খেলুৱৈ আতিথ্য কৰি এদিন ভাগৰিছিল প্ৰীতি! নিজে আৰোপ কৰা এনে চৰ্তই কৰিছিল বাধ্য…
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল পঞ্জাৱ কিংছৰ হাৰ্টথ্ৰব প্ৰীতি জিণ্টা। স্বত্বাধিকাৰী হিচাপে কেৱল ব্যৱসায়ৰ বাবেই নহয়, নিজ দল পঞ্জাৱ কিংছৰ সৈতে অন্তৰাত্মাৰে জড়িত প্ৰীতি। এই প্ৰীতিয়েই এদিন নিজ দলৰ খেলুৱৈৰ বাবে নিজ হাতে বনাইছিল শতাধিক আলু পৰাঠা। নিজে আৰোপ কৰা এক চৰ্তৰ বাবেই তেওঁ সন্মুখীন হৈছিল এনে পৰিস্থিতিৰ।

মুখত ধুনীয়া হাঁহি, আৰু টোল পৰা দুগাল। নামেৰেই নহয়, সৌন্দৰ্যৰেও প্ৰীতি (Pretty) তেওঁ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত পঞ্জাৱ কিংছৰ হাৰ্টথ্ৰব প্ৰীতি জিণ্টা। দল গঠনৰ পৰা আৰম্ভ কৰি দলৰ আন পৰিকল্পনালৈকে স্বত্বাধিকাৰী হিচাপে আছে তেওঁৰ অনন্য ভূমিকা। স্বত্বাধিকাৰী হিচাপে কেৱল ব্যৱসায়ৰ বাবেই নহয়, নিজ দল পঞ্জাৱ কিংছৰ সৈতে অন্তৰাত্মাৰে জড়িত প্ৰীতি। সাধাৰণতে দল এটাৰ উন্নত প্ৰদৰ্শনৰ আঁৰত একমাত্ৰ ক্ৰিকেটাৰসকলেই নাথাকে, পৰিচালনা দলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
আই পি এলৰ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীৰ প্ৰসঙ্গ আহিলে মনলৈ আহে কলকাতা নাইট ৰাইডাৰ্ছৰ মুৰব্বী শ্বাহৰুখ খানৰ নাম। খেলৰ পিছত বা আগত খেলুৱৈসকলৰ সৈতে বন্ধুৰ দৰে মত বিনিময় কৰা দেখা যায় কিং খানক। কেতিয়াবা দল জয়ী হ’লে ড্ৰেছিং ৰুমত সকলোৰে সৈতে উদযাপন কৰে, পৰাস্ত হ’লেও সকলোকে প্ৰেৰণা দিয়ে । দলৰ মুৰব্বী হিচাপে প্ৰীতি জিণ্টাৰ ভূমিকা কেনেকুৱা? এই প্ৰশ্নৰ উত্তৰ পঞ্জাৱ কিংছৰ প্ৰাক্তন হওক বা বৰ্তমানৰ প্ৰতিজন খেলুৱৈয়ে হয়তো প্ৰশংসা কৰিব প্ৰীতিক।
খেলুৱৈসকলে প্ৰীতি সন্দৰ্ভত এনে বিভিন্ন ঘটনাৰ ওপৰত আলোকপাত কৰিছে। প্ৰতিটো বৃত্তিতে সফলতা আৰু বিফলতা আছে। এগৰাকী অভিনেত্ৰী হিচাপে এনে সফলতা তথা বিফলতাৰ সন্মুখীন হৈ আহিছে প্ৰীতি জিণ্টাও। নিজৰ দলৰ ক্ষেত্ৰতো প্ৰীতিয়ে স্বাভাৱিকভাৱেই গ্ৰহণ কৰে এনে ফল। পঞ্জাব কিংছৰ অধিকাংশ মেচতে প্ৰীতি জিণ্টাক গেলেৰীত দেখা যায়। ক্ৰিকেটাৰসকলৰ বাবে যিদৰে উল্লাস কৰে, তেওঁলোকৰ পছন্দৰ প্ৰতিও তেওঁ যত্ন লয়।
আনকি খেলুৱৈৰ ভোক পূৰণ কৰিবলৈ পাকঘৰতো প্ৰৱেশ কৰে স্বত্বাধিকাৰী প্ৰীতি। আই পি এলতে এনে পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ। পঞ্জাৱ কিংছৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে এই ঘটনাৰ বিষয়ে জানিবলৈ দিছে। ২০০৯ চনত সংঘটিত হৈছিল এই ঘটনা। ইংলেণ্ড আৰু পঞ্জাব কিংছৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবি বোপাৰাই এই ঘটনাৰ বৰ্ণনা কৰি জানিবলৈ দিয়া মতে বলীউডৰ অভিনেত্ৰী তথা পঞ্জাব কিংছৰ স্বত্বাধিকাৰীগৰাকীয়ে নিজ হাতেৰে আলু পৰাঠা বনাই পৰিবেশন কৰিছিল খেলুৱৈসকলক!
