5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাৰত এৰি ইংলেণ্ডৰ বাসিন্দা হ’ব কোহলী! প্ৰশিক্ষকে দিলে আগজাননী…

ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত কোহলীয়ে ভাৰত ত্যাগ কৰিব নেকি, সেই লৈ প্ৰায়ে চৰ্চা হোৱা দেখা যায়। বিগত কিছুদিনৰ পৰা কোহলীয়ে কোনো টুৰ্ণামেণ্ট বা শৃংখলাৰ পিছতে সপৰিবাৰে লণ্ডনত সময় কটোৱা পৰিলক্ষিত হৈ আহিছে। এনে কাৰণতে অৱতাৰণা হৈছে এই প্ৰশ্নৰ। কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই এই সন্দৰ্ভত শেহতীয়াকৈ কিছু মন্তব্য কৰিছে।

ভাৰত এৰি ইংলেণ্ডৰ বাসিন্দা হ’ব কোহলী! প্ৰশিক্ষকে দিলে আগজাননী…
লণ্ডনৰ বাসিন্দা হ’ব কোহলী!
monjit-dutta
Monjit Dutta | Published: 19 Dec 2024 16:12 PM

পাঁচখনীয়া মেচৰ চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্টৰ বুধবাৰে সামৰণি পৰে। এই মেচখনৰ পিছতে সকলোকে আশ্চৰ্যচকিত কৰি অৱসৰ ঘোষণা কৰে ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। অশ্বিনৰ আকস্মিক সিদ্ধান্তই প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীকে দুখ দিছে। সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটৰ আন কেইগৰাকীমান জ্যেষ্ঠ তাৰকাৰ আগন্তুক সময়ৰ সম্ভাৱ্য সিদ্ধান্ত সন্দৰ্ভতো আলোচনা হৈছে। এইক্ষেত্ৰত প্ৰথমেই আহিছে বিৰাট কোহলীৰ নাম। বিগত প্ৰায় ডেৰ দশক ধৰি ভাৰতীয় বেটিং লাইন আপত শক্তি বহন কৰি অহা কোহলীৰ বিশ্বজুৰি অগণন অনুৰাগী আছে।

নিৰ্দিষ্ট সময়ত কোহলীৰ অৱসৰৰ সিদ্ধান্তই নিশ্চিতভাৱে অনুৰাগীৰ মাজত শোকৰ ছাঁ পেলাব। পিছে অৱসৰৰ পিছৰ সময়ক কেন্দ্ৰ কৰি আন এক প্ৰশ্নৰো অৱতাৰণা হৈছে। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত কোহলীয়ে ভাৰত ত্যাগ কৰিব নেকি, সেই লৈ প্ৰায়ে চৰ্চা হোৱা দেখা যায়। বিগত কিছুদিনৰ পৰা কোহলীয়ে কোনো টুৰ্ণামেণ্ট বা শৃংখলাৰ পিছতে সপৰিবাৰে লণ্ডনত সময় কটোৱা পৰিলক্ষিত হৈ আহিছে। এনে কাৰণতে অৱতাৰণা হৈছে এই প্ৰশ্নৰ।

ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত বিৰাট কোহলীয়ে পৰিয়ালৰ সৈতে লণ্ডনতে বসতি কৰিব। কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই এই নিশ্চিতি প্ৰদান কৰিছে। বৰ্তমান ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়াত আছে কোহলী। তেওঁৰ পত্নী অনুষ্কা শৰ্মাও এইসময়ত অষ্ট্ৰেলিয়াত আছে। এই শৃংখলাৰ পিছতো হয়তো কোহলী আৰু অনুষ্কাক তেওঁলোকৰ সন্তানৰ সৈতে লণ্ডনত দেখা পোৱা যাব পাৰে।

কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই এক সাক্ষাৎকাৰত কয় যে বিৰাটে পত্নী অনুষ্কা আৰু দুয়োটা সন্তানৰ সৈতে লণ্ডনত থিতাপি ল’ব। সাক্ষাৎকাৰটোত কোহলীয়ে চিৰদিনৰ বাবে ভাৰত এৰি লণ্ডনত বসতি স্থাপন কৰাৰ পৰিকল্পনা কৰিছে নেকি বুলি এক প্ৰশ্ন কৰা হৈছিল আৰু এই প্ৰশ্নৰ উত্তৰতে ৰাজকুমাৰ শৰ্মাই কোহলীৰ এনে পৰিকল্পনাৰ কথা নিশ্চিত কৰে আৰু অতি সোনকালে সেয়া হোৱা দেখা যাব বুলিও উল্লেখ কৰে।

ইফালে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছত কোহলীয়ে অৱসৰ ল’ব পাৰে নেকি বুলিও এই সাক্ষাৎকাৰত প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত ৰাজকুমাৰ শৰ্মাই তেনে সম্ভাৱনা নাকচ কৰে আৰু বিৰাট কোহলী এতিয়াও যথেষ্ট ফিট হৈ আছে বুলি আঙুলিয়াই দিয়ে। “তেওঁ এতিয়াও ইমান বয়সীয়াল হোৱা নাই। তেওঁ আৰু ৫ বছৰ ক্ৰিকেট খেলিব পাৰিব।মই বিৰাটক ১০ বছৰ বয়সৰ পৰাই চিনি পাইছো। এতিয়াও তেওঁৰ মাজত ক্ৰিকেটৰ বহুখিনি বাকী আছে।”- প্ৰশিক্ষকগৰাকীয়ে লগতে কয়।

বিৰাট কোহলীৰ দৰে খেলুৱৈৰ জন্ম দশক দশকত হয় বুলি উল্লেখ কৰি তেওঁ লগতে বিৰাটৰ দৰে খেলুৱৈক তুচ্ছজ্ঞান কৰিব নোৱাৰি বুলি মন্তব্য কৰে। উল্লেখ্য যে, বিগত কিছু বৰ্ষত কোহলীৰ স্বাভাৱিক ফৰ্ম লোপ পোৱা পৰিলক্ষিত হৈছে। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো কোহলীয়ে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছৰ শতকীয় ইনিংছটোৰ বাদে তিনিখন টেষ্টৰ আন চাৰিটা ইনিংছত চূড়ান্ত ব্যৰ্থ হৈছে।

Latest News