মুম্বাইৰ দখলত WPLৰ খিতাপঃ ক্ৰমাগত তৃতীয়বাৰলৈ আশাভংগৰ ব্যথা সহিলে দিল্লীয়ে
মুম্বাই ইণ্ডিয়ানছৰ দখললৈ ৱ’মেন প্ৰিমিয়াৰ লীগৰ তৃতীয় সংস্কৰণৰ খিতাপ। আজি এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত দিল্লী কেপিটেলছক পৰাস্ত কৰি দ্বিতীয়ৱাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰে ফ্ৰেন্সাইজিটোৱে। আনহাতে ক্ৰমাগত তৃতীয়বাৰলৈ ফাইনেলত পৰাজয়ৰ গধুৰ ব্যথা সহিবলগা হৈছে দিল্লীয়ে।

WPLৰ খিতাপ জয় মুম্বাইৰ
মুম্বাই ইণ্ডিয়ানছৰ দখললৈ ৱ’মেন প্ৰিমিয়াৰ লীগৰ তৃতীয় সংস্কৰণৰ খিতাপ। আজি এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত দিল্লী কেপিটেলছক পৰাস্ত কৰি দ্বিতীয়ৱাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰে ফ্ৰেন্সাইজিটোৱে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কোচিত বেটিঙৰ পিছত বলিং বিভাগৰ সন্মিলিত প্ৰচেষ্টাই দলটোক পুনৰ এবাৰ খিতাপত চুম্বন দিয়াৰ সুযোগ দিয়ে। ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ উদ্বোধনী বৰ্ষৰো খিতাপ জয় কৰিছিল মুম্বাইয়ে। আনহাতে ক্ৰমাগত তৃতীয়বাৰলৈ ফাইনেলত পৰাজয়ৰ গধুৰ ব্যথা সহিবলগা হৈছে দিল্লীয়ে।
উদ্বোধনী বৰ্ষতো মুম্বাইৰ হাতত পৰাস্ত হৈ ৰাণাৰ্ছ আপতে ক্ষান্ত থাকিবলগা হোৱা দিল্লীয়ে বিগত ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে ফাইনেলত পৰাজয় সহিবলগা হৈছিল। ফাইনেলত পৰাজয়ৰ এই অনাকাংক্ষিত ধাৰা আজিও অব্যাহত থাকে দলটোৰ আৰু ৮ ৰানত পৰাস্ত হৈ পুনৰ এবাৰ ৰাণাৰ্ছ আপতে ক্ষান্ত থাকিবলগা হয়। দলটোৰ আজিৰ খিতাপ জয়ৰ আশাত প্ৰধান বাধা হৈ থিয় দিয়ে মুম্বাইৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ।
আজি ফাইনেল মেচৰ প্ৰাৰম্ভিক অৱস্থাত অৱশ্যে দিল্লীয়েই গঢ়ি তুলিছিল আশা। প্ৰথমে বেটিং কৰা মুম্বাইক দলটোৱে প্ৰাৰম্ভিক অৱস্থাত প্ৰায় বিপৰ্যস্ত কৰি তুলিছিল। নিয়ন্ত্ৰিত বলিঙেৰে দিল্লীয়ে পাৱাৰ প্লে’ত ৰান সংগ্ৰহত বান্ধি ৰাখিছিল মুম্বাইক। তৃতীয় অভাৰতে মাৰিজেন কেপে বিদায় দিছিল হেইলী মেথিউজক। ইয়াৰ পিছত পঞ্চম অভাৰত আনগৰাকী অপেনাৰ য়স্তিকা ভাটিয়াৰ উইকেটো দখল কৰে কেপে।
লক্ষণীয়ভাৱে ৰান সংগ্ৰহৰ বাবে কঠোৰ শ্ৰম কৰিবলগা মুম্বাইয়ে পঞ্চম অভাৰত প্ৰথমটো বাউণ্ডেৰীৰ মুখ দেখিছিল। প্ৰাৰম্ভিক এই বিপৰ্যয়ৰ পিছত পুনৰ এবাৰ গুৰুত্বপূৰ্ণ ইনিংছেৰে মুম্বাইক উদ্ধাৰ কৰে চেইভাৰ ব্ৰাণ্টে। তেওঁৰ লগতে অধিনায়ক হৰমনপ্ৰীতেও দিল্লীৰ বলিং লাইন আপৰ সমুখত গঢ়ি তোলে প্ৰতিৰোধ। দুয়ো তৃতীয় উইকেটত যোগ দিয়ে ৮৯ ৰান। ব্ৰাণ্টে ৩০ ৰান কৰি বিদায় ল’লেও দলক সমুখৰ পৰা নেতৃত্ব দি উজলি উঠে হৰমনপ্ৰীত কৌৰ।
