আন এক বহু চৰ্চিত প্ৰেম কাহিনী অৱসান দিশে, স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে সাজু বক্সাৰ মেৰী কম!

ভাৰতৰ প্ৰখ্যাত বক্সাৰ এম চি মেৰী কম আৰু তেওঁৰ স্বামী কাৰুং অনখোলাৰ (অনলাৰ)ৰ সম্পৰ্কত বিভেদৰ খবৰ। খবৰ অনুসৰি বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে দুয়োজনেই । বক্সিং ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ মেৰী কম।

আন এক বহু চৰ্চিত প্ৰেম কাহিনী অৱসান দিশে, স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে সাজু বক্সাৰ মেৰী কম!

স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে সাজু বক্সাৰ মেৰী কম!

Updated On: 

08 Apr 2025 18:18 PM

বিগত কেইবাদিনো ভাৰতৰ তাৰকাসকলৰ বিবাহ বিচ্ছেদৰ খবৰে যথেষ্ট চৰ্চা লাভ কৰিছে। এইবাৰ খবৰ আহিছে যে, ভাৰতৰ প্ৰখ্যাত বক্সাৰ তথা উত্তৰ-পূবৰ কন্যা এম চি মেৰী কম আৰু তেওঁৰ স্বামী কাৰুং অনখোলাৰ (অনলাৰ)ৰ মাজত সকলো ঠিকে নাই । লাভ কৰা খবৰ অনুসৰি দুয়োজনেই বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে। বক্সিং ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ মেৰী কম। ২০ বছৰ আগতে তেওঁ অনলাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। এতিয়াও দুয়োজনে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নাই যদিও ইয়াৰ সম্ভাৱনা আছে।

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত অনলাৰৰ পৰাজয়ৰ পিছত দুয়োৰে মাজত বিভেদ আৰম্ভ হৈছিল। এই সময়ছোৱাত পৰিয়ালটোৱে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰতিবেদন অনুসৰি বক্সাৰগৰাকী আৰু তেওঁৰ চাৰিটা সন্তান ফৰিদাবাদত থাকে, আনহাতে তেওঁৰ স্বামীয়ে পৰিয়ালৰ একাংশ সদস্যৰ সৈতে দিল্লীত থাকে।

ব্যৱসায়িক অংশীদাৰৰ সৈতে মেৰী কমৰ সম্পৰ্ক

মেৰী কম আৰু অনলাৰৰ বিচ্ছেদৰ খবৰৰ মাজতে এটা ডাঙৰ কথা পোহৰলৈ আহিছে যে, বক্সাৰগৰাকীৰ এজন ব্যৱসায়ীৰ সৈতে সম্পৰ্ক আছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মেৰী কমে স্বামীৰ পৰা বেলেগ হোৱাৰ পিছত নতুন প্ৰেম বিচাৰি পাইছে আৰু তেওঁ ব্যৱসায়িক সংগীৰ সৈতে ডেটিং কৰি আছে বুলি বাতৰি প্ৰচাৰ হৈছে। যিজন আন এগৰাকী বক্সাৰৰ স্বামী।

হিতেশ চৌধুৰী কোন?

মেৰী কমৰ ব্যৱসায়িক অংশীদাৰ তথা মেৰী কম ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিতেশ চৌধুৰী। এগৰাকী অলিম্পিক চেম্পিয়ন বক্সাৰৰ সৈতে তেওঁৰ সম্পৰ্কত থকা বুলি কোৱা হৈছে। তেওঁ মেৰী কমৰ সৈতে বহু ফটো শ্বেয়াৰ কৰিছে। যি এই খবৰত অধিক ইন্ধন যোগাইছে। পেছাত এগৰাকী ক্ৰিকেটাৰ হিতেশ চৌধুৰী বৰ্তমান মেৰী কমৰ সৈতে ব্যৱসায় চম্ভালি আছে।

মেৰী কম-অনলাৰৰ প্ৰেম কাহিনী

প্ৰিয়ংকা চোপ্ৰা আৰু দৰ্শন কুমাৰ অভিনীত  বক্সাৰগৰাকীৰ বায়’পিকতো মেৰী কম আৰু অনলাৰৰ প্ৰেম কাহিনীৰ চিত্ৰণ কৰা হৈছিল। ২০০০ চনত দুয়োৰে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় আৰু পাঁচ বছৰৰ পিছত ২০০৫ চনত বিবাহপাশত আবদ্ধ হয়।পেছাত ফুটবলাৰ অনলাৰে নিজৰ কেৰিয়াৰতকৈ পত্নীৰ কেৰিয়াৰক অগ্ৰাধিকাৰ দিছিল যাতে পত্নীয়ে দেশৰ গৌৰৱৰ বিষয় হ’ব পাৰে। তেওঁ ঘৰতে থাকি ঘৰৰ যত্ন লোৱাৰ লগতে সন্তানক চোৱা-চিতা কৰিছিল। আনহাতে মেৰী কমে বহু পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক