শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিচিচিআইৰ কঠোৰ স্থিতিৰ ফলঃ ৰঞ্জীলৈ উভতিল কোহলী, পণ্ট; এইগৰাকী যুৱ খেলুৱৈ হ’ব অধিনায়ক

বিচিচিআইয়ে এতিয়াৰ পৰা ভাৰতীয় দললৈ নিৰ্বাচিত হোৱাৰ বাবে সকলো খেলুৱৈৰ বাবে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ বাধ্যতামূলক কৰিছে। এনে কঠোৰ নিয়ম প্ৰৱৰ্তনৰ পিছত এতিয়া ভাৰতীয় দলৰ ছিনিয়ৰ খেলুৱৈসকলো নিয়ম মানি চলিবলৈ বাধ্য হৈ পৰিছে। ৰঞ্জী ট্ৰফীৰ বাবে দিল্লীয়ে ঘোষণা কৰা দলতো দেখা গৈছে ইয়াৰ প্ৰভাৱ।

বিচিচিআইৰ কঠোৰ স্থিতিৰ ফলঃ ৰঞ্জীলৈ উভতিল কোহলী, পণ্ট; এইগৰাকী যুৱ খেলুৱৈ হ’ব অধিনায়ক
দিল্লী দলত অন্তৰ্ভুক্ত কোহলী আৰু পণ্ট
monjit-dutta
Monjit Dutta | Published: 17 Jan 2025 16:04 PM

ক্ৰমাৎ অধিক কঠোৰ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই। দলত অনুশাসন বজাই ৰখাৰ লক্ষ্যৰে বিচিচিআইয়ে প্ৰৱৰ্তন কৰিছে বহু কঠোৰ নিয়ম। এনে নিয়ম মানি নচলিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো নিশ্চয়তা দিছে ব’ৰ্ডে। খেলুৱৈৰ লগতে দলৰ সকলো সদস্য আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব’ৰ্ডে ১০টা নিয়ম বান্ধি দিছে। বিচিচিআইৰ এই কঠোৰ স্থিতিৰ পিছত এতিয়া ভাৰতীয় ক্ৰিকেটাৰসকলো সতৰ্ক হৈ পৰিছে। এই ১০টা নিয়মৰ ভিতৰত বিচিচিআইৰ অন্যতম প্ৰধান নিয়ম হৈছে ঘৰুৱা ক্ৰিকেটত খেলুৱৈৰ অংশগ্ৰহণ।

বিচিচিআইয়ে এতিয়াৰ পৰা ভাৰতীয় দললৈ নিৰ্বাচিত হোৱাৰ বাবে সকলো খেলুৱৈৰ বাবে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ বাধ্যতামূলক কৰিছে। অন্যথা কোনো খেলুৱৈয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ নকৰিব। ইয়াৰ পিছতো যদি জাতীয় দলৰ কোনো খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বিৰতি ল’ব বিচাৰে, তেতিয়া খেলুৱৈগৰাকীয়ে বাছনি সমিতিক আগতীয়াকৈ অৱগত কৰিব লাগিব বুলি বিচিচিআইয়ে স্পষ্ট কৰি দিছে।

এনে কঠোৰ নিয়ম প্ৰৱৰ্তনৰ পিছত এতিয়া ভাৰতীয় দলৰ ছিনিয়ৰ খেলুৱৈসকলো নিয়ম মানি চলিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰে ফলশ্ৰুতিত এতিয়া ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিছে ছিনিয়ৰ খেলুৱৈসকলৰো। ৰঞ্জী ট্ৰফীৰ বাবে দিল্লীয়ে ঘোষণা কৰা দলতো দেখা গৈছে ইয়াৰ প্ৰভাৱ। ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম অভিজ্ঞ তাৰকা বিৰাট কোহলীক ৰঞ্জী ট্ৰফীৰ বাবে ঘোষিত দলটোত অন্তৰ্ভুক্ত কৰিছে দিল্লীয়ে। কোহলীৰ লগতে দলটোত স্থান দিয়া হৈছে ঋষভ পণ্টকো।

উল্লেখ্য যে সুদীৰ্ঘ ১৩ বছৰৰ পাছত ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন ঘটিছে বিৰাট কোহলীৰ। একেদৰে ঋষভ পণ্টকো ৮ বছৰৰ দীঘলীয়া সময়ৰ পাছত এই প্ৰতিযোগিতাত দেখা যাব। লক্ষণীয়ভাৱে এই দুয়োগৰাকী অভিজ্ঞ খেলুৱৈয়ে এগৰাকী যুৱ খেলুৱৈৰ নেতৃত্বত খেলিব ৰঞ্জী ট্ৰফীত। দিল্লীৰ ঘোষিত এই দলটোত অধিনায়কৰ দায়িত্বত আছে আয়ুষ বাদনী। অৱশ্যে দলত স্থান লাভ কৰিলেও সৌৰাষ্ট্ৰৰ বিৰুদ্ধে কোহলীৰ অংশগ্ৰহণ নিশ্চিত হোৱা নাই।

প্ৰকাশিত খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ বিপক্ষে ছিডনী টেষ্টৰ সময়ত বিৰাট কোহলীয়ে ডিঙিত আঘাত পাইছিল আৰু এই আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই। যদি কোহলী ফিট নহয় তেন্তে তেওঁ এই মেচত খেলিব নোৱাৰিব যদিও ৰাজকোটত দলৰ সৈতে তেওঁ নিশ্চিতভাৱে উপস্থিত থাকিব। আনহাতে পণ্টে এই মেচখন খেলাটো নিশ্চিত। দিল্লী দলৰ বাবে ৰঞ্জীত এই দুগৰাকী খেলুৱৈৰ উপস্থিতি নিশ্চিতভাৱে অনন্য শক্তি হ’ব।

লক্ষণীয়ভাৱে ৰঞ্জী ট্ৰফীত ঋষভ পণ্টে এইপৰ্যন্ত ১৭খন মেচত ৫৮.১২ গড়ে ১৩৯৫ ৰান সংগ্ৰহ কৰিছে। প্ৰতিযোগিতাখনত তেওঁৰ নামত আছে ৪টাকৈ শতক আৰু অৰ্ধশতক। তদুপৰি ৰঞ্জীত তেওঁ ৩০৮ ৰানৰ এক চমকপ্ৰদ ইনিংছৰো অধিকাৰী। আনহাতে বিৰাট কোহলীয়ে ৰঞ্জী ট্ৰফীৰ ২৩খন খেলত ৫০.৭৭ গড়ে ১৫৭৪ ৰান সংগ্ৰহ কৰিছে। এই ঘৰুৱা প্ৰতিযোগিতাখনত তেওঁ পাঁচটা শতক অৰ্জন কৰিছে।

Latest News