Yuvraj Singh birthday: দুখনকৈ বিশ্বকাপৰ নায়ক যুৱৰাজৰ আজি জন্মদিনঃ কেঞ্চাৰেই চমু চপাইছিল নেকি কেৰিয়াৰ….
২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ খিতাপ জয়ৰ প্ৰধান নায়ক যুৱৰাজ সিঙৰ আজি ৪৩তম জন্মদিন। তাৰকাগৰাকীৰ জন্মদিনত আজি শুভেচ্ছাৰে উপচাই তুলিছে প্ৰতিগৰাকী অনুৰাগী তথা সতীৰ্থ ক্ৰিকেটাৰে। কেঞ্চাৰৰ সৈতে যুঁজিয়েই বিশ্বকাপ জয় কৰা যুৱৰাজৰ সেই বীৰোচিত প্ৰদৰ্শনক সুঁৱৰিছে সকলোৱে।
২০১১ চনৰ বিশ্বকাপ। ২৮ বছৰৰ সুদীৰ্ঘ অপেক্ষাৰ অন্তত পুনৰ এবাৰ বিশ্ব জয়ৰ আনন্দত আত্মহাৰা হৈ পৰিছিল সমগ্ৰ দেশ। কোটি কোটি লোকৰ এই আনন্দৰ বাহক হৈ পৰিছিল ভাৰতীয় ক্ৰিকেট দল। আৰু দলৰ মেৰুদণ্ড হৈ এই সাফল্যৰ বাটকটীয়া হৈ উজলি উঠিছিল এগৰাকী তাৰকা- যুৱৰাজ সিং। কেইবাটাও বছৰ ধৰি ভাৰতীয় দলৰ এগৰাকী নিৰ্ভৰযোগ্য সদস্য হিচাপে নাম উচ্চাৰিত হোৱা যুৱৰাজ এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হৈছিল। বেটে, বলে, ফিল্ডিঙত- প্ৰতিটো বিভাগতে যুৱৰাজে বিশ্বকাপ জয়ৰ তাগিদাত উজাৰি দিছিল সৰ্বোচ্চ।
কেৱল ২০১১ৰ বিশ্বকাপতেই নে! তাৰ পূৰ্বেও ২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপতো তেনে প্ৰদৰ্শনেৰেই দেশবাসীৰ নয়নৰ মণি হৈ পৰিছিল তাৰকা অলৰাউণ্ডাৰগৰাকী। সেই বৰ্ষতে অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ পৰা ভাৰতীয় দলৰ অনাকাংক্ষিত বিদায়ৰ পিছত দেশৰ ক্ৰিকেটপ্ৰেমীৰ মনত থকা ক্ষোভৰ অন্ত পেলোৱাত মুখ্য ভূমিকা লৈছিল যুৱৰাজেই। তুলি লৈছিল প্ৰথমটো সংস্কৰণৰ টি-২০ বিশ্বকাপ।
পিছে ২০০৭ৰ সেই ভূমিকাতকৈও ২০১১ চনত পালন কৰা অনবদ্য ভূমিকাৰ বাবে আজিও ক্ৰিকেট বিশ্বত বন্দিত যুৱৰাজ সিং। কেৱল খেলপথাৰৰ প্ৰদৰ্শনৰ বাবেই নহয়, বিপক্ষৰ সৈতে খেলপথাৰত চলোৱা ক্ৰিকেটীয় যুঁজৰ সমান্তৰালকৈ নিজৰ দেহৰ সৈতে এক কঠিন যুঁজ চলাই আছিল যুৱৰাজে। খেলপথাৰতে দেখা গৈছিল সেই কঠিন যুঁজৰ নিদাৰুণ দৃশ্য, যি দৃশ্য সুঁৱৰিলে হয়ওতো আজিও চকু সেমেকি উঠে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ।
বিশ্বকাপ চলি থকাৰ সময়তে উমান পোৱা গৈছিল যুৱৰাজৰ দেহত কেঞ্চাৰৰ আক্ৰমণৰ কথা। আৰু বিশ্বকাপৰ পিছতে নিশ্চিত হৈ পৰিছিল সেই অনাকাংক্ষিত খবৰ। কিন্তু সেই কঠিন দৈহিক যুঁজৰ সৈতে মোকাবিলা কৰি জিলিকিছিল যুৱৰাজ। মুঠ ৩৬২ ৰান সংগ্ৰহ আৰু্য ১৫টা উইকেটেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল তাৰকাগৰাকী। সেই স্বৰ্ণিল সাফল্যৰ পিছত হঠাতে কেঞ্চাৰে যুৱৰাজৰ কেৰিয়াৰলৈ আনিছিল বাধা।