২০০৮ চনৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণ ভাৰতৰ লোকসভা নিৰ্বাচনৰ বাবে ২০০৯ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল। ৰবি বোপাৰাই প্ৰকাশ কৰা মতে এই সংস্কৰণত দলটোৱে দক্ষিণ আফ্ৰিকাত মেচৰ পিছত মাজে মাজে পাৰ্টিও কৰিছিল। আৰু তেনে এক পাৰ্টিতে প্ৰীতি জিণ্টা সন্মুখীন হৈছিল এক জটিল পৰিস্থিতিৰ। বোপাৰাই কয়, “প্ৰীতি জিণ্টাই দলৰ বাবে আলুৰ পৰাঠা বনাব বুলি কোনোবাই সঁচাকৈয়ে বিশ্বাস কৰিব পাৰিবনে!”
এই ঘটনা সন্দৰ্ভত প্ৰীতিয়েও আগবঢ়ায় নিজা ভাষ্য। তেওঁ কয়, “দক্ষিণ আফ্ৰিকাৰ আমি থকা হোটেলখনত আলু পৰঠা ভাল নালাগিল। খেলুৱৈসকলক ক’লো যে, তেওঁলোকক আলু পৰাঠা বনাবলৈ শিকাম। পিছে তেওঁলোকে মোকহে আলুৰ পৰঠা বনাবলৈ কয়।” তেতিয়া প্ৰিটি জিণ্টাই খেলুৱৈসকলৰ ওপৰত এটা চৰ্ত আৰোপ কৰে। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে পৰৱৰ্তী মেচখনত জয়ী হ’লেই তেওঁ নিশ্চয় আলুৰ পৰাঠা বনাই খুৱাব।
এই চৰ্তই যেন শক্তি যোগালে পঞ্জাৱৰ খেলুৱৈসকলক। পৰৱৰ্তী মেচখনত পঞ্জা্বে জয়লাভ কৰে আৰু সেই অনুসাৰে প্ৰীতিয়েও কথা ৰাখিব লগা হ’ল। তেওঁ নিজ হাতে দলৰ বাবে মুঠ ১২০টা পৰাঠা প্ৰস্তুত কৰিলে। খেলুৱৈৰ এনে আতিথ্য কৰি প্ৰীতিয়ে সকলোকে সন্তুষ্ট ঠিকেই কৰিছিল, পিছে হৈছিল যথেষ্ট কষ্টও। আৰু এই কষ্টকে সুঁৱৰি ধেমালিতে প্ৰীতিয়ে তেতিয়াৰ পৰাই তেওঁ আলু পৰাঠা বনোৱা বন্ধ কৰি দিছে বুলি মন্তব্য কৰে।
ইফালে এই অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙেও কৰে ৰসাল মন্তব্য। হৰভজনে জানিবলৈ দিয়া মতে প্ৰীতিয়ে বনোৱা পৰাঠাৰ ভিতৰত ইৰফান পাঠানে অকলেই ২০ পৰাঠা খাইছিল।