শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়লৈ উভতিব কোহলী! এই চৰ্ত পূৰ হ’লেই দেখা যাব চমু ফৰ্মেটত

টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাৰ পিছতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিৰাট কোহলীয়ে। পিছে শেহতীয়াকৈ কোহলীয়ে কৰা এক মন্তব্যই অনুৰাগীৰ মাজত চৰ্চাৰ লহৰ তুলিছে। এক অনুষ্ঠানৰ সময়ত কোহলীয়ে টি-২০ ফৰ্মেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ ইঙ্গিত প্ৰদান কৰিছে। অৱশ্যে ইয়াৰ বাবে তেওঁ এক চৰ্তও আৰোপ কৰিছে।

পুনৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়লৈ উভতিব কোহলী! এই চৰ্ত পূৰ হ’লেই দেখা যাব চমু ফৰ্মেটত
টি-২০লৈ উভতিব কোহলী!
monjit-dutta
Monjit Dutta | Published: 16 Mar 2025 18:17 PM

আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছতে ক্ৰিকেট বিশ্বত দেখা যাব আই পি এলৰ উন্মাদনা। এই প্ৰতিযোগিতাৰ জৰিয়তে পুনৰ এবাৰ ক্ৰিকেটৰ চমু ফৰ্মেটটোত দেখা যাব তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক। বিগত বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাৰ পিছতে অধিনায়ক ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাৰ লগতে কোহলীয়েও টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। দেশৰ উদীয়মান খেলুৱৈসকলক সুযোগ দিয়াৰ স্বাৰ্থত তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয়ক বিদায় দিছিল।

পিছে শেহতীয়াকৈ কোহলীয়ে কৰা এক মন্তব্যই অনুৰাগীৰ মাজত চৰ্চাৰ লহৰ তুলিছে। এক অনুষ্ঠানৰ সময়ত কোহলীয়ে টি-২০ ফৰ্মেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ ইঙ্গিত প্ৰদান কৰিছে। অৱশ্যে ইয়াৰ বাবে তেওঁ এক চৰ্তও আৰোপ কৰিছে। শনিবাৰে আই পি এল ২০২৫ৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ শিবিৰত যোগদান কৰে বিৰাট কোহলীয়ে। ইয়াৰ পিছতে ফ্ৰেঞ্চাইজিটোৱে এক অনুষ্ঠানৰ আয়োজন কৰে।

এই অনুষ্ঠানটোত কোহলীক বহুকেইটা প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নসমূহৰ ভিতৰত ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা আৰু অলিম্পিকত কোহলীৰ অংশগ্ৰহণ সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ উত্তৰত কোহলীয়ে টি-২০ৰ পৰা অৱসৰ প্ৰত্যাহাৰ কৰাৰ ইংগিত প্ৰদান কৰে। অৱশ্যে সমগ্ৰ প্ৰতিযোগিতাতে খেলাৰ সম্ভাৱনাও তেওঁ নাকচ কৰে। অৱসৰৰ পৰা পুনৰ ঘূৰি অহাৰ ক্ষেত্ৰত তেওঁ দিয়ে এক বিশেষ চৰ্ত।

তেওঁ কয়, “মই অলিম্পিক খেলিবলৈ অৱসৰ প্ৰত্যাহাৰ নকৰো। কিন্তু যদি ভাৰতীয় দলে ফাইনেলত প্ৰৱেশ কৰে আৰু আমি সোণৰ পদকৰ বাবে মেচ খেলিবলগা হয়, তেতিয়া এই মেচখনৰ বাবে মই পুনৰ খেলিব পাৰোঁ আৰু পদক হাতত লৈ ঘৰলৈ উভতিম।” অলিম্পিকৰ পদক জয় নিশ্চিতভাৱে যথেষ্ট সুখদায়ক হ’ব বুলিও তেওঁ লগতে কয়। অৱশ্যে কোহলীয়ে এই উত্তৰ ধেমালিৰ চলেৰেহে দিয়া বুলিব পাৰি।

২০২৮ চনত পৰৱৰ্তী অলিম্পিক অনুষ্ঠিত হ’ব আৰু সেইসময়লৈ কোহলীৰ বয়সো প্ৰায় ৪০ বছৰ হ’ব। এনে পৰিপ্ৰেক্ষিতত কোহলীৰ অলিম্পিকত অংশগ্ৰহণৰ সম্ভাৱনা নাই বুলিব পাৰি। অনুষ্ঠানত কোহলীয়ে লগতে তেওঁৰ অৱসৰৰ সিদ্ধান্ত সন্দৰ্ভতো মন্তব্য কৰে। কোহলীয়ে কয় যে তেওঁ বৰ্তমানো ক্ৰিকেট উপভোগ কৰি আছে আৰু সেয়ে তেওঁ অৱসৰ সন্দৰ্ভত তেনে কোনো ঘোষণা কৰাৰ কথা এইমুহূৰ্তত ভবা নাই।