5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় নিউজিলেণ্ডৰঃ পুনৰ স্বপ্ন ভংগ দক্ষিণ আফ্ৰিকাৰ

প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপত শ্ৰেষ্ঠত্ব দখলৰ গৌৰৱ অৰ্জন কৰিছে নিউজিলেণ্ডে। দেওবাৰে প্ৰতিযোগিতাখনৰ ফাইনেলত দক্ষিণ আফিকাক ৩২ ৰানত পৰাস্ত কৰি খিতাপ জয় কৰে কিৱি বাহিনীয়ে। এইদৰে মহিলা টি-২০ বিশ্বকাপত বিগত তিনিটা সংস্কৰণ ধৰি চলি অহা ৰাজত্বৰ অন্ত পৰে আৰু লাভ কৰে এক নতুন চেম্পিয়ন।

মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় নিউজিলেণ্ডৰঃ পুনৰ স্বপ্ন ভংগ দক্ষিণ আফ্ৰিকাৰ
মহিলা টি-২০ বিশ্বকাপৰ খিতাপ জয় নিউজিলেণ্ডৰ
monjit-dutta
Monjit Dutta | Published: 21 Oct 2024 07:34 AM

আই চি চিৰ খিতাপ জয়ৰ স্বপ্ন যেন দুঃস্বপ্ন হৈ পৰিছে ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ বাবে। পুৰুষ দলৰ লগতে দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ সৈতেও এতিয়া সংযোজিত হৈ পৰিছে চ’কাৰ্ছ অভিধা। পুনৰ এবাৰ কোনো আই চি চি খিতাপ জয়ৰ নিচেই কাষ চাপিও পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছে চ’কাৰ্ছ প্ৰটিয়াছ বাহিনীয়ে। দেওবাৰে অনুষ্ঠিত হোৱা মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈ ৰাণাৰ্চ আপতে সন্তুষ্ট থাকিবলগা হ’ল দক্ষিণ আফ্ৰিকা। আনহাতে প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপত শ্ৰেষ্ঠত্ব দখলৰ গৌৰৱ অৰ্জন কৰিছে নিউজিলেণ্ডে।

দেওবাৰে প্ৰতিযোগিতাখনৰ ফাইনেলত দক্ষিণ আফিকাক ৩২ ৰানত পৰাস্ত কৰি খিতাপ জয় কৰে কিৱি বাহিনীয়ে। এইদৰে মহিলা টি-২০ বিশ্বকাপত বিগত তিনিটা সংস্কৰণ ধৰি চলি অহা ৰাজত্বৰ অন্ত পৰে আৰু লাভ কৰে এক নতুন চেম্পিয়ন। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কালিৰ ফাইনেলত কিৱি দলটোৰ জয়ৰ নায়িকা হৈ পৰে আমেলিয়া কাৰ। দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে যুৱ তাৰকাগৰাকীয়ে গঢ়ি তোলে কিৱি দলৰ বিশ্বজয়ৰ ভেটি।

মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় দক্ষিণ আফ্ৰিকাই। সেই অনুসাৰে প্ৰথমে বেটিং কৰা নিউজিলেণ্ডে ইনিংছৰ দ্বিতীয় অভাৰতে খায় উজুটি। অপেনাৰ জৰ্জিয়া প্লিমাৰৰ (৯) উইকেট দখল কৰি দলক প্ৰথমটো আঘাত দিয়ে আয়াবংগা খাকাই। ইয়াৰ পিছতে অৱশ্যে চুজি বেটছ আৰু আমেলিয়া কাৰে দলৰ ইনিংছ আগবঢ়াই নিয়ে। দুয়ো দলীয় স্ক’ৰ ৫৩ ৰানলৈ আগবঢ়াই নিয়াৰ সময়তে আউট হয় বেটছ (৩২)।

ব্যৰ্থ হয় দলৰ অধিনায়ক চ’ফি ডিভাইন (৬)। ইয়াৰ পিছত কাৰ আৰু ব্ৰুক হেলিডেই চতুৰ্থ উইকেটত এক দায়িত্বশীল যুটি বান্ধি দলৰ স্ক’ৰ ১২৭ ৰানলৈ আগুৱাই নিয়ে। হেলিডেই ৩৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বিপৰীতে কাৰে সৰ্বাধিক ৪৩ ৰানৰ ইনিংছ খেলে। শেষলৈ মেডী গ্ৰীণে ১২ ৰানৰ অৱদান আগবঢ়ায়। এইদৰে নিউজিলেণ্ডে ৫ উইকেটত ১৫৮ ৰান সংগ্ৰহেৰে দক্ষিণ আফ্ৰিকাৰ সমুখত ১৫৯ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিয়ে।

প্ৰটিয়াছ বাহিনীৰ হৈ মালাবাই দুটা আৰু খাকা, ট্ৰায়ন, ক্লাৰ্কে এটাকৈ উইকেট দখল কৰে। ইফালে ১৫৯ ৰানৰ জয়ৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই এক শক্তিশালী আৰম্ভণিয়েই ঘটাইছিল। অপেনাৰদ্বয় ল’ৰা ৱলভাৰ্ড্ট আৰু টাজমিন ব্ৰিটছে প্ৰথম উইকেটত ৫১ ৰানৰ যুটি বান্ধি দক্ষিণ আফ্ৰিকাৰ সমুখত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ জয়ৰ আশা জগাই তুলিছিল। এই আশাত উৎফুল্লিত হৈ পৰিছিল গেলাৰীত থকা দলটোৰ প্ৰতিগৰাকী অনুৰাগীও।

কিন্তু অগা পিছাকৈ ৱলভাৰ্ড্ট (৩৩) আৰু ব্ৰিটছৰ (১৭) উইকেট পতনৰ পিছত প্ৰটিয়াছ বাহিনীৰ এই আশা ভংগৰ উপক্ৰম ঘটিল। হঠাতে দুৰন্ত প্ৰত্যাৱৰ্তনেৰে কিৱি বাহিনীক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়ে কিৱি বলিং আক্ৰমণে। দুই অপেনাৰৰ বিদায়ৰ পিছতে প্ৰটিয়াছ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি হয় আৰু ইটোৰ পিছত সিটো উইকেট পতনৰ ফলত ১২৬ ৰানতে থমি ৰয় দলৰ ইনিংছ। ইয়াৰ লগে প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপত চুম্বন অঁকাৰ গৌৰৱ অৰ্জন কৰে নিউজিলেণ্ডে।

বেটিঙত প্ৰধান ভূমিকা লোৱাৰ পিছত বলিঙতো দক্ষিণ আফ্ৰিকাৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰে কাৰ। ২৪ ৰানত ৩টা উইকেট দখলেৰে প্ৰটিয়াছ বাহিনীৰ জয়ৰ আশা চূৰ্ণ কৰে অলৰাউণ্ডাৰগৰাকীয়ে। তেওঁৰ লগতে ৰ’জমেৰী মেয়াৰেও দখল কৰে তিনিটা উইকেট। এই দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে দলক প্ৰথমটো টি-২০ বিশ্বকাপ তুলি দিয়া আমেলিয়া কাৰ ফাইনেলৰ লগতে প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

Latest News