5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পৰস্পৰৰ বিপক্ষে যুঁজিলে বিশ্বকাপজয়ী ভাৰতীয় দলৰ খেলুৱৈয়েঃ ওলাল এনে ফলাফল…

ভাৰতীয় দলক বিশ্বকাপ খিতাপ তুলি দিয়া দুগৰাকী তাৰকা খেলুৱৈ এইবাৰ পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হ’ল খেলপথাৰত। এই মেচখনত এগৰাকী তাৰকাই বেটেৰে আৰু আনগৰাকী তাৰকাই বলেৰে দাঙি ধৰে উজ্জীৱিত প্ৰদৰ্শন। পৰস্পৰৰ বিপক্ষে দুই তাৰকাৰ মাজত দেখিবলৈ পোৱা গ’ল ৰোমাঞ্চকৰ যুঁজ।

পৰস্পৰৰ বিপক্ষে যুঁজিলে বিশ্বকাপজয়ী ভাৰতীয় দলৰ খেলুৱৈয়েঃ ওলাল এনে ফলাফল…
MLCত উজলিল দুই ভাৰতীয়
monjit-dutta
Monjit Dutta | Published: 18 Jul 2024 15:04 PM

প্ৰতিদ্বন্দী দেশৰ বিপক্ষে দুৰন্ত প্ৰদৰ্শনৰ পিছত এইবাৰ পৰস্পৰৰ বিপক্ষেই খেলপথাৰত নামিল বিশ্বকাপজয়ী ভাৰতীয় দলৰ খেলুৱৈ। সতীৰ্থ খেলুৱৈৰ বিপক্ষেই এইবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি উজলিছে বিশ্বকাপজয়ী খেলুৱৈসকলে। এই পাৰস্পৰিক প্ৰতিযোগিতা দেখা গৈছে আমেৰিকাত চলি থকা মেজৰ লীগ ক্ৰিকেটত। এসময়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি নীলা জাৰ্চিৰে খেলপথাৰত সবল প্ৰদৰ্শনেৰে বিশ্বকাপৰ খিতাপ তুলি লোৱা এই খেলুৱৈসকলে এতিয়া মেজৰ লীগ ক্ৰিকেটত খেলিছে পৰস্পৰৰ বিপক্ষে। অৱশ্যে এই খেলুৱৈসকলে ভাৰতীয় ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰা নাই। জুনিয়ৰ পৰ্যায়তহে এই খেলুৱৈসকলে কৰিছিল বিশ্বজয়।

১৯ অনুৰ্ধ বিশ্বকাপত ভাৰতীয় দলে প্ৰথমে ২০০০ চনত দেখিছিল বিজয়ৰ মুখ। মহম্মদ কাঈফৰ নেতৃত্বত ভাৰতীয় দলটোৱে তুলিছিল বিজয়ৰ খিতাপ। ইয়াৰ পিছত ২০০৮ চনত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে দ্বিতীয়বাৰৰ বাবে জয়ী হৈছিল প্ৰতিযোগিতাত। আনহাতে ২০১২ চনত তৃতীয়বাৰৰ বাবে সফলতাৰ মুখ দেখিছিল ভাৰতে। এই দলটোৰ অধিনায়ক আছিল উন্মুক্ত চান্দ।

সাধাৰণতে ১৯ অনুৰ্ধ দলত উন্নত প্ৰদৰ্শন আগবঢ়োৱা খেলুৱৈসকলে ভাৰতৰ ছিনিয়ৰ দলত স্থান লাভৰ পথ মুকলি কৰা দেখা যায়। পূৰ্বৰ দুই খিতাপজয়ী অধিনায়ক কাঈফ আৰু কোহলীয়ে পোনে পোনে স্থান নিশ্চিত কৰি তুলিছিল জাতীয় দলত। কিন্তু ২০১২ চনত ভাৰতৰ ১৯ অনুৰ্ধ বিশ্বকাপ খিতাপ জয়ী উন্মুক্ত চান্দৰ ক্ষেত্ৰত দেখা নগ’ল তেনে সৌভাগ্য।

আনহাতে সেই দলটোৰ অন্যতম প্ৰধান সদস্য হৰমীত সিঙৰ ক্ষেত্ৰতো দেখা গৈছিল একেই কথা। ভাৰতীয় দলত সুযোগ নকৰাৰ পিছতে এই খেলুৱৈসকলে আমেৰিকা অভিমুখে ৰাওনা হয়। উন্মুক্ত চান্দে গত টি-২০ বিশ্বকাপত স্থান নাপালেও হৰমীত সিঙে আমেৰিকা দলক প্ৰতিনিধিত্ব কৰিছে। সম্প্ৰতি চলি থকা মেজৰ লীগ ক্ৰিকেটত উন্মুক্ত চান্দ আৰু হৰমীত সিং পৰস্পৰ মুখামুখি হৈছিল।

এই মেচখন অনুষ্ঠিত হৈছিল ছিয়াটল অৰ্কাছ আৰু লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছৰ মাজত। উন্মুক্তই লছ এঞ্জেলছ দলক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে হৰমীত সিঙে ছিয়াটল অৰ্কাছক প্ৰতিনিধিত্ব কৰিছে। প্ৰথমে বেটিং কৰি ছিয়াটলে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৪২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত লছ এঞ্জেলছে ৫টা বল বাকী থকা অৱস্থাত লক্ষ্য অনুসৰণ কৰি ৪ উইকেটত জয়লাভ কৰে।

মেচখনত উন্মুক্ত আৰু হৰমীতৰ মাজত দেখা যায় ৰোমাঞ্চকৰ যুঁজ। উন্মুক্তই ৪৭ বলত ৬২ ৰাণৰ দৰ্শনীয় ইনিংছেৰে দলৰ জয়ৰ ভেটি গঢ়ি তোলে। উন্মুক্তই নিজৰ ইনিংছটোত ৩টা ছয় কোবায়। কিন্তু হৰমীত সিঙৰ বলত এটাও ছয় কোবোৱাত বিফল হয় উন্মুক্ত। তদুপৰি হৰমীতে উন্মুক্তৰ উইকেটো দখল কৰে। সামগ্ৰিকভাৱে হৰমীতে ৪ অভাৰত ২৭ ৰাণত ২ উইকেট দখল কৰে। অৰ্থাৎ মেচখনত নিজা প্ৰদৰ্শনৰ দিশৰ পৰা একালৰ দুয়ো সতীৰ্থ উজলি উঠে।

Latest News