta | Published: 21 Oct 2024 09:48 AM
সীমিত অভাৰৰ ক্ৰিকেটত কেইবাটাও বছৰ ধৰি দেশৰ প্ৰধান স্পিনাৰ হিচাপে দলত স্থান লাভ কৰি আহিছিল তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল। কিন্তু এসময়ত দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যগৰাকীয়ে শেহতীয়া সময়ছোৱাত ভাৰতীয় দলত স্থান লাভৰ বাবেই যুঁজ দিব লগা হৈছে। বিগত ২০২৩ চনৰ আগষ্টতে চাহালে অন্তিমবাৰ জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল।

1 / 5
সম্প্ৰতি চাহালে নিজ ৰাজ্য হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি দেশৰ প্ৰধান ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীত অংশ লৈছে। এলিট গ্ৰুপ চিত উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ মাজত চলি থকা মেচখনত চাহালে বলিঙত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছে। নিজ স্পেলত চাহালে ১১ অভাৰত ৫৭ ৰান খৰচ কৰাৰ বিপৰীতে কোনো উইকেট দখল কৰিব পৰা নাই।

2 / 5
এই মেচখনত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা জাতীয় দলৰ আন এগৰাকী তাৰকা ৰিংকু সিং নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে পুনৰ এবাৰ উজলি উঠে। ৰিংকুৱে দলৰ বিপৰ্যয়ৰ সময়ত ১১০টা বলত ৮৯ ৰানৰ এক প্ৰশংসনীয় ইনিংছ খেলে। নিজৰ বিস্ফোৰক বেটিঙৰ বাবে পৰিছিত ৰিংকুৱে ১০টা চাৰি আৰু ৩টা ছয়েৰে এই ইনিংছটো সজায়।

3 / 5
ৰিংকুৱে নিজ ইনিংছত চাহালৰ ২০টা বলৰ মুখামুখি হৈ ২৫ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ নিজ স্পেলত চাহালে খৰচ কৰা মুঠ ৰানৰ প্ৰায় আধা ৰান তেওঁৰ বলত ৰিংকুৱে অকলেই সংগ্ৰহ কৰিছিল। এনে পৰিস্থিতিত জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ সুযোগ বিচাৰি থকা চাহালৰ কেৰিয়াৰত পুনৰ বাধাৰ সৃষ্টি কৰিলে ৰিংকুৱে।

4 / 5
অৱশ্যে মেচখনত এইপৰ্যন্ত বলিঙত ব্যৰ্থ হ’লেও বেটিঙত জিলিকে চাহাল। হাৰিয়ানাৰ ইনিংছত যুজবেন্দ্ৰ চাহালে ১৫২ বলত ৪৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। উল্লেখ্য যে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এয়া হৈছে চাহালৰ সৰ্বাধিক স্ক’ৰ।

5 / 5
Latest Stories