আজি ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলামঃ কোন দলৰ হাতত আছে কিমান ধন, চাওক…
আই পি এলৰ পিছত আজি অনুষ্ঠিত হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। বিয়লি ৩ বজাৰ পৰা বাংগালুৰুত এই নিলাম আৰম্ভ হ’ব। অৱশ্যে আগন্তুক ছিজনৰ বাবে এইবাৰ মেগা নিলামহে অনুষ্ঠিত হ’ব। ইতিপূৰ্বে প্ৰতিটো ফ্ৰেন্সাইজিয়ে দলত অধিকাংশ খেলুৱৈকে ৰিটেইন কৰি ৰাখিছিল। সেয়ে আজি এই মিনি নিলামত মাত্ৰ কেইগৰাকীমান খেলুৱৈৰহে নিলাম হ’ব।
কিছুদিন পূৰ্বে চৌদি আৰৱত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম। এই নিলামত খেলুৱৈৰ বিপৰীতে উঠিছিল টকাৰ উজান। আই পি এলৰ পিছত আজি অনুষ্ঠিত হ’ব ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। বিয়লি ৩ বজাৰ পৰা বাংগালুৰুত এই নিলাম আৰম্ভ হ’ব। অৱশ্যে আগন্তুক ছিজনৰ বাবে এইবাৰ মেগা নিলামহে অনুষ্ঠিত হ’ব। সেয়ে ইতিপূৰ্বে প্ৰতিটো ফ্ৰেন্সাইজিয়ে দলত অধিকাংশ খেলুৱৈকে ৰিটেইন কৰি ৰাখিছিল। তেনে অৱস্থাত আজি এই মিনি নিলামত মাত্ৰ কেইগৰাকীমান খেলুৱৈৰহে নিলাম হ’ব।
ৱ’মেন প্ৰিমিয়াৰ লীগত মুঠ ৫টা ফ্ৰেন্সাইজি আছে। প্ৰতিটো ফ্ৰেন্সাইজিয়ে মুঠ ১৮ গৰাকী খেলুৱৈক ক্ৰয় কৰিব পাৰে। এই ১৮ গৰাকী খেলুৱৈৰ ভিতৰত সৰ্বাধিক ৬ গৰাকী বিদেশী খেলুৱৈ অন্তৰ্ভুক্ত কৰিব পাৰে। ইতিমধ্যে যিহেতু প্ৰতিটো ফ্ৰেন্সাইজিয়ে অধিকাংশ খেলুৱৈক ৰিটেইন কৰিছিল, সেয়ে নিলামত মাত্ৰ ১৯ গৰাকী খেলুৱৈৰহে ভাগ্যোদয় হ’ব। এই ১৯টা স্থান পূৰ কৰাৰ বাবে নিলামত মুঠ ১২০ গৰাকী খেলুৱৈৰ নাম চৰ্টলিষ্ট কৰা হৈছে।
এইবাৰ নিলামৰ বাবে চৰ্টলিষ্ট কৰা ১২০ গৰাকী খেলুৱৈৰ ভিতৰত ৯১ গৰাকী ভাৰতীয় আৰু ২৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ নাম আছে। আনহাতে নিলামত ৮২ গৰাকী ভাৰতীয় আনকেপড খেলুৱৈ আৰু ৮ গৰাকী বিদেশী আনকেপড খেলুৱৈ আছে। ইফালে নিলামৰ দ্বাৰা পূৰ কৰিবলগা ১৯টা স্থানৰ ভিতৰত ৫ গৰাকী বিদেশী খেলুৱৈ থাকিব। এই নিলামত ইংলেণ্ডৰ অধিনায়ক হিদাৰ নাইট, ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডায়েণ্ড্ৰা ডটিন আৰু দক্ষিণ আফ্ৰিকাৰ লিজেল লীৰ ওপৰত স্বাভাৱিকতেই প্ৰতিটো দলৰ চকু থাকিব।
এই খেলুৱৈকেইগৰাকীৰ ভিত্তি মূল্য ৫০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। একে সময়তে ইংলেণ্ডৰ লৰেন বেল আৰু মাইয়া বাউচিয়াৰ, অষ্ট্ৰেলিয়াৰ ডাৰ্চি ব্ৰাউন আৰু লৰেন চিটল, দক্ষিণ আফ্ৰিকাৰ নাডিন ডি ক্লাৰ্কো এই নিলামৰ অংশ। এই খেলুৱৈকেইগৰাকীৰ ভিত্তি মূল্য ৩০ লাখ টকা। আনহাতে ভাৰতৰ স্নেহ ৰাণা, পুনম যাদৱ, শুভা সতীশ, মানসী যোশী আৰু তেজল হাছবনীকো নিলামত দেখা যাব। এওঁলোকৰো ভিত্তি মূল্য হ’ব ৩০ লাখ টকা।
ইফালে নিলামত ভাৰতৰ বহুকেইগৰাকী যুৱ খেলুৱৈয়ৰ নামো আছে। ইয়াৰ ভিতৰত সৰ্বাধিক চৰ্চিত হৈছে এগৰাকী ১৩ বৰ্ষীয় কিশোৰী । অংশ নাগৰ নামৰ এই কিশোৰী পেচাৰগৰাকীয়ে তিনিমাহ পূৰ্বে মহিলা দিল্লী প্ৰিমিয়াৰ লীগত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। একেদৰে ১৬ বৰ্ষীয় আন এগৰাকী কিশোৰী জি. কমালীনীৰ ওপৰতো নিলামত বিশেষ দৃষ্টি থাকিব। নিলামত এওঁলোকৰ বাবে যিকোনো ফ্ৰেন্সাইজিয়ে আগ্ৰহ প্ৰদৰ্শন কৰিব পাৰে।
উল্লেখ্য যে এইবাৰ প্ৰতিটো ফ্ৰেন্সাইজিয়ে ১৫ কোটি টকা নিলাম পাৰ্চ লাভ কৰিছে। ইয়াৰে এক মোটা অংশ খেলুৱৈৰ ৰিটেনচনৰ সময়ত খৰচ কৰিছিল ফ্ৰেন্সাইজি সমূহে। গুজৰাট জায়েন্টছে সৰ্বাধিক ৪.৪০ কোটি টকাৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিব। ইউ পি ৱাৰিয়ৰ্ছ দলৰ হাতত আছে দ্বিতীয় সৰ্বাধিক ৩.৯০ কোটি টকা। একে সময়তে বিগত ছিজনৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ পাৰ্চত এতিয়া বাকী আছে ৩.২৫ কোটি টকা।
আনহাতে মুম্বাই ইণ্ডিয়ানছৰ পাৰ্চত ২.৬৫ কোটি টকা বাকী থকাৰ বিপৰীতে দিল্লী কেপিটেলছৰ হাতত সৰ্বনিম্ন ২.৫ কোটি টকা বাকী আছে। ইফালে ইউ পি ৱাৰিয়ৰ্ছ দলত এতিয়া ৩ গৰাকী খেলুৱৈৰ স্থান বাকী আছে। আনহাতে আন প্ৰতিটো দলতে ৪টাকৈ স্থান বাকী আছে। পিছে আৰ চি বি দলে ইতিপূৰ্বেই বিদেশী খেলুৱৈৰ স্থান পূৰ কৰি ৰখাৰ বাবে নিলামত বিদেশী খেলুৱৈ ক্ৰয় কৰিব নোৱাৰিব। গুজৰাটে সৰ্বাধিক ২গৰাকী আৰু আন তিনিটা দলে এগৰাকীকৈ বিদেশী খেলুৱৈক ক্ৰয় কৰিব পাৰিব।