5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আইপিএলৰ আঁৰৰ ব্যক্তি ললিত মোডীৰ আজি জন্মদিনঃ কিয় দেশ এৰিছিল ললিত মোডীয়ে!

ভাৰতৰ টি-২০ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপে স্বীকৃত। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে পৰিচালনা কৰা এই ধনাঢ্য প্ৰতিযোগিতাখনৰ আঁৰৰ এগৰাকী প্ৰধান ব্যক্তি হৈছে ললিত মোডী। তেওঁৰ পৰিকল্পনাৰ আধাৰতে আৰম্ভ কৰা এই ক্ৰিকেট লীগ পৰ্যায়ক্ৰমে বিশ্বৰ অন্যতম বৃহৎ ক্ৰীড়া লীগ হিচাপে পৰিগণিত হয়।

আইপিএলৰ আঁৰৰ ব্যক্তি ললিত মোডীৰ আজি জন্মদিনঃ কিয় দেশ এৰিছিল ললিত মোডীয়ে!
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপক ললিত মোডী
monjit-dutta
Monjit Dutta | Updated On: 29 Nov 2024 18:06 PM

বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপে স্বীকৃত ভাৰতৰ টি-২০ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। বিপুল ধনৰ লগতে এই প্ৰতিযোগিতাই খেলুৱৈসকলক প্ৰতিভা প্ৰকাশৰ এখন সঠিক মঞ্চও প্ৰদান কৰে। সেয়ে ক্ৰিকেট বিশ্বৰ প্ৰায় সকলো খেলুৱৈয়েই আই পি এলত খেলাৰ আশা পুহি ৰাখে। শেহতীয়াকৈ হৈ যোৱা আই পি এলৰ মেগা নিলামত প্ৰতিযোগিতাখনৰ এই গৰিমা পুনৰ এবাৰ প্ৰকাশ পায়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে পৰিচালনা কৰা এই ধনাঢ্য প্ৰতিযোগিতাখনৰ আঁৰৰ এগৰাকী প্ৰধান ব্যক্তি হৈছে ললিত মোডী।

২০০৮ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ললিত মোডীয়ে। তেওঁৰ পৰিকল্পনাৰ আধাৰতে আৰম্ভ কৰা এই ক্ৰিকেট লীগ পৰ্যায়ক্ৰমে বিশ্বৰ অন্যতম বৃহৎ ক্ৰীড়া লীগ হিচাপে পৰিগণিত হয়। আই পি এলৰ বাণিজ্যিক সফলতা আৰু লীগৰ ওপৰত মোডীৰ নিয়ন্ত্ৰণৰ বাবে তেওঁক ডন কিং (বক্সিং প্ৰচাৰক) আৰু বাৰ্নি একলেষ্টোন (ফৰ্মুলা ৱান প্ৰচাৰক)ৰ সৈতেও তুলনা কৰা হৈছিল।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপকৰ লগতে প্ৰথম অধ্যক্ষ আৰু লীগ কমিছনাৰ হিচাপে ললিত মোডীয়ে ২০১০ চনলৈকে তিনি বছৰ ধৰি প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল। ২০০৮ চনৰ পৰা ২০১০ চনলৈকে তেওঁ চেম্পিয়নছ লীগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে তেওঁ বিচিচিআইৰ উপ-সভাপতি হিচাপে দায়িত্বত আছিল। তেখেতৰ কাৰ্যকালতে বিচিচিআইৰ বিত্তীয় দিশত আমোল পৰিৱৰ্তন ঘটিছিল।

আই পি এলৰ লীগ কমিছনাৰ হিচাপে দায়িত্বত থকাৰ সময়ত ২০১০ চনত মোদীয়ে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা শশী থাৰুৰৰ বিপক্ষে প্ৰতিযোগিতাখনৰ ফ্ৰেন্সাইজি কোচি টাস্কাৰ্ছ কেৰালাত পৰোক্ষভাৱে ফ্ৰী ইকুইটি ৰখা বুলি অভিযোগ কৰিছিল। এনে অভিযোগৰ ফলত থাৰুৰে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ইফালে ললিত মোডীৰ এনে অভিযোগৰ বিপৰীতে কোচি ফ্ৰেঞ্চাইজিয়ে আন এক অভিযোগ তুলিছিল।

ফ্ৰেন্সাইজিটোৱে ললিত মোডীৰ বিৰুদ্ধে হাৰাশাস্তি অভিযোগ উত্থাপন কৰিছিল। আন এটা গোটে যাতে ফ্ৰেঞ্চাইজিটোৰ বিডত জয়ী হয়, তাৰ উদ্দেশ্যে ললিত মোডীয়ে হাৰাশাস্তি কৰা বুলি ফ্ৰেন্সাইজিটোৱে দাবী তুলিছিল। এনে অভিযোগৰ ভিত্তিত আই পি এল ২০১০ শেষ হোৱাৰ কিছু সময়ৰ পাছতে মোডীক অসৎ আচৰণ, অনুশাসনহীনতা আৰু আৰ্থিক অনিয়মৰ অভিযোগত বি চি চি আইৰ পৰা নিলম্বন কৰা হয়।

বিচিচিআইয়ে লগতে মোদীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল আৰু ২০১৩ চনত এই অভিযোগত ললিত মোডীক দোষী সাব্যস্ত কৰি তেওঁৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল। আনহাতে ললিত মোডীয়ে উত্থাপিত সকলো অভিযোগ নাকচ কৰি ৰাজনৈতিক আক্ৰোশৰ বলি হোৱা বুলি দাবী কৰে। তাৰ মাজতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে মোডীৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগত তদন্ত আৰম্ভ কৰে।

কিন্তু ইডিৰ তদন্তৰ সন্মুখীন হোৱাৰ পূৰ্বেই ললিত মোডী লণ্ডনলৈ ৰাওনা হয়। ইয়াৰ পিছতে তেওঁক পলাতক বুলি অভিহিত কৰা হয়। ইফালে শেহতীয়াকৈ ললিত মোদীয়ে এক সাক্ষাৎকাৰত আইনী সমস্যাৰ বাবে তেওঁ দেশ এৰা বুলি উঠা অভিযোগ অস্বীকাৰ কৰে আৰু ইয়াৰ পৰিৱৰ্তে আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ পৰা লাভ কৰা মৃত্যুৰ ভাবুকিৰ বাবেই তেওঁ পলায়ন কৰা বুলি দৃঢ়তাৰে কয়। তেওঁৰ কঠোৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বাবেই ডাউদ ইব্ৰাহিমে তেওঁক লক্ষ্য কৰি লোৱা বুলি দাবী কৰে ললিত মোডীয়ে।

Latest News