5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অলিম্পিকৰ পৰা বিনেশ বাহিৰ হোৱাত কাৰ ষড়যন্ত্ৰ? কিয় উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি…

ওজন বেছি হোৱা বাবে বিনেশ ফগাট খেলৰ পৰা বাহিৰ হয়। ৫০ কেজি শাখাৰ বাবে তেওঁৰ ওজন প্ৰায় ৫০ গ্ৰাম বেছি আছিল। যাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। কিন্তু একাংশই ইয়াৰ আঁৰত এক ষড়যন্ত্ৰ থকা বুলি কয়

অলিম্পিকৰ পৰা বিনেশ বাহিৰ হোৱাত কাৰ ষড়যন্ত্ৰ?  কিয় উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি…
বিনেশ ফগাট
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 07 Aug 2024 15:09 PM

অলিম্পিকৰ ফাইনেলৰ পৰা মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাট বাহিৰ হোৱাৰ পাছতেই দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি সাংসদ, ছ’চিয়েল মিডিয়া আদি সকলোৱে ফেডাৰেশ্যন আৰু  মোদী চৰকাৰক আক্ৰমণ কৰি গৈছে।  বিনেশ ফগাটক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্তক এক ডাঙৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। লগতে এই ক্ষেত্ৰত তদন্তৰ দাবীও জনাই তেওঁ। আপে এই ক্ষেত্ৰত চৰকাৰক কঠোৰতা অৱলম্বন কৰিবলৈ কয়। আনহাতে কৃষক নেতা ৰাকেশ টিকইটে কয় যে এয়া ফেডাৰেচন আৰু চৰকাৰৰ ষড়যন্ত্ৰ।

বিনেশ ফ’গাটে ফাইনেল খেলিব নোৱাৰাতো ফেডাৰেচনে দুখজনক আৰু দেশৰ বাবে পৰাজয় বুলি অভিহিত কৰিছে। অৱশ্যে বিৰোধিয়ে দাবী কৰা ষড়যন্ত্ৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। কিন্তু প্ৰশ্ন হয়, বিনেশ ফ’গাট অযোগ্য ঘোষণা হোৱাৰ বাবে দেশৰ ৰাজনীতিত কঁপনি উঠিছে কিয়?

ষড়যন্ত্ৰ

ওজন বেছি হোৱা বাবে বিনেশ ফ’গাট খেলৰ পৰা বাহিৰ হয়। ৫০ কেজি শাখাৰ বাবে তেওঁৰ ওজন প্ৰায় ৫০ গ্ৰাম বেছি আছিল। যাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। কিন্তু একাংশই ইয়াৰ আঁৰত এক ষড়যন্ত্ৰ থকা বুলি কয়। টিভি-৯ ভাৰতবৰ্ষৰ সৈতে কথা পাতি বিনেশৰ শহুৰেক ৰাজপাল ৰাথীয়ে কয় যে এয়া এক ষড়যন্ত্ৰ।

ৰাথীৰ বক্তব্যৰ কিছু সময়ৰ পাছতেই সংসদত এই বিষয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিৰোধী সাংসদসকলে কয় যে ইচ্ছাকৃতভাৱে বিনেশ ফগাটক টাৰ্গেট কৰা হৈছে।আপৰ সাংসদ সঞ্জয় সিঙে এই বিষটোত কেন্দ্ৰীয় চৰকাৰক কঠোৰতা অৱলম্বন কৰিবলৈ কয়। লগতে কয়, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই ভাৰত চৰকাৰৰ দাবী মানি নললে বৰ্জন কৰা উচিত।

উল্লেখ্য যে, যোৱা বৰ্ষত বিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক আদিয়ে বিজেপি সাংসদ ব্ৰীজভূষণ চৰম সিং চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। খেলুৱৈৰ লগত যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰি খেলুৱৈসকলে দিল্লীৰ যন্তৰ-মন্তৰত কেইবাদিনো ধৰ্ণাত বহিছিল।

 

বিনেশ ফাইনেললৈ যোৱাৰ পাছত বজৰং পুনিয়াই কৈছিল যে- বিনেশে ইতিহাসৰ সৃষ্টি কৰিছে। মহিলা মল্লযুঁজত অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে বিনেশ। আজি সকলো ভাৰতীয়ৰ চকুত চকুলো। দেশৰ কন্যাই  দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। যিসকল লোকে সদায় এই কন্যাৰ বাবে জাল পাতিছিল, তেওঁলোকে অন্ততঃ ইয়াৰ পৰা শিক্ষা লব লাগে আৰু ভৱিষ্যতে এনে কৰাৰ পৰা বিৰত থাকিব লাগে।

আনহাতে বিনেশ ফ’গাটৰ ৰাজ্য হাৰিয়ানাত চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যৰ ৯০খন আসনত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি মিত্ৰজোঁটে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব। বিনেশ জট সম্প্ৰদায়ৰ অন্তৰ্গত, তেওঁলোক হাৰিয়ানাৰ ৰাজনীতিত যথেষ্ঠ শক্তিশালী। হাৰিয়ানা জাটৰ জনসংখ্যা প্ৰায় ২০-২২ শতাংশ। চি এছ ডি এছৰ তথ্য অনুসৰি শেহতীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছে জাটৰ ৬১ শতাংশ ভোট লাভ কৰিছিল। ২৭ শতাংশ জাটে বিজেপিৰ সপক্ষে ভোটদান কৰে। গতিকে বিনেশ অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পাছতেই এনে বহু দিশ পোহৰলৈ আহিছে।

Latest News