কোন হ’ব আগন্তুক ছিজনৰ টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰতিদ্বন্দী! প্ৰকাশ পালে তালিকা, চাওক সবিশেষ…

আগন্তুক ছিজনৰ অৰ্থাৎ ২০২৫-২৭ ছিজনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতকে ধৰি আন দলৰ টেষ্ট শৃংখলাৰ তালিকা প্ৰকাশ পাইছে।  আগন্তুক এই ছিজনত ভাৰতীয় দলে ৬টা দলৰ সৈতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। ইয়াৰে ৩টা শৃংখলা ঘৰুৱা আৰু ৩টা শৃংখলা বিদেশৰ মাটিত খেলিব লাগিব ভাৰতে। ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ হ’ব এই ছিজন।

কোন হ’ব আগন্তুক ছিজনৰ টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰতিদ্বন্দী! প্ৰকাশ পালে তালিকা, চাওক সবিশেষ…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ তালিকা প্ৰকাশ

Published: 

19 Dec 2024 13:22 PM

বৰ্তমান প্ৰায় অন্তিম পৰ্যায়ত আছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ ছিজন। অহা বৰ্ষৰ ১১-১৫ জুনত ক্ৰিকেতৰ মক্কা খ্যাত লৰ্ডছত অনুষ্ঠিত হ’ব চলিত ছিজনৰ ফাইনেল। এইপৰ্যন্ত কোনো এটা দলেই ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হোৱা নাই যদিও দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজতে যিকোনো দুটা দলে উপনীত হ’ব পাৰে ফাইনেলত। অৱশ্যে ভাৰতৰ সম্ভাৱনা এইক্ষেত্ৰত যদি কম বুলিব পাৰি। অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম দুখন মেচত জয়ী হ’লেহে ভাৰতে ফাইনেলৰ পথ মুকলি কৰিব পাৰিব।

চলিত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতীয় দলৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে প্ৰকাশ পাইছে আগন্তুক ছিজনৰ অৰ্থাৎ ২০২৫-২৭ ছিজনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতকে ধৰি আন দলৰ টেষ্ট শৃংখলাৰ তালিকা।  আগন্তুক এই ছিজনত ভাৰতীয় দলে ৬টা দলৰ সৈতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। ইয়াৰে ৩টা শৃংখলা ঘৰুৱা আৰু ৩টা শৃংখলা বিদেশৰ মাটিত খেলিব লাগিব ভাৰতে। ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ হ’ব এই ছিজন।

আগন্তুক এই ছিজনত ভাৰতীয় দল প্ৰথম মুখামুখি হ’ব ইংলেণ্ডৰ বিপক্ষে। ৫খন মেচৰ এই টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব। শৃংখলাৰ অন্তিমখন মেচ ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। ইংলেণ্ডৰ মাটিত অনুষ্ঠিত হ’ব পাঁচখনীয়া মেচৰ এই শৃংখলা। ইংলেণ্ডৰ বিপক্ষে এই শৃংখলাৰ বিপৰীতে ভাৰতে টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ কৰিব। আনহাতে অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেশতে টেষ্ট শৃংখলাত অংশ ল’ব ভাৰতে।

প্ৰতিটো দলেই আগন্তুক ছিজনৰ টেষ্ট চেম্পিয়নশ্বিপত ৬টাকৈ শৃংখলা খেলিব। ঘৰুৱা পৰিৱেশত তিনিটাকৈ শৃংখলা খেলাৰ বিপৰীতে বিদেশৰ মাটিত আন তিনিটা শৃংখলা খেলিব লাগিব।  অৱশ্যে এই শৃংখলাসমূহৰ সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আগন্তুক এই শৃংখলাত অষ্ট্ৰেলিয়াই ঘৰুৱা পৰিৱেশত ইংলেণ্ড, নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিব। আনহাতে বিদেশৰ মাটিত ভাৰত, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা খেলিব দলটোৱে।

ইংলেণ্ডে ভাৰতৰ লগতে নিউজিলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে নিজ দেশত শৃংখলা খেলিব। বিদেশৰ মাটিত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ বিৰুদ্ধে দলটোৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব। একেদৰে নিউজিলেণ্ডে ভাৰত, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা খেলিব আৰু অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে শৃংখলাৰ বাবে বিদেশ ভ্ৰমণ কৰিব। ইফালে দক্ষিণ আফ্ৰিকাই পৰৱৰ্তী ছিজনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা খেলিব।

আনহাতে ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাৰ বাবে বিদেশ ভ্ৰমণ কৰিব দলটোৱে। পাকিস্তানে নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ বিপক্ষে ঘৰুৱা শৃংখলাত অংশ ল’ব। টেষ্ট শৃংখলাৰ বাবে দলটোৱে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশলৈ যাব লাগিব। একেদৰে শ্ৰীলংকাই ঘৰুৱা পৰিৱেশত ভাৰত, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিব, তাৰ পিছত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তান ভ্ৰমণ কৰিব দলটোৱে।

ৱেষ্ট ইণ্ডিজে ঘৰুৱা শৃংখলাত অষ্ট্ৰেলিয়া, শ্ৰীলংকা আৰু পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হ’ব। আনহাতে ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশৰ বিপক্ষে শৃংখলাৰ বাবে বিদেশ ভ্ৰমণ কৰিব লাগিব। বাংলাদেশে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিপক্ষে ঘৰুৱা শৃংখলা খেলাৰ বিপৰীতে শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা ভ্ৰমণ কৰিব।  এই শৃংখলাসমূহৰ সবিস্তাৰিত সূচী পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ পাব।

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...