Riyan Parag: ইউটিউব বিতৰ্কক লৈ অৱশেষত ৰিয়ানৰ ডাঙৰ মন্তব্য…ফচাব খুজিছিল কোনে?
ইউটিউব হিষ্ট্ৰী ছাৰ্চ বিতৰ্ক ! হৈছিল কিবা হ'লগৈ কিবা । দীৰ্ঘসময়ৰ পাছত মুখ খুলি সকলো স্পষ্ট কৰিলে ক্ৰিকেটাৰ ৰিয়ান পৰাগে । চাওক সবিশেষ-

উদীয়মান ভাৰতীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগে তেওঁৰ You Tube search history ক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ অৱশেষত মুখ খুলিছে । চিটি ১০১৬ ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেটছমেনজনে দাবী কৰে যে ডিচকৰ্ড চাৰ্ভাৰৰ কোনোবাই তেওঁক ফচাবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ সফল আই পি এল ছিজনৰ পিছত সেইটো ভাইৰেল কৰা হৈছিল ।
২০২৪ চনৰ আই পি এলত ৰিয়ান পৰাগে ১৬খন খেলত ৫৭৩ ৰান আৰু গড় ৫২.০৯ ৰান কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় । কিন্তু ৰাজস্থান ৰয়েলছৰ বেটছমেনগৰাকীয়ে ছিজন শেষ হোৱাৰ ঠিক পিছতেই বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
অজ্ঞাতসকলৰ বাবে পৰাগ এজন উৎসুক পিচি গেমাৰ যিয়ে প্ৰায়ে ইউটিউবত নিজৰ মেচসমূহ লাইভষ্ট্ৰীম কৰে । তেনে এটা লাইভষ্ট্ৰীমত তেওঁ নিজৰ You Tube search history মুকলি কৰিছিল য’ত বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ বিষয়ে স্পষ্টভাৱে উল্লেখ আছিল ।
ইউটিউব বিতৰ্কৰ আঁৰৰ সত্য কাহিনী উদঙাই দিলে ৰিয়ান পৰাগে
সেই ষ্ট্ৰীমিং সন্দৰ্ভত অনুৰাগীয়ে তৎক্ষণাত প্ৰতিক্ৰিয়া তথা সমালোচনা কৰি ৰিয়ান পৰাগক ক্ষোভিত কৰে । কেইবামাহো মৌনতাৰ অন্তত পৰাগে চিটি১০১৬ ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ সেই দিনটোৰ কথা প্ৰকাশ কৰে । তেওঁ বুজাই দিয়ে যে আই পি এলৰ পূৰ্বে এই কাণ্ড সংঘটিত হৈছিল যদিও টুৰ্ণামেণ্টৰ পিছত তেওঁ পুনৰ গেমিং লাইভ ষ্ট্ৰীম আৰম্ভ কৰাৰ লগে লগে ই পুনৰ চৰ্চালৈ আহিছিল ।
পৰাগে কয়, “এতিয়াহে প্ৰচাৰ হৈছে, কিন্তু আই পি এলৰ পূৰ্বেই ঘটনাটো ঘটিছিল । মোৰ ডিচকৰ্ড দলৰ এজন লোকে মোক আই পি এলৰ পূৰ্বে ফচাবলৈ চেষ্টা কৰিছিল, কিন্তু লগে লগেই তেওঁক আঁতৰাই দিয়া হৈছিল । তাৰ পিছত আই পি এলৰ পৰৱৰ্তী সময়ত ই ভাইৰেল হৈ পৰে আৰু মোৰ ছিজনটো ভাল হৈছিল ।”
তেওঁ দাবী কৰে যে কোনোবাই তেওঁক ফচাবলৈ চেষ্টা কৰিছিল কাৰণ তেওঁৰ ভইচ ছাৰ্চৰ কোনো ধাৰণা নাছিল । ইয়াৰ উপৰিও বেটছমেনজনে কয় যে বিষয়টো ভাইৰেল কৰি দিয়া হৈছে আৰু তেওঁ কোনো স্পষ্টীকৰণ প্ৰকাশৰ প্ৰয়োজন অনুভৱ কৰা নাই ।
“মই আহি মোৰ ষ্ট্ৰীমটো খুলিলোঁ, মোৰ হাতত স্পটিফাই বা এপল মিউজিক নাছিল । সকলো ডিলিট হৈ গ’ল । গতিকে মই মিউজিক লগাবলৈ ইউটিউবত গ’লোঁ । কিন্তু মই নাজানিলোঁ কি হৈছে, কিন্তু এবাৰ ষ্ট্ৰীমটো খোলাৰ লগে লগে মই এনেকুৱা হৈছিলোঁ যে অঃ এইটো কি হ’ল ! মই নাভাবিছিলো যে ই মোৰ বাবে ৰাজহুৱাভাৱে সকলো স্পষ্ট কৰাৰ বাবে উপযুক্ত কাৰণ আৰু কোনেও বুজি নাপাব ।” তেওঁ লগতে কয় ।
বিতৰ্কৰ মাজতো পৰাগে আই পি এলত এক চমকপ্ৰদ ছিজন খেলে, ৰাজস্থান ৰয়েলছৰ শীৰ্ষ ৰান স্ক’ৰাৰ হিচাপে পৰিগণিত হোৱাৰ লগতে তাৰ পাছতেই ভাৰতৰ হোৱাইট বল ফৰ্মেটত অভিষেক ঘটায় ৰিয়ানে ।
আইপিএল ২০২৫ৰ বাবে ৰাজস্থান ৰয়েলছত ৰিয়ান পৰাগ
ৰাজস্থান ৰয়েলছে যোৱা বছৰ ৰিটেনচন ডেডলাইনত ৰিটেইনড প্লেয়াৰৰ তালিকা ঘোষণা কৰিছিল আৰু শেহতীয়াকৈ ৰিয়ান পৰাগক পুৰস্কৃত কৰিছিল । ২০২৪ চনত আই পি এলৰ ব্ৰেকআউট ছিজন লাভ কৰা ৰিয়ানে ভাৰতৰ হৈ বগা বলৰ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটায় । ১৪ কোটি টকাত তেওঁক ৰাজস্থান ৰয়েলছে দলত ৰাখে, যিটো তেওঁৰ কেৰিয়াৰৰ বজাৰ মূল্যৰ এক উত্থান ।