কিয় বিবাহ বিচ্ছেদ হ’ল যুজবেন্দ্ৰ চাহাল-ধনশ্ৰী বাৰ্মাৰ? প্ৰকৃত কাৰণ পোহৰলৈ…
বিবাহ বিচ্ছেদ হ'ল চাহাল-ধনশ্ৰীৰ । কিন্তু, ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি আছিল, এই কথা কোনেও এতিয়ালৈ জানিব পৰা নাই। ইয়াৰ মাজতে এক নতুন তথ্য পোহৰলৈ আহিছে, য’ত দুয়োৰে মাজৰ সম্পৰ্ক শেষ হোৱাৰ প্ৰকৃত কাৰণ প্ৰকাশ পাইছে। প্ৰতিবেদনত কি কোৱা হৈছে জানো আহক।

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে। ২০ মাৰ্চত দুয়োৰে বিবাহ বিচ্ছেদ হয়।কিন্তু বিবাহ বিচ্ছেদৰ কাৰণ কি, সেই কথা কোনেও জনা নাই। তাৰ পিছত এই খবৰ আহিল যে দুয়োজনে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ লৈছে। তাৰ পাছতে দুয়োৰে বিবাহ বিচ্ছেদৰ কাৰণ জানিবলৈ আগ্ৰহী হৈ পৰিছে সকলো । কিন্তু, এতিয়া এক নতুন প্ৰতিবেদন প্ৰকাশ পাইছে, যিয়ে তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰাৰ প্ৰকৃত কাৰণ উন্মোচন কৰিছে। প্ৰতিবেদন অনুসৰি দুয়োৰে মাজত নিজৰ বাসস্থানৰ সন্দৰ্ভত মতানৈক্য আছিল, যাৰ বাবে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লয়।
মনোৰঞ্জন সাংবাদিক ভিকি লালৱানীৰ মতে, চাহাল আৰু ধনশ্ৰীৰ সম্পৰ্কত বিভাজনৰ কাৰণ হৈ পৰিছিল তেওঁলোকৰ অৱস্থান। দুয়ো বাসস্থানৰ সন্দৰ্ভত একমত নাছিল। যাৰ বাবে তেওঁলোকে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল। ২০২০ চনৰ ডিচেম্বৰ মাহত বিয়াৰ পিছত ধনশ্ৰীয়ে চাহাল আৰু তেওঁৰ পিতৃ-মাতৃৰ সৈতে হাৰিয়ানাত থাকিবলৈ যায়। কিন্তু, কিছুদিনৰ পাছত ধনশ্ৰীয়ে মুম্বাইত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। প্রতিবেদন অনুসৰি চাহালে এই কথাত একমত হোৱা নাছিল৷
চাহাল মুম্বাইত থকাটো বিচাৰিছিল ধনশ্ৰীয়ে – প্ৰতিবেদন
বিকি লালৱানীয়ে নিজৰ প্ৰতিবেদনত দাবী কৰিছে যে, চাহালৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত ধনশ্ৰীয়ে তেওঁলোকৰ হাৰিয়ানাৰ ঘৰত বাস কৰিছিল। কাম থাকিলে বা প্ৰয়োজনতহে তেওঁ মুম্বাইলৈ আহিছিল। মুম্বাই-হাৰিয়ানাত বসবাসক লৈ হোৱা কাজিয়াই হৈ পৰিল তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰাৰ কাৰণ। আচলতে চাহাল পিতৃ-মাতৃৰ পৰা পৃথকে থাকিবলৈ সাজু নাছিল। চাহাল তেওঁলোকৰ লগত নিজৰ ঘৰত থাকিব বিচাৰিছিল।
অৱশ্যে এই দাবী চাহাল-ধনশ্ৰী বা তেওঁলোকৰ পৰিয়ালেও নিশ্চিত কৰা নাই। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক বিবৃতিত কেৱল এয়ে কোৱা হৈছে যে, তেওঁলোকে পাৰস্পৰিকভাৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।
আই পি এল ২০২৫ আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে ২০ মাৰ্চত মুম্বাইৰ বান্দ্ৰাৰ ফেমিলি ক’ৰ্টত বিবাহ বিচ্ছেদ হৈছিল দম্পতীৰ। এই বিবাহ বিচ্ছেদৰ অধীনত যুজবেন্দ্ৰ চাহালে ধনশ্ৰী ভাৰ্মাক ৪.৭৫ কোটি টকা দিবলগীয়া হৈছিল। জানিব পৰা মতে চাহালে ধনশ্ৰীক ২.৩৭ কোটি টকা দিছে। চাহালে শীঘ্ৰে বাকী থকা ধন ধনশ্ৰীক দিব।