গুৰুতৰ নেকি কোহলীৰ আঘাত! চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে চিন্তাত অনুৰাগী
আঁঠুৰ আঘাতৰ বাবে বৃ্হস্পতিবাৰে ইংলেণ্ডৰ বিপক্ষে প্ৰথমখন এদিনীয়াত খেলিব পৰা নাছিল কোহলীয়ে। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে চিন্তিত হৈ পৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল। কোহলীৰ আঘাত গুৰুতৰ নেকি, সেই বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ আছে সকলো। অনুৰাগীৰ এই চিন্তা তথা শংকাৰ মাজতে কোহলী সন্দৰ্ভত এক আপডেট প্ৰকাশ পাইছে।
![গুৰুতৰ নেকি কোহলীৰ আঘাত! চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে চিন্তাত অনুৰাগী গুৰুতৰ নেকি কোহলীৰ আঘাত! চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে চিন্তাত অনুৰাগী](https://images.assamtv9.com/uploads/2025/02/Virat-Kohli.jpg?q=50&w=1280)
গুৰুতৰ নেকি কোহলীৰ আঘাত!
বৃ্হস্পতিবাৰে নাগপুৰত অনুষ্ঠিত হয় ভাৰত-ইংলেণ্ডৰ দ্বিপাক্ষিক এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। এই মেচখনত ভাৰতীয় দলে বেটিং-বলিং উভয় দিশতে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ভ্ৰমণকাৰী দলটোক ৪ উইকেটত সহজে পৰাস্ত কৰে আৰু তিনিখনীয়া মেচৰ শৃংখলাটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। অৱশ্যে এই মেচখনত ভাৰতীয় দলৰ তাৰকা বেটাৰ বিৰাট কোহলী আঘাতৰ বাবে মূল একাদশৰ পৰা বাহিৰ হ’বলগীয়া হয়। টছৰ সময়ত অধিনায়ক ৰোহিত শৰ্মাই কোহলীৰ আঘাতৰ বিষয়ে সদৰী কৰিছিল।
অধিনায়ক ৰোহিত শৰ্মাই উল্লেখ কৰা মতে আঁঠুৰ আঘাতৰ বাবে মেচখনত খেলিব পৰা নাছিল কোহলীয়ে। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে চিন্তিত হৈ পৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল। প্ৰকাশিত খবৰ অনুসৰি মেচৰ পূৰ্বে অনুশীলনৰ সময়ত বিৰাট কোহলীয়ে আঁঠুত আঘাত পাইছিল আৰু খেলুৱৈসকল হোটেললৈ উভতি অহাৰ পিছত আঘাতপ্ৰাপ্ত আঁঠুটো কিছু ফুলি উঠা দেখিবলৈ পোৱা গৈছিল।
কোহলীৰ এই আঘাতৰ ফলত তেওঁৰ স্থানত শ্ৰেয়স আয়াৰক মূল একাদশত অন্তৰ্ভুক্ত কৰা হয়। জানিব পৰা মতে, পূৰ্ব পৰিকল্পনা অনুসৰি যশস্বী জয়ছোৱালক এদিনীয়াত অভিষেক ঘটোৱাৰ সুযোগ দিয়াৰ বিপৰীতে আয়াৰক জিৰণি দিয়াৰ কথা আছিল যদিও কোহলীৰ আঘাতৰ বাবে এই পৰিকল্পনা সলনি কৰিবলগা হয়। অৱশ্যে এই সুযোগ অথলে যাবলৈ নিদি এক চমকপ্ৰদ অৰ্ধশতকীয় ইনিংছেৰে উজলি উঠে আয়াৰ।
ইফালে মেচখনত কোহলীৰ আঘাতে অনুৰাগীক চিন্তিত কৰি তুলিছে। কিছুদিনৰ পিছতে আইচিচিৰ গুৰুত্বপূৰ্ণ ইভেণ্ট চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত কোহলীৰ আঘাত স্বাভাৱিকতেই চিন্তনীয়। সেয়ে কোহলীৰ আঘাত গুৰুতৰ নেকি, সেই বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ আছে সকলো। অনুৰাগীৰ এই চিন্তা তথা শংকাৰ মাজতে কোহলী সন্দৰ্ভত এক আপডেট প্ৰকাশ পাইছে।
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া মেচত কোহলী ফিট হৈ উঠাৰ সমান্তৰালকৈ মেচখনত উপলব্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ কোহলীৰ আঘাত বিশেষ চিন্তনীয় নহয় আৰু অহা দেওবাৰে কটকত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচতে কোহলী দললৈ ঘূৰি আহিব। গতিকে চেম্পিয়নছ ট্ৰফীত কোহলীৰ অংশগ্ৰহণ সম্পূৰ্ণ নিশ্চিত।
এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক দুখন মেচত অংশ লৈ নিজৰ ফৰ্ম ঘূৰাই অনাৰ সুৱৰ্ণ সুযোগ লাভ কৰিব কোহলীয়ে। বিগত কিছুদিন ধৰি তাৰকা ক্ৰিকেটাৰগৰাকী নিজৰ স্বভাৱসিদ্ধ ফৰ্মত নাই। ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়ৰ আশা পূৰণৰ বাবে কোহলী ফৰ্মলৈ অহাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে কটকতেই কোহলীয়ে ফৰ্ম ঘূৰাই পাব বুলি আশাৰে বাট চাইছে সকলোৱে।