5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চিকিৎসাৰ বাবেও টকা নোহোৱা বিনোদ কাম্বলিক কোনে সহায় কৰে ?

উপাৰ্জনৰ কোনো উৎস নোহোৱাৰ বাবে সাংঘাতিক ধৰণে আৰ্থি সংকটৰ মাজেৰে দিন কটাবলগীয়া হৈছে প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিয়ে । বৰ্তমান বি চি চি আইৰ পৰা প্ৰতিমাহে লাভ কৰা পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল বিনোদ কাম্বলি । এনে পৰিস্থিতিত সকলোৰে মাজত প্ৰশ্ন হয় যে, প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ চিকিৎসাৰ খৰচ বহন কৰাৰ দায়িত্ব কোনে গ্ৰহণ কৰিছে ?

চিকিৎসাৰ বাবেও টকা নোহোৱা বিনোদ কাম্বলিক কোনে সহায় কৰে ?
পৰিয়ালৰ সৈতে বিনোদ কাম্বলি
manas-borah
Manas Borah | Updated On: 17 Dec 2024 13:55 PM

আৰ্থিক সংকটৰ মাজতে শাৰীৰিক অসুস্থতাৰ সৈতেও যুঁজি আছে শচীন তেণ্ডুলকাৰৰ শৈশৱৰ বন্ধু তথা প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি । সূত্ৰৰ খবৰ অনুসৰি দীৰ্ঘদিন ধৰি ৫২ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ আছে । তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট বেয়া। খোজ কাঢ়িবলৈও নোৱাৰা হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি । উপাৰ্জনৰ কোনো উৎস নোহোৱাৰ বাবে সাংঘাতিক ধৰণে আৰ্থি সংকটৰ মাজেৰে দিন কটাবলগীয়া হৈছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে । বৰ্তমান বি চি চি আইৰ পৰা প্ৰতিমাহে লাভ কৰা পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল বিনোদ কাম্বলি ।

এনে পৰিস্থিতিত সকলোৰে মাজত প্ৰশ্ন হয় যে, প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ চিকিৎসাৰ খৰচ বহন কৰাৰ দায়িত্ব কোনে গ্ৰহণ কৰিছে ? লগতে বিনোদ কাম্বলিৰ হোম লোন আছে বুলিও খবৰ প্ৰকাশ পাইছে । এটা বেয়া সময়ৰ মাজেৰে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি আৰু তেওঁ পৰিয়ালে জীৱন যাত্ৰা অব্যাহত ৰাখিছে । বৰ্তমান কাম্বলি আৰু তেওঁ পৰিয়াল মুম্বাই থাকে ।

বৰ্তমান তেওঁৰ সৈতে আছে তেওঁ পত্নী আন্দ্ৰেয়া হেউইট, এগৰাকী কন্যা আৰু এজন পুত্ৰ। এই পৰিস্থিতিত বিনোদ কাম্বলিৰ যত্ন লয় তেওঁ পত্নী আন্দ্ৰেয়াই । পত্নী আন্দ্ৰেয়াই নিজৰ গাড়ীত কম্বলিক চিকিৎসালয়লৈ অনা-নিয়া কৰে ।

বিনোদ কাম্বলিৰ কোটি টকাৰ সম্পত্তি আছিল আৰু বিলাসী জীৱন যাপন কৰিছিল। কিন্তু এতিয়া কাম্বলিৰ চিকিৎসাৰ বাবেও আৰ্থিক সংকটৰ সন্মুখীন হৈছে । তেওঁৰ কিছুমান বন্ধুৱে একেলগে তেওঁৰ চিকিৎসাৰ খৰচ বহন কৰে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কাম্বলিক সহায় কৰাসকলৰ ভিতৰত শচীন তেণ্ডুলকাৰকো অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে বি চি চি আইৰ পৰা পোৱা পেঞ্চনেও বিনোদ আৰু তেওঁৰ পৰিয়ালক সহায় কৰি আহিছে ।

২০১০ চনত কাম্বলিয়ে তেওঁ থকা ঘৰটোলৈ স্থানান্তৰিত হৈছিল। তেতিয়া এই ঘৰৰ দাম আছিল দুই কোটি টকা। আনহাতে আজি ইয়াৰ দাম ৮ কোটি টকা। শেহতীয়াকৈ সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছিল যে, বিনোদ কাম্বলীৰ ঘৰুৱা ঋণ আছে। ডিএনএছ বেংকৰ পৰা ৫৫ লাখ টকাৰ হোম লোন লৈছিল। অৱশ্যে এতিয়া খবৰ ওলাইছে যে, কাম্বলিৰ হাতত কোনো ধৰণৰ হোম লোন নাই। এয়া মাথোঁ ছ’চিয়েল মিডিয়াত বিয়পি পৰা এক উৰাবাতৰি। ইয়াৰ উপৰিও গাড়ীৰ ঋণ থকাৰ বুলি দাবী উত্থাপন হৈছিল।

Latest News