শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ ক্ৰীজত নামিব ক্ৰিকেটৰ ভগৱানঃ কিছুসময় পিছতে আৰম্ভ হ’ব মেচ; ক’ত হ’ব সম্প্ৰচাৰ?

চেম্পিয়নছ ট্ৰফীৰ আনন্দৰ মাজতে আজি ক্ৰিকেট অনুৰাগীৰ মন জুৰাব আন এখন বহু আকাংক্ষিত মেচে। যুৱপ্ৰজন্মৰ ক্ৰিকেটপ্ৰেমীসকলৰ লগতে ১৯ শতিকাৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীকে এই মেচখনে আজি কৰি তুলিব ৰোমাঞ্চিত। লাভ কৰিব স্মৃতি ৰোমন্থনৰ অনন্য সুযোগ। কিয়নো প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ স্বপ্ন পূৰণ কৰি আজি পুনৰ খেলপথাৰত নামিব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ।

পুনৰ ক্ৰীজত নামিব ক্ৰিকেটৰ ভগৱানঃ কিছুসময় পিছতে আৰম্ভ হ’ব মেচ; ক’ত হ’ব সম্প্ৰচাৰ?
পুনৰ খেলপথাৰত শচীন তেণ্ডুলকাৰ
monjit-dutta
Monjit Dutta | Published: 22 Feb 2025 18:59 PM

ক্ৰিকেট বিশ্বত এতিয়া চেম্পিয়নছ ট্ৰফীৰ লহৰ। প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমী ব্যস্ত চেম্পিয়নছ ট্ৰফীৰ আনন্দ উপভোগত। এই আনন্দৰ সমান্তৰালকৈ কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম পাকিস্তানৰ মেচৰ বাবে অত্যন্ত উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীসকলে। এই অপেক্ষাৰ মাজতে আজি অনুৰাগীৰ মন জুৰাব আন এখন বহু আকাংক্ষিত মেচে। যুৱপ্ৰজন্মৰ ক্ৰিকেটপ্ৰেমীসকলৰ লগতে ১৯ শতিকাৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীকে এই মেচখনে আজি কৰি তুলিব ৰোমাঞ্চিত। লাভ কৰিব স্মৃতি ৰোমন্থনৰ অনন্য সুযোগ।

কিয়নো প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ স্বপ্ন পূৰণ কৰি আজি পুনৰ খেলপথাৰত নামিব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। সাধাৰণতেই শচীনৰ বেটিং প্ৰত্যক্ষ কৰাৰ বহু আকাংক্ষিত স্বপ্ন প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰে থাকে। আজি এই স্বপ্ন পূৰ হ’ব অনুৰাগীৰ, হাতত বেট লৈ আজি পুনৰ ক্ৰীজত নামিব মাষ্টাৰ ব্লাষ্টাৰ। কিছুসময়ৰ পিছতে আৰম্ভ হ’ব এই মেচখন। শচীনৰ লগতে এই মেচত দেখা যাব বহু প্ৰাক্তন ৰথী-মহাৰথীক।

আজিৰ পৰা আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগ। এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আজি মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। মেচখনত শচীনে ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে কুমাৰ ছাংগাকাৰাক শ্ৰীলংকাৰ অধিনায়ক হিচাপে দেখা যাব। কিছুসময় পিছতে সন্ধিয়া ৭.৩০ বজাৰ পৰা নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মাষ্টাৰ্ছ আৰু শ্ৰীলংকা মাষ্টাৰ্ছৰ এই মেচখন।

