ৱাৰ্ণৰ পৰা পুথুৰলৈ… আই পি এলত ৰিষ্ট স্পিনাৰেই উৰুৱাইছে নেকি শ্ৰেষ্ঠত্বৰ ধ্বজা!
আই পি এলত বেটাৰৰ আধিপত্যৰ মাজতো নিজৰ প্ৰতিভাৰে বলাৰসকলেও দেখুৱাইছে চমক। বলাৰৰ চমকৰ কথাতে ক্ৰিকেট অনুৰাগীৰ মনত এটা বিশেষ প্ৰশ্নই দোলা দিব পাৰে, আই পি এলত ৰিষ্ট স্পিনেই সৰ্বোত্তম বিকল্প নেকি? অধিকাংশ দলৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য কৰিলে এই প্ৰশ্নই নিশ্চিতভাৱে স্থান ল’ব পাৰে।

চলি আছে আই পি এল ২০২৫। ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় এই প্ৰতিযোগিতাৰ উন্মাদনাই এতিয়া স্পৰ্শ কৰিছে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীকে। এইবাৰ আই পি এলৰ ১৮ সংখ্যক ছিজন। সাধাৰণতে প্ৰতিযোগিতাৰ প্ৰতিটো ছিজনতে দেখা গৈছে বেটাৰৰ আধিপত্য। কিন্তু তাৰ মাজতো নিজৰ প্ৰতিভাৰে বলাৰসকলেও দেখুৱাইছে চমক। বলাৰৰ চমকৰ কথাতে ক্ৰিকেট অনুৰাগীৰ মনত এটা বিশেষ প্ৰশ্নই দোলা দিব পাৰে, আই পি এলত ৰিষ্ট স্পিনেই সৰ্বোত্তম বিকল্প নেকি? অধিকাংশ দলৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য কৰিলে এই প্ৰশ্নই নিশ্চিতভাৱে স্থান ল’ব পাৰে।
আই পি এলৰ মঞ্চত ৰিষ্ট স্পিনাৰৰ প্ৰদৰ্শনৰ চমক কোনো নতুন কথা নহয়। এইক্ষেত্ৰত প্ৰথমেই আহিব ২০০৮ চনৰ উদ্বোধনী বৰ্ষৰ আই পি এলৰ কথা। প্ৰতিযোগিতাৰ এই প্ৰথমটো সংস্কৰণৰ খিতাপ জয় কৰিছিল ৰাজস্থান ৰয়েলছ। দলৰ নেতৃত্ব বহন কৰিছিল কিংবদন্তি তাৰকা শ্বেন ৱাৰ্ণে। ক্ৰিকেট ইতিহাসত লেগ স্পিনাৰ ৱাৰ্ণৰ যাদুকৰী প্ৰতিভাৰ কথা বাখ্যা নকৰিলেও হ’ব। আই পি এলতো ৱাৰ্ণে দেখুৱাইছিল হাতৰ এই যাদু।
ৱাৰ্ণৰ পিছত আই পি এলত ইগৰাকীৰ পিছত সিগৰাকীকৈ কেইবাগৰাকীও ৰিষ্ট স্পিনাৰে নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছে। এনে স্থিতিত সকলোৰে নাম উল্লেখ কৰাটো নিশ্চিতভাৱে সহজ নহ’ব। কিন্তু ইয়াৰে কেইগৰাকীমান খেলুৱৈৰ নাম উল্লেখ কৰিলেই দেখা যাব এই প্ৰতিযোগিতাত ৰিষ্ট স্পিনাৰৰ অনন্য সফলতাৰ প্ৰমাণ। আই পি এল ইতিহাসতে এইপৰ্যন্ত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ভাৰতীয় স্পিনাৰ যুজবেন্দ্ৰ চাহাল।
এইপৰ্যন্ত কেইবাটাও ফ্ৰেন্সাইজিক প্ৰতিনিধিত্ব কৰা চাহালে এইপৰ্যন্ত ২০৬টা আই পি এল উইকেট নিজৰ দখললৈ আনিছে। এইবাৰ চাহাল পঞ্জাৱ কিংছৰ সদস্য। প্ৰতিযোগিতাত এতিয়াও প্ৰথমটো খিতাপৰ সন্ধানত আছে পঞ্জাৱ কিংছ আৰু এইক্ষেত্ৰত দলৰ অধিনায়ক শ্ৰেয়স আয়াৰৰ বাবে নিশ্চিতভাৱে চাহাল সফলতাৰ অন্যতম প্ৰধান অস্ত্ৰ হ’ব। চাহালৰ লগতে নাম উল্লেখ কৰিব লাগিব আন এগৰাকী তাৰকা ভাৰতীয় স্পিনাৰ কুলদীপ যাদৱৰ।
ভাৰতীয় ক্ৰিকেটত কুলচা হিচাপে জনপ্ৰিয় চাহাল আৰু কুলদীপৰ যুটি কেইবাটাও বছৰ ধৰি ভাৰতীয় দলৰ সফলতাৰ অন্যতম আধাৰ হিচাপে বিবেচিত হৈছিল। শেহতীয়া সময়ছোৱাত চাহালে সুযোগ লাভ নকৰিলেও কুলদীল এতিয়া দলৰ নিৰ্ভৰযোগ্য অংশ। আই পি এলত দিল্লী কেপিটেলছৰো এগৰাকী গুৰুত্বপূৰ্ণ সদস্য কুলদীপ। চলিত সংস্কৰণতো কুলদীপে নিজৰ স্পিনৰ জালেৰে বেটাৰক ফান্দত পেলাইছে।
এই সময়ত ক্ৰিকেট বিশ্বতে শীৰ্ষস্থানীয় স্পিনাৰ আফগান তাৰকা ৰছিদ খান। নিখুঁত লাইন-লেংথ, ভেৰিয়েচন আৰু বলত দিব পৰা ঘূৰ্ণীৰ কলাৰে ৰছিদে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে আই পি এলতো ধাৰাবাহিকভাৱে বেটাৰক বিপৰ্যস্ত কৰিছে। অৱশ্যে এই ছিজনত ৰছিদে বৰ্তমানলৈকে বিশেষ সফলতা লাভ কৰা নাই যদিও যিকোনো ক্ষণতে তেওঁ যে নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম, সেয়া সকলোৰে জ্ঞাত।
একেদৰে ৰাজস্থান ৰয়েলছে এইবাৰ শ্ৰীলংকান লেগ স্পিনাৰ ৱানিন্দু হাছাৰংগাৰ ওপৰত যথেষ্ট আস্থা ৰখা দেখিবলৈ পোৱা গৈছে। তেনেদৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং লাইন আপত বিশেষ ভূমিকা দেখা গৈছে অষ্ট্ৰেলিয়ান লেগ স্পিনাৰ আডাম জাম্পাৰ। ইফালে এই ছিজনত এতিয়ালৈকে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱা নুৰ আহমেদো এগৰাকী ৰিষ্ট স্পিনাৰ। চেন্নাইৰ ব্যৰ্থতাৰ পিছতো নিজৰ স্পীন ঘূৰ্ণীৰে উজলি আছে নুৰ।
এইকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ বিপৰীতে এই ছিজনত দেশৰ কেইগৰাকীমান যুৱ স্পিনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এইক্ষেত্ৰত লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ দিগৱেশ ৰাঠীৰ নাম প্ৰথমেই আহিব। শেহতীয়াকৈ মুম্বাইৰ বিপক্ষে মেচত দিগৱেশে মেচৰ শ্ৰেষ্ঠ সন্মানো লাভ কৰিছিল। দলটোৰ আন এগৰাকী ৰিষ্ট স্পিনাৰ ৰবি বিষ্ণৈৰ নামো উল্লেখ কৰিব লাগিব। ইফালে মুম্বাই ইণ্ডিয়ানছৰ যুৱ চাইনা মেন স্পিনাৰ ভিগনেশ পুথুৰে এই ছিজনত সকলোকে আপ্লুত কৰিছে।
চেন্নাইৰ বিপক্ষে অভিষেক মেচত তিনিটা উইকেট দখল কৰি চমক সৃষ্টি কৰা পুথুৰে কলকাতা আৰু লক্ষ্ণৌৰ বিৰুদ্ধেও উন্নত প্ৰদৰ্শন আগবঢ়াইছে। একেদৰে দিল্লী কেপিটেলছৰ বিপৰাজ নিগম, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জীছান আনচাৰীয়েও নিজৰ প্ৰদৰ্শনেৰে প্ৰতিভাৰ উমান দিছে। এনে প্ৰদৰ্শনৰ আধাৰত স্বাভাৱিকতেই ক’ব পাৰি, আই পি এলত প্ৰতিটো দলৰ বাবে ৰিষ্ট স্পিনাৰ এতিয়া অন্যতম প্ৰধান শক্তি আৰু আশাত পৰিণত হৈছে।