পিতৃ-ককাদেউতাকৰ পথেৰেই পথ লৈছিল ছেইফেঃ হঠাতে কিয় যৱনিকা পৰিছিল ক্ৰিকেট কেৰিয়াৰৰ!
পিতৃ আৰু ককাদেউতাকৰ পদাংক অনুসৰণ কৰিয়েই ক্ৰিকেটাৰ হোৱাৰ দিশে আগবাঢ়িছিল ছেইফ আলী খান। পিছে ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ গঢ়াত সফল হোৱা নাছিল তেওঁ। উল্লেখ্য যে ছেইফৰ পিতৃ মনছুৰ আলী খান পাটাউডী এসময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কো আছিল। আনহাতে ছেইফৰ ককাদেউতাক ইফতিখাৰ আলী খান পাটাউডীয়েও ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিছিল।
বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খানক আজি নিজা বাসগৃ্হতে দুৰ্বৃত্তই কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ ফলত এতিয়া চিকিৎসাধীন হৈ আছে জনপ্ৰিয় অভিনেতাগৰাকী। ইয়াৰ পিছতে অভিনেতাগৰাকীৰ বিষয়ে বহু খবৰ চৰ্চালৈ আহিছে। চৰ্চিত হৈছে তেওঁৰ জীৱনৰ বিভিন্ন দিশ। তাৰ ভিতৰত অন্যতম চৰ্চিত খবৰ হৈছে ছেইফ আলী খানৰ ক্ৰিকেট কেৰিয়াৰ। হয়, ঠিকেই শুনিছে। বলীউডৰ অন্যতম জনপ্ৰিয় এই অভিনেতাগৰাকী এসময়ত আছিল এগৰাকী ক্ৰিকেটাৰ।
পিতৃ আৰু ককাদেউতাকৰ পদাংক অনুসৰণ কৰিয়েই ক্ৰিকেটাৰ হোৱাৰ দিশে আগবাঢ়িছিল ছেইফ আলী খান। পিছে ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ গঢ়াত সফল হোৱা নাছিল তেওঁ। উল্লেখ্য যে ছেইফৰ পিতৃ মনছুৰ আলী খান পাটাউডী এসময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কো আছিল। আনহাতে ছেইফৰ ককাদেউতাক ইফতিখাৰ আলী খান পাটাউডীয়েও ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিছিল।
ইফালে ছেইফৰ পিতৃ মনছুৰ আলী খান পাটাউডীয়ে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এনে সম্পৰ্কৰ আধাৰতে ছেইফ আলী খান পিছত ছবি জগতখনৰ সৈতে জড়িত হৈ পৰে আৰু অভিনয়ক নিজৰ কেৰিয়াৰ হিচাপে লয়। অৱশ্যে তাৰ পূৰ্বে তেওঁ ক্ৰিকেটাৰেই হ’ব বিচাৰিছিল। কেইবছৰমান পূৰ্বে ছেইফে নিজে এই বিষয়ে প্ৰকাশ কৰিছিল।
তেওঁ কেতিয়াও বিদ্যালয় বা মহাবিদ্যালয়ৰ বাবে খেলাৰ সুযোগ লাভ কৰা নাছিল যদিও ভাল ক্ৰিকেট খেলিছিল বুলি উল্লেখ কৰিছিল ছেইফে। এই সন্দৰ্ভত তেওঁ কৈছিল, “ক্ৰিকেট মোৰ তেজত আছিল। মোৰ ঘৰত ক্ৰিকেটক ধৰ্মৰ দৰে গণ্য কৰা হৈছিল। কেৱল দেউতাই নহয়, ককাদেউতায়ো ভাৰতীয় দলৰ হৈ খেলিছে। দুয়োজন দলৰ অধিনায়কো আছিল। আনকি মোৰ ককাদেউতাই মহান বেটছমেন ডন ব্ৰেডমেনৰ বিৰুদ্ধেও খেলিছিল।”
“মইও ক্ৰিকেট খেলিছিলো কিন্তু ই এক অত্যন্ত মানসিক খেল। ইয়াৰ বাবে ধৈৰ্য্য আৰু সময়ৰ প্ৰয়োজন। মোৰ এই দুয়োটাৰে যথেষ্ট অভাৱ আছিল। সেইবাবেই মই বেছিদিন ক্ৰিকেট খেলিব নোৱাৰিলোঁ আৰু ক্ৰিকেটত কেৰিয়াৰ গঢ়াৰ পূৰ্বেই মোৰ কেৰিয়াৰ ধ্বংস হ’ল।”- এইদৰে মন্তব্য কৰিছিল ছেইফ আলী খানে। উল্লেখ্য যে ছেইফ আলী খানৰ পিতৃ মনছুৰ আলী খান পাটাউডী আছিল ভাৰতীয় দলৰ আটাইতকৈ কম বয়সীয়া অধিনায়ক।
মাত্ৰ ২১ বছৰ বয়সতে মনছুৰ আলী খান পাটাউডীয়ে ভাৰতৰ অধিনায়কৰ দায়িত্ব লয়। ১৯৬১ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত ভাৰতৰ হৈ ৪৬খন টেষ্ট মেচ খেলিছিল মনছুৰ আলী খান পাটাউডীয়ে। এই সময়ছোৱাত তেওঁ ৮৩টা ইনিংছত ৩৪.৯১ গড়ে ২৭৯৩ ৰান সংগ্ৰহ কৰে। টেষ্ট কেৰিয়াৰত পাটাউডীয়ে ১৫টা অৰ্ধশতক আৰু ৬টা শতক অৰ্জন কৰিছিল। ৪০খন মেচত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল আৰু ইয়াৰে ৯খন মেচত জয়লাভ কৰিছিল।
আনহাতে ছেইফৰ ককাদেউতাক ইফতিখাৰ আলী খান পাটাউডীয়ে ইংলেণ্ডৰ হৈ অভিষেক ঘটোৱাৰ পিছত ভাৰতৰ হৈ খেলিবলৈ আৰম্ভ কৰে। তেওঁ ৬খন টেষ্টত ১৯.৯০ গড়ে ১৯৯ ৰান সংগ্ৰহ কৰে। আন্তঃ ৰাষ্ট্ৰীয় কেৰিয়াৰত সফল নহ’লেও অৱশ্যে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট তেওঁৰ প্ৰদৰ্শন যথেষ্ট উন্নত আছিল। প্ৰথম শ্ৰেণীত তেওঁ ১২৭খন মেচত ৪৮.৬১ গড়ে ৮৭৫০ ৰান সংগ্ৰহ কৰিছিল।