শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৮ কোটি টকাৰ বৃহৎ লোকচান বিৰাট কোহলীৰ! কিয় হ’ল এনে পৰিস্থিতি…

মেগা নিলামৰ পূৰ্বে প্ৰকাশ কৰা ৰিটেইন তালিকাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কোহলীক ২১ কোটি টকাৰ বৃহৎ মূল্যৰ বিনিময়ত ৰিটেইন কৰিছিল। পিছে শেহতীয়া প্ৰতিবেদন অনুসৰি কোহলীয়ে নিলামত ২১ কোটি টকা লাভ কৰিছিল যদিও ইয়াৰ পৰা তেওঁ ১৩ কোটি টকাহে উপাৰ্জন কৰিব। অৰ্থাৎ তেওঁৰ দৰমহাৰ পৰা ৮ কোটি টকা কৰ্তন কৰা হ’ব।

৮ কোটি টকাৰ বৃহৎ লোকচান বিৰাট কোহলীৰ! কিয় হ’ল এনে পৰিস্থিতি…
বিৰাট কোহলীৰ হ’ব ৮ কোটি টকাৰ লোকচান
monjit-dutta
Monjit Dutta | Published: 28 Mar 2025 20:45 PM

ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া আই পি এলৰ ৰোমাঞ্চ। বিশ্বৰ এই ধনাঢ্য ক্ৰিকেট প্ৰতিযোগিতাৰ ১৮ সংখ্যক সংস্কৰণে খেলুৱৈসকললৈ আনিছিল ধনৰ ব্যাপক ভঁৰাল। ফ্ৰেন্সাইজিসমূহে নিজা দল শক্তিশালী কৰি তোলাৰ স্বাৰ্থত খেলুৱৈৰ বাবে খৰচ কৰিছিল কোটি কোটি টকাৰ। ইফালে প্ৰতিযোগিতাৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পুনৰ এবাৰ নিজ দলত ৰিটেইন কৰিছিল সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা বিৰাট কোহলীক। প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰাই আৰচিবিক প্ৰতিনিধিত্ব কৰি অহা কোহলীৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰে দলটোৱে।

মেগা নিলামৰ পূৰ্বে প্ৰকাশ কৰা ৰিটেইন তালিকাত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কোহলীক ২১ কোটি টকাৰ বৃহৎ মূল্যৰ বিনিময়ত ৰিটেইন কৰিছিল। এইদৰে আই পি এল ইতিহাসত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিমাণৰ ধনৰাশি লাভ কৰিছিল কোহলীয়ে। পিছে শেহতীয়া প্ৰতিবেদন অনুসৰি কোহলীয়ে নিলামত ২১ কোটি টকা লাভ কৰিছিল যদিও ইয়াৰ পৰা তেওঁ ১৩ কোটি টকাহে উপাৰ্জন কৰিব। অৰ্থাৎ তেওঁৰ দৰমহাৰ পৰা ৮ কোটি টকা কৰ্তন কৰা হ’ব।

পিছে কোহলীৰ এই ৮ কোটি টকা লোকচানৰ আঁৰৰ কাৰণ কি? প্ৰকৃততে আয়কৰ আইন, ১৯৬১ৰ নিয়ম অনুসৰি আই পি এলৰ উপাৰ্জনক ‘ব্যৱসায় বা পেছাৰ পৰা পোৱা আয়’ হিচাপে গণ্য কৰা হয়। গতিকে এই আয় সৰ্বোচ্চ কৰ ব্ৰেকেটৰ অধীনলৈ আহে। অৰ্থাৎ কোহলীৰ আয় ১৫ লাখতকৈ অধিক হোৱাৰ বাবে ২১ কোটি টকাৰ দৰমহাৰ ওপৰত ৩০% কৰ দিব লাগিব। সেই অনুসৰি কোহলীয়ে ৬.৩ কোটি টকা।

একে সময়তে আইন অনুসৰি যদি আয় ৫ কোটিতকৈ অধিক হয়, তেতিয়া কৰৰ উপৰিও ২৫% চাৰচাৰ্জো পৰিশোধ কৰিব লাগে। এই নিয়ম অনুসৰি এতিয়া কোহলীৰ দৰমহাৰ পৰা আৰু ১.৫৭৫ কোটি টকা কৰ্তন কৰা হ’ব। ইয়াৰ পিছত তেওঁ মুঠ কৰত ৪% চেচ কৰ হিচাপে ৩১ লাখ টকা পৃথকে পৰিশোধ কৰিব লাগিব। এইদৰে কোহলীৰ দৰমহাৰ পৰা মুঠ ৮.১৮৫ কোটি টকা কৰ্তন কৰা হ’ব আৰু তেওঁ লাভ কৰিব মাত্ৰ ১২.৮১৫ কোটি টকা।

উল্লেখ্য যে বিৰাট কোহলীয়ে ২০০৮ চনৰ উদ্বোধনী ছিজনৰ পৰাই আই পি এল যাত্ৰা আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ দৰমহা আছিল মাত্ৰ ১২ লাখ টকা। তিনিটা ছিজনৰ পিছত ২০১১ চনত কোহলীৰ দৰমহা ৮.২৮ কোটিলৈ বৃদ্ধি পায়। আনহাতে, ২০১৪ চনৰ পৰা ২০১৭ চনলৈ তেওঁৰ দৰমহা ১২ কোটি টকা হোৱাৰ বিপৰীতে ২০১৮ চনৰ পৰা ২০২১ চনলৈ ১৭ কোটি টকা হয়। ২০২২ চনৰ পৰা ২০২৪ চনলৈ তেওঁ ১৫ কোটি টকা পাইছিল, এতিয়া তেওঁৰ দৰমহা ২১ কোটি টকা হৈছে।