5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

একেটা দলতে দেখা যাব কোহলী-বাবৰক! ঘূৰি আহিব এই ঐতিহাসিক শৃংখলা, জয় শ্বাহে ৰচিছে পৰিকল্পনা

প্ৰায় দুই দশক পূৰ্বে অনুষ্ঠিত হোৱা এফ্ৰো-এছিয়া কাপ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আইচিচিৰ নতুন অধ্যক্ষ হিচাপে জয় শ্বাহে দায়িত্ব লাভ কৰাৰ পিছতে এই সন্দৰ্ভত ব্যাপক চৰ্চা আৰম্ভ হৈছে। যদি এনে হয়, তেন্তে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু জছপ্ৰিত বুমৰাহৰ দৰে ভাৰতীয় তাৰকা আৰু বাবৰ আজম, মহম্মদ ৰিজৱান, শ্বাহীন আফ্ৰিদীৰ দৰে পাকিস্তানী ক্ৰিকেটাৰক একেটা দলতে দেখা পোৱা যাব।

একেটা দলতে দেখা যাব কোহলী-বাবৰক! ঘূৰি আহিব এই ঐতিহাসিক শৃংখলা, জয় শ্বাহে ৰচিছে পৰিকল্পনা
পুনৰ আৰম্ভ হ’ব পাৰে এফ্ৰো-এছিয়া কাপ!
Follow Us
monjit-dutta
Monjit Dutta | Published: 15 Sep 2024 17:50 PM

প্ৰায় দুই দশক পূৰ্বে ক্ৰিকেট প্ৰেমীসকলে উপভোগ কৰিছিল এক ঐতিহাসিক ক্ষণ। খেলপথাৰত দলীয় সতীৰ্থ ৰূপত দেখিবলৈ পাইছিল শচীন, জয়সূৰীয়া, আখতাৰৰ দৰে তাৰকা ক্ৰিকেটাৰক। কেৱল এই তিনি তাৰকাই নহয়, ক্ৰিকেট বিশ্বত দপদপাই থকা এছিয়া মহাদেশৰ কেইবাগৰাকীও প্ৰখ্যাত তাৰকাক একেটা দলতে প্ৰত্যক্ষ কৰাৰ ভাগ্য হৈছিল ক্ৰিকেটপ্ৰেমীসকলৰ। এই সোণালী সময় যেন পুনৰ এবাৰ উভতি আহিব ক্ৰিকেট বিশ্বত। ক্ৰিকেটপ্ৰেমীসকলৰ স্মৃতিত অনন্য সাঁচ বহুৱাই যোৱা এই প্ৰখ্যাত ক্ষণটিৰ আধাৰ আছিল এফ্ৰো-এছিয়া কাপ।

এছিয়াৰ ক্ৰিকেট দলসমূহৰ খেলুৱৈৰ মিশ্ৰিত দল আৰু আফ্ৰিকাৰ দলসমূহৰ খেলুৱৈৰ দ্বাৰা মিশ্ৰিতভাৱে গঠিত হোৱা দলৰ মাজত হোৱা এই ক্ৰিকেট শৃংখলাই এক ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰিছিল খেলুৱৈসকলক। প্ৰায় দুই দশক পুৰণি এই শৃংখলা পুনৰ এবাৰ দেখা পোৱাৰ সৌভাগ্য হ’ব পাৰে ক্ৰিকেট প্ৰেমীসকলৰ। এই সন্দৰ্ভত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ব্যাপক চৰ্চা।

সেই সময়ত শচীন-জয়সূৰীয়াক দেখাৰ দৰেই এইবাৰ ক্ৰিকেট বিশ্বই একেটা দলতে দেখিব পাৰে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ দুই অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলী আৰু বাবৰ আজমক। আইচিচিৰ নতুন অধ্যক্ষ হিচাপে জয় শ্বাহৰ নিযুক্তিৰ পিছতে চৰ্চালৈ আহিছে এফ্ৰো-এছিয়া কাপৰ পুনৰ আৰম্ভণিৰ কথা। বিচিচিআইৰ প্ৰাক্তন সচিবগৰাকীৰ তৎপৰতাতে এই শৃংখলা আৰম্ভ কৰা হ’ব পাৰে বুলি পোহৰলৈ আহিছে।

ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি অতি সোনকালে আৰম্ভ হ’ব পাৰে এফ্ৰো-এছিয়া কাপ। ইয়াৰ বাবে আইচিচিয়ে আলোচনা আৰম্ভ কৰিছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। যদি এনে হয়, তেন্তে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু জছপ্ৰিত বুমৰাহৰ দৰে ভাৰতীয় তাৰকা আৰু বাবৰ আজম, মহম্মদ ৰিজৱান, শ্বাহীন আফ্ৰিদীৰ দৰে পাকিস্তানী ক্ৰিকেটাৰক একেটা দলতে দেখা পোৱা যাব।

উল্লেখ্য যে ২০০৫ চনত আৰম্ভ হোৱা এই শৃংখলাটো সেই বৰ্ষৰ লগতে ২০০৭ চনতো অনুষ্ঠিত হৈছিল। অৱশ্যে দ্বিতীয় সংস্কৰণৰ পিছত সম্প্ৰচাৰকসকলৰ সমস্যাৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল এই শৃংখলাৰ। আফ্ৰিকান ৰাষ্ট্ৰ বটছোৱানাৰ ক্ৰিকেট বৰ্ডৰ মুৰব্বী তথা আইচিচিৰ সহযোগী দলসমূহক প্ৰতিনিধিত্ব কৰা চুমোদ দামোডাৰেও এফ্ৰো-এছিয়া কাপ পুনৰ আৰম্ভ কৰাৰ বাবে আলোচনা চলি আছে বুলি সদৰী কৰিছে।

লক্ষণীয়ভাৱে আগন্তুক চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তান ক্ৰিকেট বৰ্ডৰ মাজত সম্প্ৰতি যথেষ্ট বিবাদ চলি থকা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত দুয়োটা দলৰ খেলুৱৈক একেটা দলতে দেখা পোৱা যাবনে, তাক লৈ অনুৰাগীসকলৰ মনতো দ্বিধা জন্মিছে। কিন্তু আইচিচিৰ নতুন অধ্যক্ষ হিচাপে জয় শ্বাহে দায়িত্ব লোৱাৰ পিছত এনে অসম্ভৱো সম্ভৱ হৈ উঠিব পাৰে বুলিও অনুৰাগীসকলৰ মনত আশা জন্মিছে।

Latest News