শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ কেইটামান ঘন্টাতে যুজৱেন্দ্ৰ চাহালে আয় কৰিব ধনশ্ৰীক দিব লগা ভৰণ পোষণৰ ধন

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ বিবাহ-বিচ্ছেদৰ খবৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায়। পিছে বিবাহ বিচ্ছেদৰ পাছত চাহালে মোটা অংকৰ ধন দিব লাগিব ধনশ্ৰীক।

মাত্ৰ কেইটামান ঘন্টাতে যুজৱেন্দ্ৰ চাহালে আয় কৰিব ধনশ্ৰীক দিব লগা ভৰণ পোষণৰ ধন
চাহাল-ধনশ্ৰীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Mar 2025 09:12 AM

যোৱা কেইটামান দিনৰ পৰা টিম ইণ্ডিয়াৰ লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। জানিব পৰা মতে, যোৱা ডেৰ বছৰ ধৰি দুয়ো পৃথকে বাস কৰি আছে । কিছুদিন পূৰ্বে দুয়ো বিবাহ বিচ্ছেদৰ গোচৰটো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ আদালতত আবেদন জনাইছিল আৰু সেই আবেদন আদালতে স্বীকাৰ কৰিছিল। তাৰ পাছতে আজি ২০ মাৰ্চত ধনশ্ৰী বৰ্মা আৰু যুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদ নিশ্চিত হ’ব।

জানিব পৰা মতে, বিবাহ বিচ্ছেদৰ পাছত ধনশ্ৰীয়ে চাহালৰ পৰা ভৰণ পোষণৰ বাবে ৪.৭৫ কোটি টকা দাবী কৰিছে। কিন্তু এই টকা চাহালৰ বাবে ডাঙৰ নহয়। ইয়াৰ আঁৰত আছে আই পি এল। আই পি এলত মাত্ৰ কেইটামান ঘন্টা খেলিয়ে তেওঁ এই টকা উপাৰ্জন কৰিব পাৰিব।

আই পি এলত কিমান আয় কৰিব

২০২৫ চনৰ আই পি এলত পঞ্জাৱ কিংছৰ হৈ খেলিব যুজবেন্দ্ৰ চাহালে।  দলটোৱে মেগা নিলামত তেওঁক ১৮ কোটি টকাত ক্ৰয় কৰিছিল। অৰ্থাৎ গড়ে তেওঁ প্ৰতিখন মেচৰ বাবে ১.২৯ কোটি টকা লাভ কৰিব। এইদৰে তেওঁ মাত্ৰ ৪খন মেচতে বিবাহ বিচ্ছেদৰ ধন সংগ্ৰহ কৰিব। প্ৰতিখন মেচ প্ৰায় ৩ ঘণ্টা ধৰি চলে। এইদৰে চালে চাহালে মাত্ৰ ১২ ঘণ্টা খেলি ইমান টকা উপাৰ্জন কৰিব। অৱশ্যে এই ছিজনৰ বাবে তেওঁৰ দৰমহাৰ সময় নিৰ্ভৰ কৰে ফ্ৰেঞ্চাইজিৰ ওপৰত। বহু সময়ত খেলুৱৈজনক প্ৰতিযোগিতা আৰম্ভ হোৱাৰ লগে লগে তেওঁৰ আধা দৰমহা দিয়া হয়। ইয়াৰোপৰি বাকী ধন টুৰ্ণামেন্টৰ মাজত বা শেষত দিয়া হয়।

যদি আমি এই হিচাপত চাওঁ তেন্তে প্ৰথম মেচ খেলাৰ পাছত তেওঁ ৯ কোটি টকা লাভ কৰিব। এনে পৰিস্থিতিত বিবাহ বিচ্ছেদৰ বাবে প্ৰয়োজনীয় ধন মাত্ৰ ৩ ঘন্টাত উপাৰ্জন কৰাৰ ক্ষমতা আছে। ইয়াৰ বাহিৰেও তেওঁ প্ৰতিখন মেচৰ বাবে মেচ মাচুল হিচাপে পৃথকে পৃথকে লাভ কৰিব ৭.৫ লাখ টকা। অৰ্থাৎ গ্ৰুপ পৰ্যায়ৰ ১৪খন খেলৰ আটাইকেইখন খেল খেলিলে ১.০৫ কোটি টকা উপাৰ্জন কৰিব।

কিমান টকা দিছে

প্ৰতিবেদন অনুসৰি চাহাল আৰু ধনশ্ৰীৰ মাজত ধনৰ বিষয় সন্দৰ্ভত পাৰস্পৰিক সহমতত উপনীত হৈছে। সেই অনুসৰি চাহালে ধনশ্ৰীক প্ৰদান কৰিব ৪.৭৫ কোটি টকা। পৰিয়াল আদালতৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত তেওঁ ইতিমধ্যে ২.৩৭ কোটি টকা দিছে। উচ্চ ন্যায়ালয়ৰ মতে, দুয়োৰে মাজত হোৱা চুক্তি অনুসৰি বিবাহ বিচ্ছেদৰ নিৰ্দেশৰ পিছতহে দ্বিতীয় কিস্তিৰ ধন দিব পাৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ৫ বছৰ আগতে দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠিছিল। কোৰোনাৰ সময়ত তেওঁলোকৰ ঘনিষ্ঠতা বাঢ়িছিল আৰু ২০২০ চনৰ ২২ ডিচেম্বৰত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু ২ বছৰো নাথাকিল এই সম্পৰ্ক।