ধাৱানৰ অৱসৰত বন্ধু বিৰাটৰ আৱেগিক পোষ্টঃ দিলে এই বাৰ্তা…
শনিবাৰে শিখৰ ধাৱানে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছতে বহু ক্ৰিকেটাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰতীয় দলৰ লগতে ঘৰুৱা ক্ৰিকেটতো ধাৱানৰ ক্ৰিয়াৰৰ দীৰ্ঘদিনীয়া সংগী বিৰাট কোহলীয়েও ধাৱানৰ অৱসৰ সন্দৰ্ভত এক আৱেগিক পোষ্ট লিখিছে। এই পোষ্টটোত তেওঁ ধাৱানক উচ্চ প্ৰশংসা কৰি ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছে।
এসময়ত ভাৰতীয় ক্ৰিকেটৰ ত্ৰিমূৰ্তি হিচাপে জনা গৈছিল শচীন, গাংগুলী আৰু দ্ৰাবিড়ৰ যুটিক। এই তিনিগৰাকী তাৰকাই নিজৰ প্ৰদৰ্শনেৰে ভাৰতীয় ক্ৰিকেটক দিছিল এক আকাংক্ষিত গতি, আগবঢ়াই নিছিল সাফল্যৰ দিশেৰে। অনন্য ক্ৰীড়া নৈপুণ্যতাৰে এই তিনি তাৰকা কেৱল ভাৰতীয় ক্ৰিকেটৰেই নহয়, বিশ্ব ক্ৰিকেটৰে মহাতাৰকাত পৰিণত হৈছে। শচীন, গাংগুলী আৰু দ্ৰাবিড় যুটিৰ অৱসৰৰ পিছত ভাৰতীয় ক্ৰিকেটৰ নতুন ত্ৰিমূৰ্তি হিচাপে আত্মপ্ৰকাশ ঘটিছিল বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানৰ।
এই তিনি তাৰকাই বহুকেইটা বছৰ ধৰি ভাৰতীয় বেটিং লাইন আপৰ মূল শক্তি হিচাপে ভূমিকা গ্ৰহণ কৰিছে। অৱশেষত শনিবাৰে ভংগ হ’ল এই ত্ৰিমূৰ্তিৰ। ১৪ বৰ্ষীয় আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটাই ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে শিখৰ ধাৱানে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ধাৱানে অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে।
ধাৱানৰ অৱসৰৰ পিছতে শচীন টেণ্ডুলকাৰকে ধৰি বহু ক্ৰিকেটাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰতীয় দলৰ লগতে ঘৰুৱা ক্ৰিকেটতো ধাৱানৰ কেৰিয়াৰৰ দীৰ্ঘদিনীয়া সংগী বিৰাট কোহলীয়েও ধাৱানৰ অৱসৰ সন্দৰ্ভত এক আৱেগিক পোষ্ট লিখিছে। এই পোষ্টটোত তেওঁ ধাৱানক উচ্চ প্ৰশংসা কৰি ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছে।
বিৰাট কোহলীয়ে এই পোষ্টটোত ধাৱানে জাতীয় দলৰ হৈ নিৰ্ভীক অভিষেক কৰাৰ পৰা ভাৰতৰ অন্যতম নিৰ্ভৰযোগ্য অ’পেনাৰ হৈ পৰা বুলি উল্লেখ কৰে আৰু এই সময়ছোৱাত তেওঁ দল তথা সতীৰ্থসকলক বহু স্মৃতি দি যোৱা বুলি মন্তব্য কৰে। সতীৰ্থ হিচাপে ধাৱানে এৰি যোৱা সকলো স্মৃতিৰ বাবে ধন্যবাদ জনাই খেলপথাৰৰ বাহিৰৰ পৰৱৰ্তী ইনিংছৰ বাবে শুভকামনা জনায় কোহলীয়ে।
Shikhar @SDhawan25 from your fearless debut to becoming one of India’s most dependable openers, you’ve given us countless memories to cherish. Your passion for the game, your sportsmanship and your trademark smile will be missed, but your legacy lives on. Thank you for the…
— Virat Kohli (@imVkohli) August 25, 2024
ভাৰতীয় দলত ধাৱানৰ সৈতে কটোৱা সুখকৰ মুহূৰ্তক স্মৰণ কৰি কোহলীয়ে লগতে খেলৰ প্ৰতি থকা ধাৱানৰ উছাহ, ক্ৰীড়াসুলভ মানসিকতা আৰু লগতে ধাৱানৰ সেই পৰিচিত হাঁহিটো হেৰুৱাব যদিও তেওঁৰ যি চাপ এৰি গ’ল সেয়া চিৰদিনৰ বাবে থাকিব বুলি উল্লেখ কৰে। উল্লেখ্য যে নিজৰ অৱসৰৰ কথা ঘোষণা কৰাৰ সময়ত ধাৱানে কেৰিয়াৰৰ কিছু সুঁৱৰিছিল ধাৱানে।
এই সময়ত তেওঁ বিৰাট কোহলীক আটাইতকৈ ধেমেলীয়া বুলি অভিহিত কৰিছিল। ধাৱানে অৱসৰ ঘোষণা কৰি পোষ্ট কৰা ভিডিঅ’টোত সৰুৰে পৰা তেওঁ কোহলীৰ সৈতে ক্ৰিকেট খেলিছে আৰু দুয়োৰে মাজত যথেষ্ট ভাল বন্ধুত্ব আছে বুলি উল্লেখ কৰিছিল। জাতীয় দলত দুয়ো তাৰকাই একেলগে ২২১খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে আৰু এই সময়ছোৱাত দুয়ো দলৰ হৈ ২০ হাজাৰতকৈ অধিক ৰান সংগ্ৰহ কৰিছে।