শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় বিবাহ বিচ্ছেদ হ’ল চাহাল-ধনশ্ৰীৰ, আদালতে দিলে চূড়ান্ত ৰায়দান…

Chahal-Dhanashree Divorce: ২০২০ চনৰ ডিচেম্বৰ মাহত ষ্টাৰ লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু কৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মা বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ৪ বছৰৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্কত বিভেদ দেখা যায়। আদালতত বিবাহ বিচ্ছেদৰ আবেদনত দুয়োজনে প্ৰকাশ কৰে যে বিগত ডেৰ-দুবছৰ ধৰি দুয়োজনে ইজনে-সিজনৰ পৰা পৃথকে বসবাস কৰি আছিল।

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় বিবাহ বিচ্ছেদ হ’ল চাহাল-ধনশ্ৰীৰ, আদালতে দিলে চূড়ান্ত ৰায়দান…
চাহাল-ধনশ্ৰীৰ বিবাহ বিচ্ছেদ
trishna-kalita
Trishna Kalita | Published: 20 Mar 2025 15:56 PM

প্ৰায় ডেৰ-দুবছৰ ইজনে সিজনৰ পৰা পৃথকে থকাৰ পিছত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হ’ল তাৰকা ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মাৰ । বিগত কেইবাদিনো ধৰি দুয়োৰে বিবাহ বিচ্ছেদ সম্পৰ্কে বিভিন্ন চৰ্চা চলিছিল। তাৰ পিছতে দুয়োজনে বান্দ্ৰাৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। এতিয়া ২০ মাৰ্চ বৃহস্পতিবাৰে পৰিয়াল আদালতে দুয়োৰে বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনাইছে। ইয়াৰ লগে লগে প্ৰায় ৪ বছৰ ৩ মাহৰ পিছত তেওঁলোকৰ বিবাহ ভাঙি যায়।

২০ মাৰ্চ বৃহস্পতিবাৰে মুম্বাইৰ বান্দ্ৰা পৰিয়াল আদালতে বিবাহ বিচ্ছেদ সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰে। এই শুনানিৰ বাবে চাহাল আৰু ধনশ্ৰী পৃথকে পৃথকে উপস্থিত হৈছিল। ক’লা জেকেট আৰু মাস্ক পিন্ধি অধিবক্তাসকলৰ সৈতে প্ৰথমে আহি উপস্থিত হৈছিল চাহাল। কিছু সময়ৰ পাছত ধনশ্ৰী বগা টি-চাৰ্ট পিন্ধি আহিছিল। মুখত মাস্কো পিন্ধিছিল ধনশ্ৰীয়ে। এই সময়ছোৱাত দুয়োৰে প্ৰতিক্ৰিয়া ল’বলৈ বাবে সংবাদ মাধ্যমে চেষ্টা কৰিছিল যদিও কোনেও কোনো প্ৰশ্নৰ উত্তৰ নিদিলে।

উল্লেখ্য যে, ২০২০ চনৰ ২৪ ডিচেম্বৰত চাহল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল। কিন্তু তেওঁলোকৰ সম্পৰ্কৰ মাজত সৃষ্টি হোৱা বিভেদৰ খবৰ আহিবলৈ আৰম্ভ কৰিছিল তিনি-চাৰি মাহৰ আগতে, যেতিয়া তেওঁলোকে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছিল। তেতিয়াৰ পৰাই বিভিন্ন খবৰ চৰ্চাত আছিল যদিও যোৱা মাহতহে নিশ্চিত হৈছিল যে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। দুয়োজনে এই সন্দৰ্ভত বান্দ্ৰা পৰিয়াল আদালতত আবেদন কৰিছিল। দুয়োজনে ৬ মাহৰ কুলিং অফ পিৰিয়ডৰ পৰা ৰেহাইৰ দাবীও কৰিছিল, যিটো আদালতে নাকচ কৰিছিল।

ইয়াৰ পিছতে তেওঁ বম্বে উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন জনায়। ইয়াৰ পাছতে ১৯ মাৰ্চ বুধবাৰে ৰায়দানৰ সময়তে আদালতে পৰিয়াল আদালতক ২০ মাৰ্চত বিষয়টো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে। হাইকোৰ্টেও দুয়োকে কুলিং অফৰ পৰা ৰেহাই দিছিল কাৰণ তেওঁলোকে যোৱা ডেৰ-দুবছৰ ধৰি ইজনে সিজনৰ পৰা পৃথকে থকা বুলি উল্লেখ কৰিছিল। এই বিবাহ বিচ্ছেদৰ বাবদ চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা এলিমনি হিচাপে দিবলৈও সন্মত হৈছিল। তাৰে ৫০ শতাংশ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে দিছে আৰু এতিয়া ধনশ্ৰীয়ে বাকী অংশ লাভ কৰিব।