নিউজিলেণ্ডৰ বিপক্ষেই খেলিলে অন্তিমখন মেচঃ ক্ৰিকেটক বিদায় দিলে এইগৰাকী ভাৰতীয় তাৰকাই

ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ উইকেটৰক্ষক ঋদ্ধিমান সাহাই আজি ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। চলিত ছিজনৰ ৰঞ্জী ট্ৰফীৰ পিছতে সাহাই যৱনিকা পেলাব ক্ৰিকেট কেৰিয়াৰৰ। এক টুইট যোগে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে জ্যেষ্ঠ ক্ৰিকেটাৰগৰাকীয়ে।

নিউজিলেণ্ডৰ বিপক্ষেই খেলিলে অন্তিমখন মেচঃ ক্ৰিকেটক বিদায় দিলে এইগৰাকী ভাৰতীয় তাৰকাই

ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ঋদ্ধিমান সাহাৰ

Published: 

04 Nov 2024 13:19 PM

দেওবাৰে ভাৰতীয় ক্ৰিকেট ইতিহাসত সংযোজিত হ’ল এক অনাকাংক্ষিত ফল। নিউজিলেণ্ডৰ বিপক্ষে শোচনীয় পৰাজয়েৰে ঘৰৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্টত ক্লীন ছুইপ হ’ল ভাৰত। এই অপ্ৰত্যাশিত ফলাফলে ক্ষুণ্ণ কৰি তুলিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীক। এই হতাশা অন্ত নপৰোঁতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ সন্মুখলৈ আহিল আন এক দুখজনক খবৰ। দেশৰ এগৰাকী তাৰকা ক্ৰিকেটাৰে আজি ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰিছে। এই ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ উইকেটৰক্ষক ঋদ্ধিমান সাহাই। এক টুইট যোগে সাহাই অৱসৰৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে।

ৰঞ্জি ট্ৰফীৰ চলিত ছিজনৰ পিছতে ক্ৰিকেটক বিদায় দিব বুলি ঘোষণা কৰিছে সাহাই। নিজৰ দীঘলীয়া কেৰিয়াৰক এক আচৰ্যকৰ যাত্ৰা হিচাপে অভিহিত কৰি অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে অন্তিমবাৰৰ বাবে নিজ ৰাজ্য বংগক প্ৰতিনিধিত্ব কৰি সন্মানিত হোৱা বুলি উল্লেখ কৰে। তেওঁৰ এই যাত্ৰাৰ অংশ হোৱা সকলোকে ধন্যবাদ জনাই নিজ কেৰিয়াৰৰ অন্তিমটো ছিজনক স্মৰণীয় কৰি তোলাৰ ইচ্ছা প্ৰকাশ কৰে।

১৭ বছৰীয়া সামগ্ৰিক ক্ৰিকেট কেৰিয়াৰত ঋদ্ধিমান সাহাই অৱশ্যে ভাৰতীয় দলত পৰ্যাপ্ত সুযোগ লাভৰ ক্ষেত্ৰত উপেক্ষিত হয়। ২০১০ চনত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টেষ্ট ফৰ্মেটৰ জৰিয়তে জাতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাইছিল উইকেটৰক্ষক বেটাৰগৰাকীয়ে। একেটা বৰ্ষৰে নৱেম্বৰত তেওঁ এদিনীয়া ফৰ্মেটতো অভিষেকৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছতো অৱশ্যে সাহাই মাত্ৰ ৪০ খন টেষ্ট আৰু ৯খন এদিনীয়া খেলাৰহে সুযোগ লাভ কৰে।

নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সাহাই ৪০ খন টেষ্টত ৩টা শতক আৰু ৬টা অৰ্ধশতকেৰে ১৩৫৩ ৰান সংগ্ৰহ কৰে। আনহাতে টেষ্টত ৯২টা কেচ আৰু ১২টা ষ্টাম্পিঙেৰে মুঠ ১০৪টা চিকাৰ আৰু এদিনীয়াত ১৭টা কেচ আৰু ১টা ষ্টাম্পিংসহ মুঠ ১৮টা চিকাৰ নিজৰ দখললৈ আনিছিল। ২০২১ চনৰ ডিচেম্বৰতে নিউজিলেণ্ডৰ বিপক্ষে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল সাহাই। অৱশ্যে ঘৰুৱা ক্ৰিকেটত খেল অব্যাহত ৰাখিছিল জ্যেষ্ঠ খেলুৱৈগৰাকীয়ে।

মহেন্দ্ৰ সিং ধোনীয়ে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত সাহা টেষ্টত কিছুদিনলৈ ভাৰতৰ প্ৰথম পছন্দৰ উইকেটৰক্ষক হিচাপে নিৰ্বাচিত হৈছিল যদিও ৰাহুল, পণ্ট, ভৰতৰ আগমনৰ পিছত পুনৰ জাতীয় দলত স্থান নিগাজী কৰাত বিফল হয়। সাহাৰ এই সিদ্ধান্তৰ পিছত আগন্তুক ছিজনৰ আই পি এলতো তেওঁৰ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা নাই বুলিয়েই খবৰ প্ৰকাশ পাইছে। চলিত মাহৰ শেষৰ ফালে হ’বলগীয়া আগন্তুক মেগা নিলামৰ বাবেও সাহাই নাম পঞ্জীয়ন কৰা নাই বুলি জানিব পৰা গৈছে।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?