5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

WPL 2025 Retention: ৱ’মেন প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ বাবে ৰিটেইন অসমৰ জিন্তিমণি আৰু উমা

আজি ৱ’মেন প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজনৰ বাবে ৰিটেনচন লিষ্ট ঘোষণা কৰা হৈছে। গত ছিজনত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰা অসমৰ জিন্তিমণি কলিতা আৰু ইউ পি ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰা উমা ছেত্ৰীক ৰিটেইন কৰিছে দল দুটাই।

WPL 2025 Retention: ৱ’মেন প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ বাবে ৰিটেইন অসমৰ জিন্তিমণি আৰু উমা
জিন্তিমণি কলিতা আৰু উমা ছেত্ৰী
monjit-dutta
Monjit Dutta | Published: 07 Nov 2024 19:36 PM

চৰ্চাত আছে আই পি এলৰ আগন্তুক মেগা নিলাম। ইতিমধ্যে ফ্ৰেন্সাইজিসমূহে প্ৰকাশ কৰিছে আগন্তুক ছিজনৰ বাবে নিজ নিজ দলৰ ৰিটেইন খেলুৱৈৰ তালিকা। ইফালে আই পি এলৰ পিছত আজি ৱ’মেন প্ৰিমিয়াৰ লীগৰো পৰৱৰ্তী ছিজনৰ বাবে ৰিটেনচন লিষ্ট ঘোষণা কৰা হৈছে। ৱ’মেন প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজনৰ বাবে এইবাৰ মিনি নিলাম অনুষ্ঠিত হ’ব আৰু সেয়ে প্ৰতিটো ফ্ৰেন্সাইজিয়ে অধিকাংশ খেলুৱৈকে দলত ৰিটেইন কৰিছে। লক্ষণীয়ভাৱে গত ছিজনত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰা অসমৰ জিন্তিমণি কলিতা আৰু ইউ পি ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰা উমা ছেত্ৰীক ৰিটেইন কৰিছে দল দুটাই।

অৰ্থাৎ ৱ’মেন প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনতো দেখা যাব অসমৰ এই দুই খেলুৱৈক। গত ছিজনৰ নিলামত জিন্তিমণি কলিতাক মুম্বাইয়ে ১০ লাখ টকাত ক্ৰয় কৰাৰ বিপৰীতে ইউপি ৱাৰিয়াৰ্ছে দলৰ আঘাতপ্ৰাপ্ত খেলুৱৈ বৃন্দা দিনেশৰ স্থানত ১০ লাখ টকাৰ বেচ প্ৰাইচৰ বিনিময়ত উমা ছেত্ৰীক দলত অন্তৰ্ভুক্ত কৰিছিল। এই দুয়োগৰাকী খেলুৱৈক ফ্ৰেন্সাইজি দুটাই আগন্তুক ছিজনৰ বাবেও দলৰ সৈতে ৰাখিছে।

ইফালে বিগত ছিজনৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে মুঠ ৭ গৰাকী খেলুৱৈক মুকলি কৰি দিছে। একেদৰে দিল্লী কেপিটেলছ, মুম্বাই ইণ্ডিয়ানছ আৰু ইউ পি ৱাৰিয়ৰ্ছে ৪ গৰাকীকৈ খেলুৱৈক ৰিটেইন কৰাৰ বিপৰীতে গুজৰাট জায়েণ্টছে ৬ গৰাকী খেলুৱৈক ৰিটেইন কৰিছে। উল্লেখ্য যে WPLত প্ৰতিটো দলত ছয়গৰাকী বিদেশী খেলুৱৈসহ ১৮ জন খেলুৱৈ থাকে। নিলামৰ বাবে প্ৰতিটো দলে লাভ কৰে ১৫ কোটি টকা।

ৱ’মেন প্ৰিমিয়াৰ লীগ ২০২৫ৰ বাবে ফ্ৰেন্সাইজিসমূহৰ সম্পূৰ্ণ ৰিটেইন আৰু মুকলি কৰি দিয়া খেলুৱৈৰ তালিকা-