অৱশ্যে ব্ৰাণ্টৰ উইকেট পতনৰ পিছত মুম্বাইৰ ইনিংছত পুনৰ খহনীয়াৰ সৃষ্টি হয়। একেটা অভাৰতে পেভিলিয়নমুখী হয় আমেলিয়া কাৰ আৰু সজীৱন সজনা। অৱশ্যে আনটো মূৰত নিজ দায়িত্ব কান্ধ পাতি থিয় দি ৰয় হৰমন। আক্ৰমণাত্মক বেটিঙেৰে তেওঁ ৪৪টা বলত ৯টা চাৰি আৰু দুটা ছয়েৰে ৬৬ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। শেষলৈ অমনজৌৎ কৌৰৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ১৪ ৰান। দলটোৱে ৭ উইকেটত সংগ্ৰহ কৰে ১৪৯ ৰান।
দিল্লীৰ হৈ কেপ, জনাচেন আৰু চৰণীয়ে দুটাকৈ উইকেট লাভ কৰে। ইফালে জয়ৰ বাবে ১৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইনিংছ আৰম্ভ কৰা দিল্লীয়েও প্ৰাৰম্ভিক অৱস্থাতে উজুটি খায়। মাত্ৰ ১৭ ৰানতে দলটোৱে ইনিংছৰ দ্বিতীয় আৰু তৃতীয় অভাৰত হেৰুৱায় দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বেটাৰদ্বয় দুই অপেনাৰ ক্ৰমে শ্বেফালী আৰু মেগ লেনিঙক। এই বিপৰ্যয়ৰ পিছত দলটোৰ বেটিং লাইন আপত সঘনে উইকেট পতন হয়।
তাৰ মাজতে জেমিমা ৰড্ৰিগুৱেজ আৰু কেপে যুঁজাৰু মানসিকতাৰে মেচখনত দিল্লীৰ জয়ৰ সম্ভাৱনা গঢ়ি তুলিছিল। কিন্তু দুয়োগৰাকী বেটাৰৰ উইকেট পতনৰ পিছত এই আশা ভংগ হৈ পৰে। জেমিমাই ২১ বলত ৩০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কেপে যথেষ্ট দৃঢ়তাৰে বেটিং কৰি ২৬ বলত ৫টা চাৰি আৰু দুটা ছয়েৰে সৰ্বাধিক ৪০ ৰানৰ বৰঙণি আগবঢ়ায়। কিন্তু ইনিংছৰ ১৮ সংখ্যক অভাৰত কেপক বিদায় দি মেচৰ দিশ মুম্বাইৰ পক্ষলৈ ঘূৰাই নিয়ে চেইভাৰ ব্ৰাণ্টে।
অন্তিম অভাৰত দিল্লীক ১৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও ব্ৰাণ্টৰ অভাৰটোত দলটোৱে ৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ৮ ৰানত পৰাজয় স্বীকাৰ কৰে। মুম্বাইৰ হৈ ব্ৰাণ্টে তিনিটা, কাৰে দুটা আৰু ইছমাইল, মেথিউজ আৰু ছাইকাই এটাকৈ উইকেট লাভ কৰে। মেচ তথা খিতাপ বিজয়ী ইনিংছটোৰ বাবে হৰমনপ্ৰীত কৌৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।
ইফালে মুম্বাইৰে ব্ৰাণ্টে ৫২৩ ৰানেৰে প্ৰতিযোগিতাৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে অ’ৰেঞ্জ কেপ লাভ কৰে। তদুপৰি দলটোৰে সদস্য আমেলিয়া কাৰ আৰু হেইলী মেথিউজে ১৮টাকৈ উইকেটেৰে সৰ্বাধিক উইকেট দখলকাৰী ৰূপে পৰিগণিত হয়। অৱশ্যে উন্নত গড়ৰ ভিত্তিত কাৰে পাৰ্পল কেপ লাভ কৰিবলৈ সক্ষম হয়।