অভিষকতে শতকেৰে ইতিহাস! ক্ৰিকেট বিশ্বত চৰ্চিত কোন এই আমিৰ জাংগু…
ৱেষ্ট ইণ্ডিজৰ উদীয়মান উইকেটকীপাৰ বেটাৰ আমিৰ জাংগুৱে কালি বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। মাত্ৰ ৮৩টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিত ১০৪ ৰান সংগ্ৰহ কৰি মেচ বিজয়ী ইনিংছ খেলে আমিৰ জাংগুৱে। অভিষেক মেচতে শতক অৰ্জন কৰি জাংগুৱে ইতিহাস ৰচনা কৰিছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাতীয় দলৰ হৈ আত্মপ্ৰকাশৰ সুযোগ পোৱাৰ পিছত প্ৰতিগৰাকী খেলুৱৈয়েই নিজৰ সৰ্বোচ্চ উজাৰি দলত নিজৰ স্থান নিগাজী কৰাৰ চেষ্টা চলায়। অভিষেকৰ সময়তে যদি তেনে প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়, তেতিয়া স্বাভাৱিকতেই সোণত সুৱগা চৰে। তেনে এক প্ৰদৰ্শনেৰেই এতিয়া ক্ৰিকেট বিশ্বত চৰ্চিত হৈ পৰিছে এগৰাকী নতুন খেলুৱৈ। নাম আমিৰ জাংগু। ৱেষ্ট ইণ্ডিজৰ এই উদীয়মান উইকেটকীপাৰ বেটাৰগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়।
এই অভিষেক মেচখনতে শতক অৰ্জন কৰি আমিৰ জাংগুৱে ইতিহাস ৰচনা কৰিছে। বিগত প্ৰায় আধা শতিকাৰ পিছত কোনো কেৰিবিয়ান ক্ৰিকেটাৰে অৰ্জন কৰিল এনে কৃতিত্ব। ইয়াৰ পিছতে সমগ্ৰ ক্ৰিকেট বিশ্বতে চৰ্চিত হৈ পৰে আমিৰ জাংগুৰ নাম। বাংলাদেশৰ বিৰুদ্ধে এই মেচখনত ৱেষ্ট ইণ্ডিজে অনুসৰণ কৰিছিল ৩২২ ৰানৰ বৃ্হৎ লক্ষ্য। এই লক্ষ্য অনুসৰণ কৰি ৮৬ ৰানতে ৪টা উইকেট হেৰুৱাইছিল ৱেষ্ট ইণ্ডিজে।
ইয়াৰ পিছতে আৰম্ভ হয় আমিৰ শ্ব’। মাত্ৰ ৮৩টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিত ১০৪ ৰান সংগ্ৰহ কৰি মেচ বিজয়ী ইনিংছ খেলে আমিৰ জাংগুৱে। এই ইনিংছটোৰ বাবে তেওঁ লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। জাংগুৰ এই শতক আন এক দিশৰ পৰাও বিশেষ হৈ পৰে। ডেচমণ্ড হেইনছৰ পিছত এদিনীয়া অভিষেকত শতক অৰ্জন কৰা ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়জন পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে আমিৰ জাংগু।
হেইনছে ১৯৭৮ চনত এই অনন্য কৃতিত্ব অৰ্জন কৰিছিল। এতিয়া ৪৬ বছৰৰ পাছত আমিৰ জাংগুৱে এই কৃতিত্ব অৰ্জন কৰি বিশ্ব ক্ৰিকেটৰ দৃষ্টি আকৰ্ষণ কৰিছে। মেচখনত ৱেষ্ট ইণ্ডিজৰ জয়ৰ নায়ক হিচাপে পৰিগণিত হোৱা আমিৰ জাংগুৱে মেচৰ পিছত জানিবলৈ দিয়ে তেওঁৰ এই অসাধাৰণ বেটিঙৰ আঁৰৰ কিছু কথা। তেওঁ জানিবলৈ দিয়া মতে মেচখনত বেটিঙৰ সময়ত তেওঁ মাত্ৰ বন্ধু কেছি কাৰ্টিৰ কথা শুনিছিল।
উইকেটৰ আনটো মূৰত কাৰ্টি থকাৰ বাবে অভিষেক মেচত বেটিং কৰাটো তেওঁৰ বাবে সহজ হৈ পৰিল বুলি উল্লেখ কৰে জাংগুৱে। কাৰ্টিয়ে তেওঁক বেটিঙৰ সময়ত কেৱল অভিষেকৰ এই বিশেষ ক্ষণটি উপভোগ কৰি নিজৰ স্বাভাৱিক খেল খেলিবলৈ পৰামৰ্শ দিয়া বুলি জাংগুৱে লগতে কয়। খেলুৱৈগৰাকীয়ে লগতে উল্লেখ কৰা মতে তেওঁ ৫০ অভাৰত ৩২২ ৰান সংগ্ৰহৰ লক্ষ্যৰ কথা চিন্তা কৰা নাছিল।
বৰঞ্চ তেওঁ নিজৰ বাবে ১০-১০ অভাৰৰ সৰু লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্য সম্পূৰ্ণ কৰি থাকিল বুলি জানিবলৈ দিয়ে জাংগুৱে। আৰু এনে কৌশলৰ ফলাফল এতিয়া সকলোৰে সন্মুখত। উল্লেখ্য যে আমিৰ জাংগু নামৰ এই ২৭ বছৰীয়া উইকেটকীপাৰ বেটছমেনগৰাকী ট্ৰিনিদাদৰ খেলুৱৈ। ঘৰুৱা ক্ৰিকেটত তেওঁ এইপৰ্যন্ত ৯৮খন মেচ খেলিছে। ঘৰুৱা ক্ৰিকেটত তেওঁৰ নামত ৩৫০০ৰো অধিক ৰান আছে। এই সময়ছোৱাত তেওঁ ৩টা শতক আৰু ২১টা অৰ্ধশতক অৰ্জন কৰিছে।