দুয়োখন দেশৰ বহুকেইগৰাকী কিংবদন্তি খেলুৱৈক এই মেচত দেখা যাব। শচীনৰ উপৰিও ভাৰতীয় দলত প্ৰাক্তন অল ৰাউণ্ডাৰ যুৱৰাজ সিং, ইৰফান পাঠান, সুৰেশ ৰাইনা, ইউছুফ পাঠান আৰু আম্বাতি ৰায়ুডুকো দেখা পোৱা যাব। আনহাতে শ্ৰীলংকা মাষ্টাৰ্ছ দলত দেখা যাব কুমাৰ ছাংগাকাৰা, উপুল থাৰাংগা, লাহিৰু থিৰিমান্নে আৰু সুৰংগ লাকমলৰ দৰে প্ৰাক্তন খেলুৱৈক। দলটোত দেখা যাব আন বহুকেইগৰাকী প্ৰাক্তন তাৰকাক।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগত ৬ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ বাহিৰেও অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডেও এই প্ৰতিযোগিতাত অংশ ল’ব। প্ৰতিযোগিতাখনৰ জৰিয়তে ক্ৰিকেট অনুৰাগীয়ে পুনৰ এবাৰ উপভোগ কৰিবলৈ সুযোগ পাব ব্রায়ান লাৰা, ক্ৰীছ গেইল, জেক কালিছ, মাখায়া এনটিনি, এঅ’ইন মৰ্গান, মন্টি পানেছাৰৰ দৰে প্ৰাক্তন তাৰকাক।

আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগ টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছে। অনুৰাগীয়ে এই প্ৰতিযোগিতাৰ মেচসমূহ JioHotstar, Colors Cineplex (SD+HD) আৰু Colors Cineplex Superhits ত চাব পাৰিব।

ইণ্ডিয়া মাষ্টাৰ্ছ দলঃ শচীন তেণ্ডুলকাৰ (অধিনায়ক), আম্বাতি ৰায়ুডু, যুৱৰাজ সিং, সুৰেশ ৰাইনা, ইৰফান পাঠান, গুৰকীৰত সিং মান, ইউছুফ পাঠান, নমন ওঝা, ষ্টুৱাৰ্ট বিন্নী, অভিমন্যু মিথুন, ধৱল কুলকাৰ্ণী, পৱন নেগী, ৰাহুল শৰ্মা, শ্বাহবাজ নদীম আৰু বিনয় কুমাৰ।

শ্ৰীলংকা মাষ্টাৰ্ছ দলঃ কুমাৰ ছাংগাকৰা, লাহিৰু থিৰিমান্নে, উপুল থাৰংগা, আচেলা গুনাৰত্নে, আশা প্ৰিয়ঞ্জন, চিন্থকা জয়সিংহ, চতুৰংগা দে চিলভা, দিৰুৱান পেৰেৰা, জীৱন মেণ্ডিছ, ইছুৰু উড়ানা, ৰমেশ কালুভিতৰাণ, ছিকুগে প্ৰসন্ন, ধামিকা প্ৰসাদ, নুৱান প্ৰদীপ, সুৰংগ লাকমল।

২২ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চৰ ভিতৰত ৩টা স্থান নৱী মুম্বাই, বদোদৰা আৰু ৰায়পুৰত ১৮খন খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ প্ৰথম ৫ খন মেচ নৱী মুম্বাইত অনুষ্ঠিত হ’ব, তাৰ পিছত পৰৱৰ্তী ৬ খন খেল ৰাজকোটত আৰু বাকী ৭ খন খেল ছেমি ফাইনেল আৰু ফাইনেলকে ধৰি ৰায়পুৰত অনুষ্ঠিত হ’ব। এই সময়ছোৱাত গ্ৰুপ পৰ্যায়ত সকলো দলে ইজনে সিজনৰ বিৰুদ্ধে ১-১ মেচ খেলিব। তাৰ পিছত ১৩ আৰু ১৪ মাৰ্চত মুখামুখি হ’বলগীয়া ছেমি ফাইনেলৰ বাবে শীৰ্ষ ৪ টা দলে যোগ্যতা অৰ্জন কৰিব। ১৬ মাৰ্চত অনুষ্ঠিত হ’ব খিতাপৰ খেলখন।