মেলবৰ্ণত পৰাজয়ে ৰুদ্ধ কৰিলে নেকি ভাৰতৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ! চাওক নতুন সমীকৰণ

মেলবৰ্ণ টেষ্টত পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ স্বপ্ন এতিয়া ভাৰতৰ বাবে চূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে দক্ষিণ আফ্ৰিকাই কালি পাকিস্তানক পৰাস্ত কৰি প্ৰথমটো দল হিচাপে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া ভাৰতীয় দলৰ ফাইনেলৰ পথ প্ৰায় কঠিন হৈ পৰিছে যদিও এতিয়াও অসম্ভৱ নহয়। চাওঁ আহক এই সমীকৰণ।

মেলবৰ্ণত পৰাজয়ে ৰুদ্ধ কৰিলে নেকি ভাৰতৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ! চাওক নতুন সমীকৰণ

চূৰ্ণ হ’ল নেকি ভাৰতীয় অনুৰাগীৰ আশা!

Published: 

30 Dec 2024 13:34 PM

অৱশেষত আশংকা থকাৰ দৰেই আজি মেলবৰ্ণ টেষ্টত পৰাস্ত হ’ল ভাৰতীয় ক্ৰিকেট দল। শোচনীয় বেটিং প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়ান বলিং আক্ৰমণৰ সমুখত নিৰ্লজ্জ আত্মসমৰ্পণ কৰি ভাৰতে মাত্ৰ ১৫৫ ৰানত ইনিংছ সামৰি ১৮৪ ৰানত পৰাজয় স্বীকাৰ কৰিছে মেলবৰ্ণত। এই জয়েৰে অষ্ট্ৰেলিয়াই পাঁচখনীয়া মেচৰ এই শৃংখলাটোত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। ইফালে শৃংখলাৰ প্ৰথমখন টেষ্টত জয়ৰ পিছতো শোচনীয় প্ৰদৰ্শনেৰে এতিয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত চলাই অহা আধিপত্য হেৰুওৱাৰ দিশে ভাৰত।

কেৱল ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীয়েই নহয়, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ স্বপ্নও এতিয়া ভাৰতৰ বাবে চূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে দক্ষিণ আফ্ৰিকাই কালি পাকিস্তানক পৰাস্ত কৰি প্ৰথমটো দল হিচাপে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া ফাইনেলত স্থান লাভৰ বাবে প্ৰতিদ্বন্দিতা চলিছে ভাৰত, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত। কিন্তু মেলবৰ্ণ টেষ্টত পৰাজয়ৰ পাছত ভাৰতৰ আশাত বৃ্হৎ বাধা আহি পৰিছে।

মেলবৰ্ণত পৰাজয়ৰ পিছত ভাৰতীয় দল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব নেকি, এই প্ৰশ্ন উত্থাপন হৈছে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত। এক কথাত ভাৰতীয় দলৰ ফাইনেলৰ পথ প্ৰায় কঠিন হৈ পৰিছে যদিও এতিয়াও অসম্ভৱ নহয়। কিন্তু এইক্ষেত্ৰত ভাৰতীয় দলক শ্ৰীলংকাৰ সহায়ৰ প্ৰয়োজন। অৱশ্যে ইয়াৰ পূৰ্বে যিকোনো মূল্যৰ বিনিময়ত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন খেলত জয়ী হ’ব লাগিব ভাৰতীয় দল। অন্যথা এই দৌৰৰ পৰা ভাৰতে বিদায় ল’ব লাগিব।

আজিৰ পৰাজয়ৰ পাছতো টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে ভাৰত, কিন্তু হ্ৰাস পাইছে পিচিটি পইণ্ট। ভাৰতে এতিয়া ৫২.৭৭ শতাংশ পিচিটি পইণ্ট লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ পিচিটি স্ক’ৰ এতিয়া ৬১.৪৬ শতাংশলৈ বৃদ্ধি পাইছে। ভাৰতে এতিয়া ছিডনী টেষ্টত জয়লাভ কৰিলে ফাইনেলৰ বাবে কিঞ্চিত আশা থাকিব। কিন্তু এই আশাও অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২ টেষ্ট শৃংখলাৰ দ্বাৰা নিৰ্ণয় হ’ব।

যদিহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা সমতা স্থাপন কৰাত ভাৰত সফল হয়, তেতিয়া ফাইনেলৰ দৌৰত থাকিব। কিন্তু এনে পৰিস্থিতিত ভাৰতীয় দলে অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ আগন্তুক টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়া যাতে এখনো মেচত জয়ী নহয়, তাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। অৰ্থাৎ শ্ৰীলংকাই যদি এই শৃংখলাত ১-০ ব্যৱধানত জয়লাভ কৰে, তেতিয়া ভাৰতীয় দলে ফাইনেলত প্ৰৱেশ কৰিব।

একে সময়তে যদি শ্ৰীলংকাই এখন মেচতো পৰাস্ত হয় তেতিয়া অষ্ট্ৰেলিয়াই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিব। আনহাতে, শ্ৰীলংকাই যদি দুয়োখন মেচতে জয়লাভ কৰে তেন্তে ভাৰত আৰু অষ্ট্ৰেলিয়াক বাহিৰ কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিব।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?