২০১১ চনত ৰাছিয়াৰ এজন চিকিৎসকে যুৱৰাজৰ দেহৰ কেঞ্চাৰ ৰোগ ধৰা পেলোৱাৰ পিছত তেওঁৰ চিকিৎসা আৰম্ভ হয়। দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ২০১২ চনৰ মাৰ্চ মাহত যুৱৰাজ চিকিৎসা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এপ্ৰিল মাহত স্বদেশলৈ উভতি আহে। দেশলৈ উভতিয়েই যুৱৰাজে পুনৰ আৰম্ভ কৰে অনুশীলন। ৰোগৰ সৈতে যুঁজৰ অন্তত শৰীৰ কিছু মেদবহুল হৈ পৰে যদিও মনোবল অব্যাহত ৰাখিছিল তাৰকাগৰাকীয়ে।
ইয়াৰ পিছতে ২০১২ চনৰ ছেপ্টেম্বৰত শ্ৰীলংকাত অনুষ্ঠিত হোৱা টি-২ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ কৰে যুৱৰাজে। এই বিশ্বকাপত বেটত সফল নহ’লেও বলিঙত উজলি উঠা যুৱৰাজ প্ৰতিযোগিতাখনত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। কিন্তু ইয়াৰ পিছতে যুৱৰাজৰ কেৰিয়াৰ লাহে লাহে অৱসানৰ দিশে আগবাঢ়ে। তিনিওটা ফৰ্মেটতে তেওঁ জাতীয় দলত সুযোগ লাভ কৰে যদিও আশানুৰূপভাৱে ধাৰাবাহিকতা ৰক্ষাত বিফল হয়।
অৱশ্যে তাৰ মাজতে বিশেষকৈ টি-২০ত কেইটামান মেচ বিজয়ী ইনিংছ খেলিছিল যুৱৰাজে। এনেদৰে কেৰিয়াৰত উত্থান-পতনৰ পিছত ৰঞ্জীৰ জৰিয়তে পুনৰ ফৰ্মলৈ উভতাৰ ইংগিত দিয়ে অভিজ্ঞ তাৰকাগৰাকীয়ে। ২০১৭ চনৰ জানুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দলত যুৱৰাজক নিৰ্বাচিত কৰা হৈছিল। এই শৃংখলাৰ দ্বিতীয়খন মেচত তেওঁ এদিনীয়া কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছটো খেলে।
এই মেচখনত ১২৭টা বলত ২১টা চাৰি আৰু তিনিটা ছয়েৰে ১৫০ ৰানৰ মেচ বিজয়ী ইনিংছটোৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় যুৱৰাজ। ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায় যুৱৰাজে। কিন্তু ইয়াৰ পিছত ফিটনেছ টেষ্টত উত্তীৰ্ণ হ’ব নোৱাৰাৰ সেই বৰ্ষৰে আগষ্ট মাহত শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে যুৱৰাজক দলৰ পৰা বাদ দিয়া হয়। ইয়াতে অন্ত পৰে যুৱৰাজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ।
২০১৯ চনৰ ১০ জুনত যুৱৰাজ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। যুৱৰাজ সিঙে মুম্বাইত এখন সংবাদমেল অনুষ্ঠিত কৰি খেলখনৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰে। এইদৰেই দুখনকৈ বিশ্বকাপৰ নায়ক যুৱৰাজে অৱসান ঘটায় স্বৰ্ণিল কেৰিয়াৰৰ। কেঞ্চাৰৰ পিছতো তাৰকাগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে দাঙি ধৰিছিল যদিও কেৰিয়াৰ দীৰ্ঘদিনলৈ অব্যাহত ৰখাত বিফল হয়।
ভাৰতীয় ক্ৰিকেট ইতিহাসৰে অন্যতম এগৰাকী শ্ৰেষ্ঠ তাৰকা হিচাপে সদায়ে উচ্চাৰিত হ’ব যুৱৰাজ সিঙৰ নাম। আজি প্ৰাক্তন তাৰকাগৰাকীয়ে উদযাপন কৰিছে জীৱনৰ ৪৩তম জন্মদিন। প্ৰিয় তাৰকাগৰাকীৰ জন্মদিনত আজি শুভেচ্ছাৰে উপচাই তুলিছে প্ৰতিগৰাকী অনুৰাগী তথা সতীৰ্থ ক্ৰিকেটাৰে। সকলোৱে সুঁৱৰিছে দুখনকৈ বিশ্বকাপত তেওঁ দাঙি ধৰা প্ৰদৰ্শন। বিশেষকৈ এদিনীয়া বিশ্বকাপৰ সময়ত খেলপথাৰত বহি তেজ বমি কৰাৰ পিছতো তুলি ধৰা এই অনন্য সাফল্য।