প্ৰত্যাৱৰ্তন সুখকৰ নহ’লঃ মাত্ৰ ৬ ৰানতে পেভিলিয়নমুখী কোহলী, এইগৰাকী বলাৰৰ হ’ল চিকাৰ

দিল্লীত অনুষ্ঠিত ৰঞ্জী মেচখনৰ জৰিয়তে সুদীৰ্ঘ ১৩ বছৰৰ মূৰত ঘৰুৱা প্ৰতিযোগিতাখনলৈ প্ৰত্যাৱৰ্তন ঘটোৱা কোহলী প্ৰত্যাৱৰ্তন মেচতে চূড়ান্ত ৰূপে ব্যৰ্থ হয়। মাত্ৰ ১৫টা বল খেলি ৬ ৰানত ক্ৰীজ এৰে কোহলীয়ে। ৰে’লৱেৰ বেগী বলাৰ হিমাংশু সাংৱানে এক দৰ্শনীয় বলেৰে উফৰাই পেলায় কোহলীৰ ষ্টাম্প।

প্ৰত্যাৱৰ্তন সুখকৰ নহ’লঃ মাত্ৰ ৬ ৰানতে পেভিলিয়নমুখী কোহলী, এইগৰাকী বলাৰৰ হ’ল চিকাৰ

প্ৰত্যাৱৰ্তনতে ব্যৰ্থ কোহলী

Published: 

31 Jan 2025 15:27 PM

লোকে লোকাৰণ্য অৰুণ জেটলী ষ্টেডিয়াম। সকলোৰে মনত উৎকণ্ঠা, হেঁপাহ প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ খেল সমুখৰ পৰা চোৱা। সাধাৰণতে ৰঞ্জী ট্ৰফীৰ মেচত পৰিচিত নহয় গেলাৰী ভৰ্তি ষ্টেডিয়ামৰ দৃশ্য। কিন্তু এগৰাকী বিশেষ খেলুৱৈৰ বাবে ভৰি পৰিল অৰুণ জেটলী ষ্টেডিয়ামৰ গেলাৰী। নহ’বনো কিয়! সুদীৰ্ঘ ১৩ বছৰৰ পাছত ৰঞ্জী ট্ৰফীত অৱতীৰ্ণ হৈছে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলী। সেয়ে অনুৰাগীৰ মাজত পৰিলক্ষিত হৈছিল ব্যাপক উছাহ। পিছে অনুৰাগীৰ এই উছাহত যেন পানী পেলালে বিৰাটে।

দিল্লীত অনুষ্ঠিত ৰঞ্জী মেচখনৰ জৰিয়তে সুদীৰ্ঘ ১৩ বছৰৰ মূৰত ঘৰুৱা প্ৰতিযোগিতাখনলৈ প্ৰত্যাৱৰ্তন ঘটোৱা কোহলী প্ৰত্যাৱৰ্তন মেচতে চূড়ান্ত ৰূপে ব্যৰ্থ হয়। বিগত কিছুদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থতাৰ সন্মুখীন হৈ অহা কোহলীয়ে ৰে’লৱেৰ বিৰুদ্ধে এই ৰঞ্জী মেচখনত নিজৰ ছন্দ ঘূৰাই পাব আৰু দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম বুলি সকলোৱে আশা কৰিছিল। কিন্তু কাৰ্যতঃ তেনে হৈ নুঠিল।

ব্যৰ্থতা অব্যাহত ৰাখি মাত্ৰ ১৫টা বল খেলি ৬ ৰানত ক্ৰীজ এৰে কোহলীয়ে। ৰে’লৱেৰ বেগী বলাৰ হিমাংশু সাংৱানে এক দৰ্শনীয় বলেৰে উফৰাই পেলায় কোহলীৰ ষ্টাম্প। বিগত সময়ছোৱাত অফা ষ্টাম্পৰ বাহিৰৰ বলৰ ক্ষেত্ৰত কোহলীৰ দুৰ্বলতা স্পষ্ট হৈ পৰিছিল। অষ্ট্ৰেলিয়া ভ্ৰমণতো বাৰে বাৰে তেনে বলৰে চিকাৰ হৈছিল তাৰকাগৰাকী। এইবাৰ সাংৱানৰ অফ ষ্টাম্পত পৰা এটা ইনছুইং বলেই কোহলীৰ ইনিংছৰ সামৰণি পেলায়।

কোহলীৰ উইকেট পতনৰ লগে লগে নিশ্চুপ হৈ পৰে ষ্টেডিয়ামৰ গেলাৰী। প্ৰিয় তাৰকাগৰাকীইৰ দীঘলীয়া ইনিংছৰ আশাত বহি থকা বহু অনুৰাগীয়ে হতাশাত ষ্টেডিয়াম এৰিবলৈ আৰম্ভ কৰে। উল্লেখ্য যে বিৰাট কোহলীৰ উইকেট দখল কৰা হিমাংশু সাংৱানো দিল্লীৰে বাসিন্দা। ৰে’লৱেৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা ২৯ বৰ্ষীয় সাংৱানে ইতিপূৰ্বে দিল্লীৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈও খেলিছে। ২০১৯ চনত ৰে’লৱেৰ হৈ ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটাইছিল হিমাংশুৱে।

তেওঁ এতিয়ালৈকে ২৩খন প্ৰথম শ্ৰেণীৰ মেচত ৪০টা ইনিংছত মাত্ৰ ১৯.৯২ গড়ে ৭৭টা উইকেট দখল কৰিছে। একেদৰে ১৭ খন লিষ্ট এ মেচত ২১ টা আৰু ৭খন টি-২০ত ৫ টা উইকেট দখল কৰিছে হিমাংশুৱে। লক্ষণীয়ভাৱে ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে হিমাংশুৱে দিল্লী ৰে’ল ষ্টেচনত টিকট সংগ্ৰাহক হিচাপে কাম কৰিছিল।

সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া
দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল