5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডি গুকেছৰ বিশ্ব জয়ৰ আঁৰত ফিক্সিং! তদন্তৰো জনালে দাবীঃ কোনে তুলিলে এই অভিযোগ

বৃ্হস্পতিবাৰে ছিংগাপুৰত বিশ্ব ডবা চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিলে ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে। সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে এই সাফল্য লাভ কৰা গুকেছক সকলোৱে জনাইছে অভিনন্দন। পিছে এই মেচখনত ফিক্সিঙৰ অভিযোগ উত্থাপন কৰিছে এখন দেশৰ ডবা ফেডাৰেচনৰ সভাপতিয়ে। এই বিষয়ত তেওঁ আনকি তদন্তৰো দাবী জনাইছে।

ডি গুকেছৰ বিশ্ব জয়ৰ আঁৰত ফিক্সিং! তদন্তৰো জনালে দাবীঃ কোনে তুলিলে এই অভিযোগ
গুকেছ-লিৰেনৰ মেচত ফিক্সিঙৰ অভিযোগ
monjit-dutta
Monjit Dutta | Published: 13 Dec 2024 13:23 PM

বৃ্হস্পতিবাৰে নিশা আন এক স্বৰ্ণিল মুহূৰ্তৰ সাক্ষী হ’ল দেশ। বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত ভাৰতৰ ধ্বজা উৰুৱাই পুনৰ এবাৰ দেশক গৌৰৱান্বিত কৰি তুলিলে যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেছে। ইতিহাস ৰচি জিনিলে বিশ্ব ডবা চেম্পিয়নশ্বিপৰ খিতাপ। এই ঐতিহাসিক সাফল্যৰ লগে লগে গুকেছ হৈ পৰিল সৰ্বকালৰ সৰ্বকনিষ্ঠ বিশ্ব ডবা চেম্পিয়ন। ছিংগাপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৮ বৰ্ষীয় যুৱ তাৰকাগৰাকীয়ে পৰাস্ত কৰে ডিফেণ্ডিং চীনৰ ডিং লিৰেনক। খিতাপ জয়ৰ লগে লগে নিজ আসনত বহি থকা অৱস্থাতে আনন্দত উচুপি উঠে গুকেছ।

যুৱ তাৰকাগৰাকীৰ এই অসাধাৰণ সাফল্যত আনন্দিত সমগ্ৰ দেশ। সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে গুকেছক। পিছে গুকেছৰ এই সাফল্যত যেন সুখী নহয় ডবা বিশ্বৰ অন্যতম শক্তি ৰাছিয়া। গুকেছৰ বিশ্ব জয়ৰ মেচখনত প্ৰায় ফিক্সিঙৰে অভিযোগ তুলিছে ৰাছিয়াৰ দবা ফেডাৰেচনৰ সভাপতি আন্দ্ৰে ফিলাটভে। ৰুছ ফেডাৰেচনৰ সভাপতি ফিলাটেভে চীনৰ খেলুৱৈ লিৰেনে ইচ্ছাকৃতভাৱে চূড়ান্ত মেচত পৰাস্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰুছ ফেডাৰেচনৰ সভাপতিগৰাকীয়ে লগতে এই বিষয়ত আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন (FIDE)ক তদন্ত কৰাৰো দাবী জনাইছে। ফিলাটভৰ মতে, “বিশ্ব ডবা চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচৰ ফলাফলত পেছাদাৰী খেলুৱৈ আৰু ডবা অনুৰাগীসকল সন্তুষ্ট নহয়। গুকেছৰ বিৰুদ্ধে চূড়ান্ত খেলখনত ফলাফল ৰাউণ্ডৰ সময়ত চীনা খেলুৱৈগৰাকীয়ে এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিল যিয়ে সন্দেহৰ সৃষ্টি কৰিছে।”

ডিং লিৰেন মেচখনত যি পৰিস্থিতিত আছিল, সেই পৰিস্থিতিত এজন প্ৰথম শ্ৰেণীৰ খেলুৱৈৰ বাবেও পৰাস্ত হোৱাটো কঠিন বুলি দাবী কৰি ৰাছিয়াৰ দবা ফেডাৰেচনৰ সভাপতি আন্দ্ৰে ফিলাটভে লগতে এনে পৰিস্থিতিৰ পৰা চীনৰ খেলুৱৈগৰাকীয়ে ইচ্ছাকৃতভাৱে খেলখনত পৰাস্ত হৈছিল যে অনুভৱ হোৱা বুলি অভিযোগ কৰে। ইয়াৰ ফলত বহু প্ৰশ্নৰ উত্থাপন হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে এই বিষয়ত আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন (FIDE)ক তদন্তৰ দাবী জনাইছে।

উল্লেখ্য যে বিগত বৰ্ষত চীনৰ ডিং লিৰেনে বিশ্ব ডবা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল। নিজৰ শ্ৰেষ্ঠত্ব অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে ছিংগাপুৰত এইবাৰ প্ৰতিযোগিতাখনত অৱতীৰ্ণ হৈছিল ডিফেণ্ডিং চেম্পিয়ন লিৰেন। পিছে লিৰেনৰ এই লক্ষ্যৰ পথত প্ৰধান প্ৰতিদ্বন্দী হিচাপে থিয় দিছিল ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ গুকেছ। দুয়োৰে মাজত যোৱা কেইবাদিনো ধৰি দেখিবলৈ পোৱা গৈছিল কঠিন প্ৰতিযোগিতা।

প্ৰতিযোগিতাৰ ১৩ ৰাউণ্ডলৈ দুয়োগৰাকী খেলুৱৈয়ে ২ খনকৈ মেচত জয় ৯খন মেচত ড্ৰ’ৰে সমসংখ্যক পইণ্ট লাভ কৰি আহিছিল। বৃহস্পতিবাৰে অনুষ্ঠিত হয় ১৪ তথা অন্তিম ৰাউণ্ডৰ মেচ। এই নিৰ্ণায়ক মেচখনত ১৮ বছৰীয়া গুকেছে চীনা গ্ৰেণ্ডমাষ্টাৰগৰাকীক ৭.৫-৬.৫ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে। এইদৰে দেশৰ কিংবদন্তি গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় ডবা বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় গুকেছ।

Latest News