চেম্পিয়নছ ট্ৰফীত একেখন খেলপথাৰতে আটাইকেইখন খেল খেলিছে ভাৰতে; কি কয় ছাৰ ভিভ ৰিছাৰ্ডছে
ভাৰতে ডুবাইত খেল খেলাক লৈও বহুতেই বহু মন্তব্য কৰিছে । একেখন ষ্টেডিয়ামতে খেলিবলৈ পোৱা বাবে ভাৰতৰ বাবে জয়ী হোৱাতো সহজ বুলিও বহুতেই কৈছে । অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক পেট কামিন্সেও ভাৰতে একেখন খেলপথাৰতে খেলাকলৈ মন্তব্য কৰিছিল ।

পাকিস্তানে অনুষ্ঠিত কৰা আই চি চি চেম্পিয়নছ ট্ৰফী বৰ্তমান ছেমি ফাইনেল পৰ্যায়ত উপনীত হৈছে । আজি প্ৰথমখন ছেমিত মুখামুখি হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়া । চেম্পিয়নছ ট্ৰফীৰ আয়োজন চলাৰ সময়ৰ পৰাই চৰ্চা চলিছিল ভাৰতৰ বাবে নিৰ্ধাৰিত খেল পথাৰক লৈ । কিয়নো ভাৰতীয় দলটোক পাকিস্তানত খেলিবলৈ অনুমতি দিয়া নাছিল ভাৰত চৰকাৰে । আনহাতে পাকিস্তান আঁকোৰগোজ হৈ আছিল ভাৰতক পাকিস্তানত খেলাবলৈ । অৱশেষত হাইব্ৰিড মডেল অনুসৰি ভাৰতৰ সকলো খেল ডুবাইত অনুষ্ঠিত কৰা হয় ।
কিন্তু ভাৰতে ডুবাইত খেল খেলাক লৈও বহুতেই বহু মন্তব্য কৰিছে । একেখন ষ্টেডিয়ামতে খেলিবলৈ পোৱা বাবে ভাৰতৰ বাবে জয়ী হোৱাতো সহজ বুলিও বহুতেই কৈছে । অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক পেট কামিন্সেও ভাৰতে একেখন খেলপথাৰতে খেলাকলৈ মন্তব্য কৰিছিল ।
ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ভিভ ৰিচাৰ্ডছক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ভাৰতৰ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলৰ সময়সূচী ডুবাই ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত একক স্থানত নিৰ্ধাৰণ কৰা সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল । ৰিচাৰ্ডছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইন আৰু মাইকেল আথাৰটনৰ আৱেগক প্ৰতিধ্বনিত কৰে, যিসকলে বিশ্বাস কৰে যে ভাৰতে ডুবাইত নিজৰ মেচ খেলাৰ ক্ষেত্ৰত বৃহৎ সুবিধা লাভ কৰাৰ বিপৰীতে আন দলসমূহে বিভিন্ন স্থানলৈ যাত্ৰা, প্ৰস্তুতি আৰু দল নিৰ্বাচন কৰিবলগীয়া হয় ।
সংবাদ সংস্থা পিটিআইয়ে উল্লেখ কৰা মতে তেওঁ কয়, “মানুহে তেনেকৈ ক’বলৈ এটা কাৰণ থাকিব পাৰে । মই অনুমান কৰিছোঁ যে সেয়া ৰাজনীতিৰ বাবেই । মই কথাবোৰৰ ৰাজনৈতিক দিশত সোমাব নিবিচাৰো । কিন্তু মোৰ বিশ্বাস খেলখন পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থকাসকল অৰ্থাৎ আই চি চিৰহে সমস্যা হৈছে । মই বিচাৰিম যে তেওঁলোকে এটা উত্তৰ উলিয়াওক, কিয় ? যদি তেওঁলোক ক্ৰিকেটৰ শাসকীয় সংস্থা, তেন্তে বৰ্তমান কিয় তেনেকুৱা হৈছে ? মই সঁচাকৈয়ে বিশ্বাস কৰোঁ যে আমাৰ সকলোকে, অনুৰাগী আনকি শত্ৰুকো একত্ৰিত কৰিব পৰা এটা মাধ্যম হ’ল ক্ৰীড়া ।”
২ মাৰ্চত ভাৰতে নিউজিলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰিছিল অন্তিমখন গ্ৰুপ পৰ্যায়ৰ মেচত । এই প্ৰতিযোগিতাত এই পৰ্যন্ত অপৰাজিত হৈ আছে ভাৰত । ইফালে ভাৰতৰ ছেমিফাইনেলৰ প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ বিৰুদ্ধে অভিলেখ ভংগকাৰী ৰান চেজেৰে অভিযান আৰম্ভণি কৰিছিল যদিও দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ বিৰুদ্ধে তেওঁলোকৰ মেচত বৰষুণৰ বাবে দুয়োখন মেচ অমীমাংসিত হৈ ৰৈছিল ।
গ্ৰুপ B ৰ, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া দুয়োটা ছেমিফাইনেলিষ্ট দলে ভাৰত আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ পূৰ্বে ডুবাইলৈ যাবলগীয়া হয় । মেচৰ পিছত দক্ষিণ আফ্ৰিকা পাকিস্তানলৈ উভতি যাবলগীয়া হ’ব য’ত ৫ মাৰ্চত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব । অষ্ট্ৰেলিয়াই ৪ মাৰ্চত প্ৰথম ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিছে ।
ডুবাইত ভাৰত, অষ্ট্ৰেলিয়াৰ এদিনীয়া অভিলেখ
ডুবাইত ৯ খন এদিনীয়া খেলত ভাৰত এতিয়াও পৰাস্ত হোৱা নাই । ২০১৮ চনৰ এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে ড্ৰ’ খেল খেলিছিল । আনহাতে পাকিস্তানৰ বিৰুদ্ধে ডুবাইত অষ্ট্ৰেলিয়াই পাঁচখন এদিনীয়া খেলিছে । ২০০৯ চনত ডুবাইৰ মাটিত এদিনীয়া খেলত পৰাস্ত হৈছিল যদিও তাৰ পিছত একেৰাহে চাৰিখন মেচত জয় লাভ কৰিছিল আৰু শেহতীয়াকৈ ২০১৯ চনত জয়লাভ কৰিছিল ।