5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Kohli-Gambhir Interview: সংঘাতৰ পৰা লাভ হ’ল নে ক্ষতি হ’ল ? বিৰাটৰ এই প্ৰশ্নৰ এক আচৰিত উত্তৰ দিলে গৌতম গম্ভীৰে…

বিৰাট কোহলীয়ে গম্ভীৰক পোনপটীয়াকৈ সুধিছিল যে, বিপক্ষ দলৰ খেলুৱৈৰ লগত হোৱাৰ সংঘাতৰ পৰা লাভ হ'ল নে ক্ষতি হ'ল নে প্ৰেৰণা লাভ কৰিলে ? বিৰাটৰ এই প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে হাঁহি মাৰি কয়, ' খেলপথাৰত তোমাৰ মোতকৈ বেছি সংঘাত হৈছে। এই প্ৰশ্ন ভাল উত্তৰ আপুনিহে দিব পাৰিব। '

Kohli-Gambhir Interview: সংঘাতৰ পৰা লাভ হ’ল নে ক্ষতি হ’ল ? বিৰাটৰ এই প্ৰশ্নৰ এক আচৰিত উত্তৰ দিলে গৌতম গম্ভীৰে…
বিৰাট-গম্ভীৰৰ সাক্ষাৎকাৰৰ ট্ৰেইলাৰ মুকলি
Follow Us
manas-borah
Manas Borah | Published: 18 Sep 2024 12:18 PM

এটা বিশেষ সাক্ষাৎকাৰত বিৰাট কোহলীৰ প্ৰশ্নৰ উত্তৰ দিব গৌতম গম্ভীৰে । সমান্তৰালভাৱে গম্ভীৰৰো কিছুমান প্ৰশ্নৰ উত্তৰ দিব বিৰাট কোহলীয়ে । এই সাক্ষাৎকাৰত দুয়োগৰাকী ক্ৰিকেট তাৰকা মুখামুখি হ’ব । এক প্ৰকাৰে সামাজিক মাধ্যমত ইয়াক এই বছৰৰ বিশেষ সাক্ষাৎকাৰ বুলি ক’ব খোজা হৈছে । এই সাক্ষাৎকাৰটোত দুয়োগৰাকীৰ ক্ৰিকেট তাৰকাৰ মাজত পূৰ্বে হোৱা সংঘাতৰ বিষয়সমূহেও ঠাই পাইছে ।

বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ সাক্ষাৎকাৰৰ ১ মিনিট ৪০ ছেকেণ্ডৰ এটা ট্ৰেইলাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে বিচিচিআইয়ে । বিৰাট কোহলীয়ে এই ভিডিঅটো শেষত কয় যে,এই সাক্ষাৎকাৰৰ পাছত অমিল কথা-বতৰাবোৰ শেষ হ’ব । ভিডিঅ’টো শ্বেয়াৰ হোৱাৰ পাছতে ক্ৰিকেট অনুৰাগীৰ মাজত সাক্ষাৎকাৰটো চোৱাৰ আগ্ৰহ অধিক বৃদ্ধি পাইছে । ভিডিঅ’টোত বিৰাট কোহলীয়ে সোধা এটা প্ৰশ্নই সমগ্ৰ সাক্ষাৎকাৰটোৰ প্ৰতি অনুৰাগীৰ আকৰ্ষণ বৃদ্ধি কৰিছে ।


বিৰাট কোহলীয়ে গম্ভীৰক পোনপটীয়াকৈ সুধিছিল যে, বিপক্ষ দলৰ খেলুৱৈৰ লগত হোৱাৰ সংঘাতৰ পৰা লাভ হ’ল নে ক্ষতি হ’ল নে প্ৰেৰণা লাভ কৰিলে ? বিৰাটৰ এই প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে হাঁহি মাৰি কয়, ‘ খেলপথাৰত তোমাৰ মোতকৈ বেছি সংঘাত হৈছে। এই প্ৰশ্নৰ ভাল উত্তৰ আপুনিহে দিব পাৰিব। ‘ ইয়াৰ পিছত দুয়োজনে হাঁহিবলৈ আৰম্ভ কৰে। বিৰাটে পুনৰ কয় যে, ‘তেওঁ এই বিষয়ত কোনোবাই তেওঁক সমৰ্থন কৰাটো বিচাৰে। অৰ্থাৎ ক’ৰবাত বিৰাটে নিশ্চিতভাৱে অনুভৱ কৰে যে খেলপথাৰৰ সংঘাতে তেওঁক প্ৰেৰণা দিয়ে।’

উল্লেখ্য যে,আই পি এল ২০২৩ত দুয়োগৰাকী খেলুৱৈৰ মাজত সংঘাত সৃষ্টি হোৱা দেখা গৈছিল । বৰ্তমান গৌতম গম্ভীৰ হৈছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক । গম্ভীৰ টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পাছতে বিৰাট আৰু গম্ভীৰৰ মাজত থকা পাৰ্থক্যই ভৱিষ্যতে সমস্যা সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰিছিল একাংশ অনুৰাগীয়ে । ইফালে গৌতম গম্ভীয়ে বহু সময়ত সংঘাতৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, খেলপথাৰৰ সংঘাত খেলপথাৰতে থাকিব লাগে । ই ব্যক্তিগত পৰ্যায়লৈ যাব নালাগে বুলি কৈছিল গৌতম গম্ভীৰে ।

গতিকে দুয়োগৰাকী মাজত থকা পাৰ্থক্যবোৰৰ কথা দুয়োজনে কি ক’ব সেই লৈ এতিয়া অনুৰাগীৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে । অনুৰাগীসকলে এই সাক্ষাৎকাৰটো চাবৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

Latest News