Virat Kohli Hundred : অভিলেখ সৃষ্টিৰে ৪৯১ দিনৰ অন্তত টেষ্টত শতক অৰ্জন বিৰাট কোহলীৰ, ভংগ হ’ল শচীনৰ ৰেৰ্কড…!

পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলীয়ে। দীৰ্ঘদিন ধৰি দুৰ্বল ফৰ্মত থকা বিৰাট কোহলীয়ে ৪৯১ দিনৰ পাছত টেষ্ট ফৰ্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২০ জুলাইত শতক অৰ্জন কৰিছিল বিৰাটে ।

Virat Kohli Hundred : অভিলেখ সৃষ্টিৰে ৪৯১ দিনৰ অন্তত টেষ্টত শতক অৰ্জন বিৰাট কোহলীৰ, ভংগ হল শচীনৰ ৰেৰ্কড...!

অষ্ট্ৰেলিয়াত বিৰাট কোহলিৰ সপ্তমটো টেষ্ট শতক

Updated On: 

24 Nov 2024 15:39 PM

অভিলেখ সৃষ্টিৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলীয়ে। দীৰ্ঘদিন ধৰি দুৰ্বল ফৰ্মত থকা বিৰাট কোহলীয়ে সকলোকে দিলে সমালোচনাৰ প্ৰত্যুত্তৰ । বিৰাট কোহলীয়ে টেষ্ট কেৰিয়াত অৰ্জন কৰিছে ৩০ টা শতক । মনকৰিবলগীয়া কথাটো হ’ল, বিৰাট কোহলীয়ে ৪৯১ দিনৰ পাছত টেষ্ট ফৰ্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২০ জুলাইত শতক অৰ্জন কৰিছিল বিৰাটে । পুৰণি অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টিৰে ১৪৩টা বলত এই শতক অৰ্জন কৰে বিৰাটে ।

খেলৰ তৃতীয় দিনা পাড়িক্কালৰ উইকেট পতনৰ পাছত বিৰাট কোহলিয়ে ক্ৰীজলৈ আহিছিল। অষ্ট্ৰেলিয়াৰ বলাৰে বিৰাট কোহলীৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল যদিও ক্ৰীজত সেই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয় বিৰাট কোহলীয়ে । অষ্ট্ৰেলিয়াৰ পিটচত বাউন্সাৰ প্ৰত্যাহ্বান নেওচি ড্ৰিকংছ ব্ৰেকলৈকে ৪০ ৰান সংগ্ৰহ কৰি আছিল বিৰাটে । এই ইনিংছত ৯৪ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল বিৰাট কোহলীয়ে । ইয়াৰ পাছতে অপ্ৰতিৰোধ্য গতিত শতক অৰ্জন কৰে বিৰাট কোহলীয়ে ।

পাৰ্থ টেষ্টত শতক অৰ্জন কৰি বিৰাট কোহলীয়ে আনকি শচীন টেণ্ডুলকাৰকো অতিক্ৰম কৰিলে। বৰ্ডা-গাভাস্কাৰ ট্ৰফীত আটাইতকৈ কম ইনিংছত ৯ টা শতক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। শচীনে ৬৫ ইনিংছত ৯ টা শতক অৰ্জন কৰিছিল।

অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৭ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলীয়ে । শচীন টেণ্ডুলকাৰে অষ্ট্ৰেলিয়াৰ মাটিত নিজৰ কেৰিয়াৰত ৬ টা শতক অৰ্জন কৰিছিল। সমান্তৰালভাৱে গাভাস্কাৰে অৰ্জন কৰিছিল ৫ টা শতক। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮১ টা শতক অৰ্জন কৰিছে বিৰাট কোহলীয়ে।

ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। বৰ্তমান কোহলীৰ নামত সৰ্বাধিক শতক আছে। উল্লেখ্য যে, বিৰাট কোহলীৰ পিছতে আছে ইংলেণ্ডৰ জো ৰুট। জো ৰুটৰ শতকৰ সংখ্যা হৈছে ৫১ টা ।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?