টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব পাৰে ভাৰত-অষ্ট্ৰেলিয়া! চাওক সমীকৰণ
আজি পাকিস্তানক পৰাস্ত কৰি প্ৰথমটো দল হিচাপে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে দক্ষিণ আফ্ৰিকাই। এতিয়া দ্বিতীয়টো দলৰ যোগ্যতাৰ বাবে সকলোৰে দৃষ্টি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ওপৰত। অৰ্থাৎ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এটা দলে ফাইনেলৰ পথ মুকলি কৰিব বুলি সকলো প্ৰায় নিশ্চিত। পিছে এক সমীকৰণে ভাৰত আৰু অষ্ট্ৰেলিয়াকো ফাইনেলৰ দৌৰৰ পৰা এতিয়া বাহিৰ কৰিব পাৰে।
যোৱা মাহত নিউজিলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হোৱা ঘৰুৱা টেষ্ট শৃংখলাৰ পূৰ্বলৈকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত সকলোতকৈ আগত আছিল ভাৰত। কিন্তু নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাত শোচনীয়ভাৱে হোৱাইট ৱাছ হোৱাৰ পিছত ভাৰতীয় দলৰ এই নিশ্চিতিৰ পথত আহি পৰিল বৃহৎ বাধা। এক কথাত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা ভংগৰ হোৱাৰেই উপক্ৰম হৈছিল ভাৰতীয় দলৰ বাবে। কিন্তু অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত জয়েৰে কিছু আশা ঘূৰাই আনে ভাৰতে।
পিছে এডিলেইড টেষ্টত পৰাজয়ৰ পিছত পুনৰ সংকটত পৰে ভাৰতীয় দলৰ লক্ষ্য। এতিয়া চলিত মেলবৰ্ণ টেষ্ট আৰু ছিডনী টেষ্টত জয়েই ভাৰতৰ বাবে ফাইনেলত প্ৰৱেশৰ প্ৰধান পথ। ইতিমধ্যে মেলবৰ্ণ টেষ্ট এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে। কাইলৈ মেচৰ অন্তিমটো দিনত দুয়োটা দলৰে জয়ৰ সম্ভাৱনা দেখা গৈছে। এইমেচৰ ৰোমাঞ্চকৰ স্থিতিৰ সমানে এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সমীকৰণো আকৰ্ষণীয় হৈ পৰিছে।
আজি পাকিস্তানক পৰাস্ত কৰি প্ৰথমটো দল হিচাপে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে দক্ষিণ আফ্ৰিকাই। এতিয়া দ্বিতীয়টো দলৰ যোগ্যতাৰ বাবে সকলোৰে দৃষ্টি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ওপৰত। অৰ্থাৎ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এটা দলে ফাইনেলৰ পথ মুকলি কৰিব বুলি সকলো প্ৰায় নিশ্চিত। পিছে এই নিশ্চিতিও শংকামুক্ত নহয়। এক সমীকৰণে ভাৰত আৰু অষ্ট্ৰেলিয়াকো ফাইনেলৰ দৌৰৰ পৰা এতিয়া বাহিৰ কৰিব পাৰে।
অহা বৰ্ষৰ জুন মাহত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ কৰিবলৈ হ’লে ভাৰতীয় দলে চলিত মেলবৰ্ণ টেষ্টৰ লগতে ছিডনী টেষ্টতো জয়লাভ কৰিব লাগিব। আনহাতে এই মেচখন ড্ৰ’ কৰি অন্তিম মেচত জয়েৰে ২-১ ব্যৱধানত শৃংখলা জয় কৰিলে ভাৰতে অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া টেষ্ট শৃংখলাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এই শৃংখলাত অষ্ট্ৰেলিয়াই ১-০ ব্যৱধানত জয়ী হ’লেই বাহিৰ হ’ব ভাৰত।
পিছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ড্ৰ’ ৰূপে সামৰণি মাৰিলেও ভাৰতৰ সম্ভাৱনা থাকিব। এইক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক শৃংখলাত শ্ৰীলংকা ১-০ ব্যৱধানত জয়ী হ’ব লাগিব বা শৃংখলাৰ দুয়োখন মেচ ড্ৰ হ’ব লাগিব। আনহাতে অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত শৃংখলাত পৰাস্ত হোৱা মানেই ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ভাৰতীয় দল। লক্ষণীয়ভাৱে এই শৃংখলাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি সুযোগ লাভ কৰিব শ্ৰীলংকায়ো।
যদি ভাৰত অষ্ট্ৰেলিয়াৰ চলিত শৃংখলা ২-২ ব্যৱধানত অন্ত পৰে বা অষ্ট্ৰেলিয়াই ২-১ ব্যৱধানত শৃংখলা জয় কৰে, তেতিয়া শ্ৰীলংকায়ো টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ কিঞ্চিত আশা থাকিব। এই আশা বাস্তৱ কৰিবলৈ তেতিয়া শ্ৰীলংকাই অষ্ট্ৰেলিয়াক দুখন মেচৰ শৃংখলাটোত হোৱাইৱাছ কৰিব লাগিব। অৰ্থাৎ অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখলাত ২-০ ব্যৱধানত জয়ী হ’লে ফাইনেলত প্ৰৱেশ কৰিব শ্ৰীলংকাই।