5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সমীকৰণত লাগিছে আউলঃ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা ভংগ হ’ব নেকি ভাৰতৰ!

বিগত দুবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলে শক্তিশালী স্থিতিত থকাৰ বাবে এইবাৰো সহজেই ফাইনেলত উপনীত হ’ব বুলি আশা কৰিছিল সকলোৱে। কিন্তু হঠাতে যেন এই সকলো সমীকৰণত লাগিছে আউল। ফাইনেলত নিশ্চিত স্থান দখলৰ দৌৰত থকা ভাৰতীয় দল এতিয়া এই দৌৰৰ পৰা বাহিৰ হোৱাৰ শংকাতহে ভুগিছে।

সমীকৰণত লাগিছে আউলঃ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা ভংগ হ’ব নেকি ভাৰতৰ!
শংকাত ভাৰতীয় ক্ৰিকেট দল
monjit-dutta
Monjit Dutta | Published: 27 Oct 2024 17:23 PM

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিব নোৱাৰিলেও বিগত দুবাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতীয় দলে। ধাৰাবাহিকতা প্ৰদৰ্শনেৰে এইবাৰো ভাৰতে সহজেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’ব বুলি আশা কৰিছিল সকলোৱে। ইটোৰ পিছত সিটোকৈ টেষ্ট শৃংখলা জয়েৰে এই দিশত শক্তিশালী স্থিতিও লাভ কৰিছিল ভাৰতীয় দলে। কিন্তু হঠাতে যেন এই সকলো সমীকৰণত লাগিল আউল। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিশ্চিত স্থান দখলৰ দৌৰত থকা ভাৰতীয় দল এতিয়া এই দৌৰৰ পৰা বাহিৰ হোৱাৰ শংকাতহে ভুগিছে।

ভাৰতীয় দলৰ এই সকলো সমীকৰণত আউল লগাইছে নিউজিলেণ্ডে। সম্প্ৰতি ভাৰত ভ্ৰমণৰত কিৱি দলটোৱে ক্ৰিকেট বিশ্বত আধিপত্য বিস্তাৰ কৰি অহা ভাৰতীয় দলৰ দৰ্প চূৰ্ণ কৰাৰ সমান্তৰালকৈ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা ভংগ কৰাৰো উপক্ৰম হৈছে। নিউজিলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ চলিত টেষ্ট শৃংখলাটো আাৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দল তথা অনুৰাগীৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বই হয়তো আশা কৰা নাছিল কিৱি দলৰ জয়।

ঘৰুৱা মাটিত একেৰাহে ১৮ টাকৈ টেষ্ট শৃংখলা জয় কৰা ভাৰতীয় দলক ঘৰৰ মাটিত পৰাস্ত কৰাটো একপ্ৰকাৰে অসম্ভৱ যেনেই পতীয়মান হৈ আহিছিল। ভ্ৰমণকাৰী কিৱি দলক ভাৰতে এই শৃংখলাত সহজেই পৰাস্ত কৰিব বুলি স্বাভাৱিকতেই সকলোৱে অনুমান কৰিছিল। কিন্তু প্ৰথম দুখন টেষ্টত ভাৰতক সহজেই পৰাস্ত কৰি শৃংখলা নিশ্চিত কৰি সকলোৰে পূৰ্বানুমান ভুল প্ৰমাণিত কৰে টম লাথাম বাহিনীয়ে।

ইয়াৰ লগে লগে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবেও ভাৰতৰ সমুখত এতিয়া কঠিন বাধা আহি পৰিছে। পুনে টেষ্টৰ পূৰ্বে ভাৰত টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ৬৮.০৬ শতাংশ পইণ্টেৰে শীৰ্ষত আছিল। আনহাতে ৬২.৫০ শতাংশ পইণ্টেৰে দ্বিতীয় স্থানত আছিল অষ্ট্ৰেলিয়া। একেদৰে শ্ৰীলংকাই ৫৫.৫৬ শতাংশ পইণ্টেৰে তৃতীয়, দক্ষিণ আফ্ৰিকা ৪৭.৬২ শতাংশ পইণ্টেৰে চতুৰ্থ আৰু ৪৪.৪৪ শতাংশ পইণ্টেৰে নিউজিলেণ্ড পঞ্চম স্থানত আছিল।

কিন্তু পুনেত পৰাজয়ৰ পিছত টিম ইণ্ডিয়াৰ পইণ্টৰ শতকৰা হাৰ ৬২.৮২ লৈ হ্ৰাস পাইছে। অৱশ্যে পইণ্ট তালিকাত ভাৰতৰ স্থান এতিয়াও অপৰিৱৰ্তিত আছে। পিছে অষ্ট্ৰেলিয়াতকৈ এতিয়া মাত্ৰ ০.৩২ শতাংশ পইণ্টৰ সামান্য ব্যৱধানতহে আগবাঢ়ি আছে ভাৰত। আনহাতে এই জয়ৰ পৰা লাভৱান হৈছে নিউজিলেণ্ড। ৫০ শতাংশ পইণ্ট লাভ কৰি দক্ষিণ আফ্ৰিকাক পিছলৈ ঠেলি চতুৰ্থ স্থানলৈ উন্নী হৈছে দলটো।

ইফালে পুনে টেষ্টত পৰাজয়ৰ পিছত ভাৰতীয় দলৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ স্থান সন্দিহান হৈ পৰিছে। এইপৰ্যন্ত ভাৰত এই দৌৰৰ পৰা বাহিৰ হোৱা নাই যদিও তেনে এক বিপদেই গা কৰি উঠিছে। এই ছিজনৰ টেষ্ট চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ এতিয়া ৬ খন মেচ বাকী আছে। কোনো দলৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতে অতি কমেও ৪ খন টেষ্টতে জয়ী হ’ব লাগিব।

পিছে ভাৰতীয় দলৰ বাবে এই লক্ষ্য একপ্ৰকাৰে কঠিন হৈ পৰিছে। আগন্তুক ৬ খন মেচৰ এখন ভাৰতে ফৰ্মত থকা নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব আৰু বাকী ৫খন মেচ শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে অষ্ট্ৰেলিয়ান ভূমিতে খেলিব লাগিব। অৰ্থাৎ নিউজিলেণ্ডৰ বিপক্ষে অন্তিমখন মেচত জয়ী হ’লেও ভাৰতে অষ্ট্ৰেলিয়াৰ বিপক্ষে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তিনিখন মেচত জয়লাভ কৰিব লাগিব।

অষ্ট্ৰেলিয়াক নিজৰ মাটিতে তিনিখন মেচত পৰাস্ত কৰাটো এইমুহূৰ্তত ভাৰতৰ পক্ষে একপ্ৰকাৰে অসম্ভৱ যেনেই অনুমান হয়। এনে পৰিস্থিতিত ভাৰতীয় দলৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সম্ভাৱনাও এতিয়া প্ৰায় দুৰূ্হ হৈ পৰিছে। এই অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ হ’লে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলে অষ্ট্ৰেলিয়ান ভূমিত দমনীয় প্ৰদৰ্শন দাঙি ধৰিব লাগিব।

Latest News