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

ৰিটেইন খেলুৱৈঃ স্মৃতি মান্ধানা (অধিনায়ক), এছ মেঘনা, ৰিচা ঘোষ, এলিছা পেৰী, জৰ্জিয়া ৱাৰেহাম, শ্ৰেয়াংকা পাটিল, আশা শোভানা, চ’ফী ডিভাইন, ৰেনুকা সিং, ছফী ম’লিনেক্স, একতা বিষ্ট, কেট ক্ৰছ, কনিকা আহুজা, ডেনি ৱায়াট।

মুকলি কৰি দিয়া খেলুৱৈঃ দিশা কছাট, ইন্দ্ৰাণী ৰয়, নাদিন ডি ক্লাৰ্ক, শুভা সতীশ, শ্ৰদ্ধা পকেৰকাৰ, ছিমৰন বাহাদুৰ, হিথাৰ নাইট।

মুম্বাই ইণ্ডিয়ানছ

ৰিটেইন খেলুৱৈঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), পূজা ৱাষ্ট্ৰেকাৰ, য়স্তিকা ভাটিয়া, নেট স্কাইভাৰ-ব্ৰাণ্ট, হেলি মেথিউছ, আমেলিয়া কাৰ, ক্ল’ ট্ৰায়ান, অমনজোত কৌৰ, ছাইকা ইছাক, জিন্তিমণি কলিতা, এছ সজনা, কীৰ্তন বালকৃষ্ণন, শ্ববনীম ইছমাইল।

মুকলি কৰি দিয়া খেলুৱৈঃ প্ৰিয়ংকা বালা, হুমেইৰা কাজী, ফাতিমা জাফৰ, ইচি ৱং।

দিল্লী কেপিটেলছ

ৰিটেইন খেলুৱৈঃ শ্বেফালি বাৰ্মা, জেমিমা ৰড্ৰিগুৱেজ, তানিয়া ভাটিয়া, ৰাধা যাদৱ, অৰুন্ধতী ৰেড্ডী, শিখা পাণ্ডে, স্নেহা দীপ্তি, মিন্নু মণি, টাইটাছ সাধু, মেগ লেনিং, এলিছ কেপচি, মাৰিজেন কেপ, জেছ জোনাচেন, এনাবেল চাথাৰলেণ্ড।

মুকলি কৰি দিয়া খেলুৱৈঃ লৌৰা হেৰিছ, অশ্বিনী কুমাৰী, পুনম যাদৱ, অপৰ্ণা মণ্ডল।

ইউ পি ৱাৰিয়ৰ্ছ

ৰিটেইন খেলুৱৈঃ এলিছা হিলি (অধিনায়ক), টাহলিয়া মেকগ্ৰাথ, গ্ৰেচ হেৰিছ, দীপ্তি শৰ্মা (সহ অধিনায়ক), শ্বেতা ছেহৰাৱাট, ছফী এক্লেষ্টোন, চামৰি আটাপট্টু, কিৰণ নৱগিৰে, ৰাজেশ্বৰী গাইকোৱাড, অঞ্জলি সৰৱানী, উমা ছেত্ৰী, পুনম খেমনাৰ, ছাইমা ঠাকোৰে, গৌহাৰ চুলতানা, বৃন্দা দিনেশ।

মুকলি কৰি দিয়া খেলুৱৈঃ লক্ষ্মী যাদৱ, পাৰ্শ্বৱী চোপ্ৰা, লৰেন বেল, এছ যশশ্ৰী।

গুজৰাট জায়েণ্টছ

ৰিটেইন খেলুৱৈঃ হাৰ্লিন দেউল, দয়ালন হেমলতা, তনুজা কানৱাৰ, শ্ববনম শকীল, মন্নত কাশ্যপ, চায়ালি সাথগাৰে, মেঘনা সিং, প্ৰিয়া মিশ্ৰ, বেথ মুনী, এছলী গাৰ্ডনাৰ, লৌৰা ৱলভাৰ্ডট, ফ’বে লিচফিল্ড, কেশৱী গৌতম, ভাৰতী ফুলমালি।

মুকলি কৰি দিয়া খেলুৱৈঃ স্নেহ ৰানা, কেথেৰিন ব্ৰাইচ, তৃষা পূজিতা, বেদা কৃষ্ণমূৰ্তি, তৰান্নুম পাঠান, লি টাহুহু।

Latest News