বিৰাট কোহলীয়ে অনুৰাগীক দিলে আটাইতকৈ ডাঙৰ ভাল খবৰ! পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত ক’লে…
আপুনি জানেনে বিৰাট কোহলীয়ে পৰৱৰ্তী সময়ত কি ডাঙৰ পদক্ষেপ ল’ব? মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰতে তেওঁ ইয়াৰ উত্তৰ দিছে। এটা অনুষ্ঠানৰ সময়ত বিৰাটে কয় যে, তেওঁৰ পৰৱৰ্তী ডাঙৰ পদক্ষেপ কি হ’ব? বৰ্তমান আই পি এল ২০২৫ত খেলি আছে বিৰাটে।

১৫ ছেকেণ্ডৰ ভিতৰতে বিৰাট কোহলীয়ে নিজৰ অনুৰাগীক দিলে আটাইতকৈ ভাল লগা খবৰটো। বতৰ্তমান সময়ত অনুৰাগীৰ হৃদয় আৰু মনত থকা আটাইতকৈ ডাঙৰ প্ৰশ্নৰ উত্তৰ দিলে কোহলীলে। অৰ্থাৎ এতিয়া আৰু কোনো সন্দেহ বা প্ৰশ্ন নাই। আপুনি নিশ্চয় ভাবিছে বিৰাট কোহলীয়ে এনে কি কৰিলে বা ক’লে? আচলতে এই কথা তেওঁৰ অৱসৰৰ সৈতে জড়িত নহয় বৰঞ্চ ২০২৭ চনৰ বিশ্বকাপত তেওঁৰ খেলা বা নেখেলা সৈতেহে জড়িত। সেই বিষয়ত বিৰাট কোহলীয়ে এতিয়া ১৫ ছেকেণ্ডৰ ভিতৰতে যি কৈছে সেয়া সচাঁকৈ আচৰিত।
কোহলীৰ ‘বিৰাট’ বচন
চেম্পিয়নছ ট্ৰফীৰ পিছত বিৰাট কোহলীৰ ভৱিষ্যত আৰু ২০২৭ চনৰ বিশ্বকাপলৈ তেওঁৰ খেল অব্যাহত ৰখাক লৈ যথেষ্ট চৰ্চা হৈছিল। কিন্তু, এতিয়া কোহলীয়ে ইয়াৰ সন্দৰ্ভত নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিছে। ছ’চিয়েল মিডিয়াত ১৫ ছেকেণ্ডতকৈও কম সময়ৰ ভিডিঅ’ত তেওঁ স্পষ্টকৈ কৈছে যে, তেওঁ ২০২৭ চনৰ বিশ্বকাপ খেলিব বিচৰাই নহয়, জয়ী হ’বও বিচাৰে।
২০২৭ চনৰ বিশ্বকাপ জয় কৰাটোৱেই হ’ব পৰৱৰ্তী ডাঙৰ পদক্ষেপ – বিৰাট
বিৰাট কোহলীক সোধা হৈছিল যে, বৰ্তমান সময়ত তেওঁৰ ডাঙৰ পদক্ষেপ কি হ’ব তাৰ কোনো ইংগিত দিব পাৰিবনে? এই বিষয়ে বিৰাট কোহলীয়ে ক’লে যে মই নাজানো মোৰ পৰৱৰ্তী ডাঙৰ পদক্ষেপ কি হ’ব? কিন্তু হয়তো এনেকুৱাও হ’ব পাৰে যে মই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ চেষ্টা কৰিব পাৰো।
ভিডিঅ’টোৰ পৰা স্পষ্ট হৈ পৰিছে যে বিৰাট কোহলীয়ে এই মুহূৰ্তত অৱসৰ লোৱাৰ কথাও দূৰ-দূৰলৈও চিন্তা কৰা নাই। এতিয়া যদি তেওঁ কিবা চিন্তা কৰিছে তেন্তে সেয়া হৈছে ২০২৭ চনৰ বিশ্বকাপ খেলি জয়ী হোৱাৰ কথা।
Question: Seeing In The Present, Any Hints About The Next Big Step?
Virat Kohli Said: The Next Big Step? I Don’t Know. Maybe Try To Win The Next World Cup 2027.🏆🤞 pic.twitter.com/aq6V9Xb7uU
— virat_kohli_18_club (@KohliSensation) April 1, 2025
২০২৫ চনৰ আইপিএলত বিৰাট কোহলীৰ প্ৰদৰ্শন
২০২৭ চনৰ বিশ্বকাপ জয়ৰ আত্মবিশ্বাসী বিৰাট কোহলী বৰ্তমান আই পি এল ২০২৫ত খেলি আছে। পূৰ্বৰ দৰেই তেওঁ এইবাৰো আৰচিবিৰ অংশ। যিয়ে এতিয়ালৈকে লীগত খেলা দুয়োখন মেচতে জয়লাভ কৰিছে। সেই দুখন মেচত বিৰাট কোহলীয়ে এটা অৰ্ধশতকৰে ৯০ ৰান সংগ্ৰহ কৰিছে।