চেম্পিয়নছ ট্ৰফীত ভাৰতৰ জয়… স্বাস্থ্যৰ অৱনতি ঘটিল PCBৰ অধ্যক্ষ মহছিন নকৱীৰ! মঞ্চত দেখা নগ’ল এজনো বিষয়াক
ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল খেলখনত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়ন হ'ল ভাৰত। কিন্তু, ইয়াৰ পিছত যেতিয়া বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত মঞ্চত দেখা নগ’ল আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো বিষয়াক। ইয়াকে লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজক আছিল পাকিস্তান। কিন্তু যেতিয়া প্ৰতিযোগিতাখনৰ ফাইনেল মেচ ডুবাইত অনুষ্ঠিত হয়। কিন্তু বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো বিষয়াক দেখা পোৱা নগ’ল। এতিয়া এনে পৰিস্থিতিক লৈ বিতৰ্ক হোৱাটো স্বাভাৱিক। ইয়াৰ মাজতে ছোয়েইব আখতাৰৰ বক্তব্যই যেন জ্বলি থকা জুইত ঘিউ ঢলাৰ কাম কৰিছে । তেওঁ কয় যে কিয় এনেকুৱা হ’ল সেয়া বুজিব পৰা নাই। অৱশ্যে ইয়াৰ আঁৰৰ কাৰণ বৰ্ণনা কৰিলে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাছিম আক্ৰমে। তেওঁ কোৱা কথাৰ পৰা স্পষ্ট হৈ পৰিল যে PCBৰ অধ্যক্ষক কেৱল বঁটা প্ৰদান অনুষ্ঠানতে নহয়,চেম্পিয়নছ ট্ৰফীৰ সময়ত এদিনো কিয় ডুবাইতো দেখা গ’ল?
ৱাছিম আক্ৰামৰ মতে, পিচিবিৰ অধ্যক্ষ মহছিন নকৱীয়ে ফাইনেলৰ বাবে ডুবাইত নপৰাৰ আচল কাৰণ আছিল তেওঁৰ স্বাস্থ্য। স্পৰ্টছ চেণ্ট্ৰেল নামৰ এটা ইউটিউব চেনেলত এই বিষয়ে তথ্য প্ৰকাশ কৰি তেওঁ কয় যে, মই জনাত পিচিবিৰ চেয়াৰমেনৰ স্বাস্থ্য ভাল নহয়, যাৰ বাবে তেওঁ ফাইনেললৈ যাব পৰা নাছিল। ৱাছিম আক্ৰমে আৰু কয় যে, যদিও পিচিবিৰ দুজন বিষয়া- সুমেৰ আহমেদ আৰু উছমান ৱালা নিশ্চিতভাৱে তাত উপস্থিত হৈছিল, কিন্তু তেওঁলোকে কিয় মঞ্চত নগ’ল সেয়া জানিব পৰা হোৱা নাই।
ইয়াৰ পূৰ্বে ছোয়েইব আখতাৰেও ফাইনেলৰ বঁটা প্ৰদান অনুষ্ঠানত পিচিবিৰ অধ্যক্ষ বা আন কোনো বিষয়াৰ অনুপস্থিতিত প্ৰশ্ন উত্থাপন কৰিছিল। এই কথা তেওঁ বুজিব পৰা নাই বুলি উল্লেখ কৰে। বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাত এনেকুৱা হোৱাটো এক চিন্তনীয় বিষয়। তেওঁলোক মঞ্চত থাকিব লাগিছিল। কিন্তু দুখৰ বিষয় যে আমি সেইটোও চাবলৈ নাপালোঁ।
This is literally beyond my understanding.
How can this be done???#championstrophy2025 pic.twitter.com/CPIUgevFj9— Shoaib Akhtar (@shoaib100mph) March 9, 2025
ভাৰতৰ চেম্পিয়নছ ট্ৰফী লাভ, খিতাপ দিলে আইচিচিৰ অধ্যক্ষই
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ কথা ক’বলৈ গ’লে ভাৰতে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শিৰত বিজয়ীৰ মুকুট পিন্ধে। টীম ইণ্ডিয়াই লাভ কৰা এয়া তৃতীয় চেম্পিয়নছ ট্ৰফী খিতাপ। ইয়াৰ পূৰ্বে তেওঁ ২০০২ আৰু ২০১৩ চনত এই খিতাপ দখল কৰিছিল। চেম্পিয়ন হোৱাৰ পিছত ভাৰতে আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ পৰা এই ট্ৰফী লাভ কৰে।