ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম সম্পন্নঃ কোনে লাভ কৰিলে সৰ্বাধিক দৰ, চাওক সম্পূৰ্ণ তালিকা…
ৱ’মেন প্ৰিমিয়াৰ লীগৰ বাবে আজি বাংগালুৰুত সম্পন্ন হয় খেলুৱৈৰ নিলাম। এই মিনি নিলামৰ বাবে মুঠ ১২০ গৰাকী খেলুৱৈৰ নাম চৰ্টলিষ্ট কৰা হৈছিল আৰু পাঁচটা ফ্ৰেন্সাইজিত খালী থকা মুঠ ১৯টা স্থান পূৰণৰ বাবে নিবিদা গ্ৰহণ কৰা হৈছিল। এই নিলামত কোনগৰাকী খেলুৱৈয়ে সৰ্বাধিক দৰ লাভ কৰিলে তথা নিলাম হোৱা খেলুৱৈকেইগৰাকীৰ সম্পূৰ্ণ তথ্য চাওঁ আহক।
আগন্তুক সংস্কৰণৰ ৱ’মেন প্ৰিমিয়াৰ লীগৰ বাবে আজি সম্পন্ন হয় খেলুৱৈৰ নিলাম। বাংগালুৰুত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা এই মিনি নিলাম ইতিমধ্যে সম্পন্ন হৈছে। এই মিনি নিলামৰ বাবে মুঠ ১২০ গৰাকী খেলুৱৈৰ নাম চৰ্টলিষ্ট কৰা হৈছিল আৰু পাঁচটা ফ্ৰেন্সাইজিত খালী থকা মুঠ ১৯টা স্থান পূৰণৰ বাবে নিবিদা গ্ৰহণ কৰা হৈছিল। মুঠ ৯১ গৰাকী ভাৰতীয় আৰু ২৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ নাম এই তালিকাত আছিল আৰু ইয়াৰে ভিতৰত ভাৰতৰে এগৰাকী আনকেপড খেলুৱৈয়ে নিলামত সৰ্বাধিক দৰ লাভ কৰিছে।
মুম্বাইৰ খেলুৱৈ ছিমৰণ শ্বেইখ এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে বিবেচিত হয়। ২২ বৰ্ষীয় খেলুৱৈগৰাকীক সৰ্বাধিক ১.৯০ কোটি টকা মূল্যত ক্ৰয় কৰে গুজৰাট জায়েন্টছে। দিল্লী কেপিটেলছৰ সৈতে তীব্ৰ নিবিদা যুঁজৰ অন্তত গুজৰাটে ক্ৰয় কৰে ছিমৰণক। ফ্ৰেন্সাইজিটোৱে লগতে নিলামৰ দ্বিতীয় সৰ্বাধিক দৰৰ খেলুৱৈ ৰূপত ১.৭০ কোটি টকাত ক্ৰয় কৰে ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ ডায়েণ্ড্ৰা ডটিনক।
ইফালে এই নিলামত ভগ্যোদয় ঘটে এগৰাকী ১৬ বৰ্ষীয় কিশোৰী খেলুৱৈৰ। ভাৰতীয় ১৯ অনুৰ্ধ দলৰ উইকেটকীপাৰ বেটাৰ জি কমলিনীক ১.৬০ কোটি টকাত ক্ৰয় কৰে মুম্বাই ইণ্ডিয়ানছে। লক্ষণীয়ভাৱে আজি কমলিনীয়ে নিলামৰ কিছু সময় পূৰ্বে ১৯ অনুৰ্ধ মহিলা এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে এক বিস্ফোৰক ইনিংছ খেলিছিল। পাকিস্তানে বান্ধি দিয়া ৬৮ ৰানৰ লক্ষ্য অনুসৰণৰ পথত কমলিনীয়ে খেলিছিল ৪৪ ৰানৰ এটা বিস্ফোৰক ইনিংছ।
মাত্ৰ ২৯ টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে এই ইনিংছটো সজায় কিশোৰী তাৰকাগৰাকীয়ে। এই ইনিংছটোৱেই নিলামত ভাগ্যোদয় ঘটায় কমলিনীৰ। এই তিনিগৰাকী খেলুৱৈৰ বাদে কোটিৰ ওপৰত দৰ লাভ কৰা আনগৰাকী খেলুৱৈ হৈছে প্ৰেমা ৰাৱট। খেলুৱৈগৰাকীক ১.২ কোটি টকাত ক্ৰয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। চাওঁ আহক নিলামত বিক্ৰী হোৱা সম্পূৰ্ণ খেলুৱৈৰ তালিকা-
ছিমৰণ শ্বেইখঃ ১.৯০ কোটি টকা (গুজৰাট জায়েন্টছ)
ডায়েণ্ড্ৰা ডটিনঃ ১.৭০ কোটি টকা (গুজৰাট জায়েন্টছ)
জি কমলিনীঃ ১.৬০ কোটি টকা (মুম্বাই ইণ্ডিয়ানছ)
প্ৰেমা ৰাৱটঃ ১.২ কোটি টকা (ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু)
এন চৰণীঃ ৫৫ লাখ টকা (দিল্লী কেপিটেলছ)
নাদিন ডি ক্লাৰ্কঃ ৩০ লাখ টকা (মুম্বাই ইণ্ডিয়ানছ)
ডেনিয়েল গিবছনঃ ৩০ লাখ টকা (গুজৰাট জায়েন্টছ)
আলানা কিং: ৩০ লাখ টকা (ইউ পি ৱাৰিয়ৰ্জ)
অক্ষিতা মহেশ্বৰীঃ ২০ লাখ টকা (মুম্বাই ইণ্ডিয়ানছ)
নন্দিনী কাশ্যপঃ ১০ লাখ টকা (দিল্লী কেপিটেলছ)
আৰুচি গোৱেলঃ ১০ লাখ টকা (ইউ পি ৱাৰিয়ৰ্জ)
ক্ৰান্তি গৌড়ঃ ১০ লাখ টকা (ইউ পি ৱাৰিয়ৰ্জ)
সংস্কৃতি গুপ্তাঃ ১০ লাখ টকা (মুম্বাই ইণ্ডিয়ানছ)
যোশিতা ভিজেঃ ১০ লাখ টকা (ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু)
চাৰা ব্ৰাইচঃ ১০ লাখ টকা (দিল্লী কেপিটেলছ)
ৰাঘৱী বিষ্টঃ ১০ লাখ টকা (ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু)
জাগ্ৰৱী পাৱাৰঃ ১০ লাখ টকা (ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু)
নিকি প্ৰসাদঃ ১০ লাখ টকা (দিল্লী কেপিটেলছ)
প্ৰকাশিকা নাইকঃ ১০ লাখ টকা (গুজৰাট জায়েন্টছ)