শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ কাৰণ কি ? বিচিচিআইৰ প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে গৌতম গম্ভীৰ

১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ এছজিএমত পৰাজয়ৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। অষ্ট্ৰেলিয়া বিৰুদ্ধে ৫খন টেষ্ট মেচৰ শৃংখলাত ভাৰতে ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ কাৰণ কি ? বিচিচিআইৰ প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে গৌতম গম্ভীৰ
গৌতম গম্ভীৰ
manas-borah
Manas Borah | Updated On: 07 Jan 2025 18:52 PM

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰত পৰাজয়ৰ সন্দৰ্ভত বিচিচিআইৰ প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। পৰৱৰ্তী এছজিএমৰ বৈঠকত বিচিচিআইয়ে তেওঁক জেৰা কৰিব পাৰে বুলি চৰ্চা চলিছে । ১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ বিশেষ সাধাৰণ সভাত(SGM) পৰাজয়ৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। অষ্ট্ৰেলিয়া বিৰুদ্ধে ৫খন টেষ্ট মেচৰ শৃংখলাত ভাৰতে ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

বিচিচিআইৰ বিশেষ সাধাৰণ সভা অহা ১২ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব। এছ জি এমৰ বৈঠকৰ মূল কাৰ্যসূচী সম্পাদক আৰু কোষাধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সৈতে জড়িত। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে জয় শ্বাহৰ ঠাইত দেৱজিৎ শইকীয়াক সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়ালৈকে ১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ এছজিএমৰ মূল এজেণ্ডা আছিল বিষয়া নিৰ্বাচন। কিন্তু টেলিগ্ৰাফ ইণ্ডিয়াৰ তথ্য অনুসৰি, অষ্ট্ৰেলিয়াত পৰাজয়ৰ কাৰণ সন্দৰ্ভত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে।

১০ বছৰৰ আধিপত্যৰ অন্তত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হেৰুৱালে টীম ইণ্ডিয়াই। এনে পৰিস্থিতিত এইটোও আলোচনাৰ বিষয় হ’ব পাৰে বুলি কোৱা হৈছে। গৌতম গম্ভীৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা টি-২০ ফৰ্মেটত টীম ইণ্ডিয়াই আধিপত্য প্ৰদৰ্শন কৰিছে। কিন্তু দীঘলীয়া ফৰ্মেটত দলৰ অৱস্থা অতি বেয়া। শ্ৰীলংকাত এদিনীয়া শৃংখলাত পৰাস্ত হোৱাই হওক বা এতিয়া অষ্ট্ৰেলিয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাস্ত হোৱাই হওক।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজিত হোৱাৰ পাছতে টীম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। কেৱল এয়াই নহয়, ভাৰতীয় দলৰ টেষ্ট ৰেংকিঙত প্ৰভাৱ পেলাইছে এই পৰাজয়ে। বৰ্তমান ৩ নম্বৰ স্থানত আছে টীম ইণ্ডিয়া।

Latest News