বিদেশী দলৰ হৈ খেলিব যুজবেন্দ্ৰ চহলে, টীম ইণ্ডিয়াত সুযোগ নোপোৱাৰ পিছতে ল’লে ডাঙৰ সিদ্ধান্ত!

ভাৰতীয় তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চহলক আই পি এল ২০২৫ৰ পিছত বিদেশী দলৰ হৈ খেলা দেখা যাব। দীৰ্ঘদিন ধৰি টীম ইণ্ডিয়াৰ পৰা আঁতৰি থকা চহলে এটা দলৰ সৈতে চুক্তিবদ্ধ হৈছে। ইয়াৰ পূৰ্বেও তেওঁ এই দলৰ অংশ আছিল।

বিদেশী দলৰ হৈ খেলিব যুজবেন্দ্ৰ চহলে,  টীম ইণ্ডিয়াত সুযোগ নোপোৱাৰ পিছতে ললে ডাঙৰ সিদ্ধান্ত!

Chahal 7

Published: 

14 Mar 2025 09:17 AM

ভাৰতীয় তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চহলে বহু দিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই। চহলে ২০২৩ চনত টীম ইণ্ডিয়াৰ হৈ অন্তিমখন মেচ খেলিছিল। যদিও ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বিজয়ী দলৰ অংশ আছিল। কিন্তু এই প্ৰতিযোগিতাতো তেওঁ কেৱল বেঞ্চত বহি আছিল। এতিয়া তেওঁক আই পি এল ২০২৫ৰ সময়ত এক্সনত দেখা যাব। ইয়াৰ পূৰ্বে এটা ডাঙৰ সিদ্ধান্ত লৈছে যুজবেন্দ্ৰ চহলে। এই লীগ শেষ হোৱাৰ লগে লগে তেওঁ বিদেশলৈ গৈ ক্ৰিকেট খেলিব। যাৰ বাবে তেওঁ এটা দলৰ সৈতে চুক্তিবদ্ধ হৈছে।

 

 

ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া কাউন্টি চেম্পিয়নশ্বিপত খেলিবলৈ পুনৰ সাজু হৈছে যুজবেন্দ্ৰ চহল। ২০২৫ চনৰ ছিজনত নৰ্থাম্পটনশ্বাইৰৰ হৈ খেলা দেখা যাব চহলক। ইয়াৰ পূৰ্বেও তেওঁ এই দলৰ হৈ খেলিছে। তেওঁৰ চুক্তি জুন মাহৰ পৰা ২০২৫ চনৰ ছিজনৰ শেষলৈকে চলিব। এই সময়ছোৱাত তেওঁ কাউন্টি চেম্পিয়নশ্বিপ আৰু ৱান ডে কাপৰ বাবে উপলব্ধ হ’ব। ইয়াৰ পূৰ্বে ২০২৩ চনত এই ক্লাবত যোগদান কৰিছিল।ইয়াৰ পিছত তেওঁ নৰ্থাম্পটনশ্বাইৰক ২১.১০ গড়ে চাৰিখন মেচত ১৯টা চেম্পিয়নশ্বিপ উইকেট দখল কৰি ডিভিজন টুৰ চতুৰ্থ স্থানলৈ আনে। একে সময়তে ক্লাবৰ হৈ লিষ্ট এত অভিষেক ঘটোৱাত কেণ্টৰ বিৰুদ্ধে ১৪ ৰানত ৫ উইকেট দখল কৰে।

 

 

নৰ্থাম্পটনশ্বাইৰত পুনৰ যোগদান কৰাৰ সময়ত যুজবেন্দ্ৰ চহলে কয়, “বিগত ছিজনত ইয়াত থকা সময়খিনি মই ভালদৰে উপভোগ কৰিছিলো, গতিকে ঘূৰি আহি মই অতি সুখী। সেই ড্ৰেছিং ৰুমত বহু ডাঙৰ ডাঙৰ মানুহ আছে, আৰু মই আকৌ তাৰ অংশ হ’বলৈ অপেক্ষা থাকিব নোৱাৰো।আমি ছিজনৰ শেষত ভাল ক্ৰিকেট খেলিলোঁ, গতিকে আশাকৰোঁ আমি ইয়াক পুনৰাবৃত্তি কৰি কিছু ডাঙৰ জয় লাভ কৰিবলৈ সক্ষম হ’ম।”

 

আনহাতে, নৰ্থাম্পটনশ্বাইৰৰ সদ্য নিযুক্তিপ্ৰাপ্ত মুখ্য প্ৰশিক্ষক ডেৰেন লেহমানে কয় যে, “মই সঁচাকৈয়ে উৎসাহিত যে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ লেগ স্পিনাৰ এই ছিজনত নৰ্থাম্পটনশ্বাইৰলৈ উভতি আহিছে। তেওঁ অমূল্য অভিজ্ঞতা আহিছে আৰু খেল ভাল পোৱা এজন ভদ্ৰলোক।জুন মাহৰ মাজভাগৰ পৰা ছিজনৰ শেষলৈকে তেওঁক উপলব্ধ থাকিলে আমাৰ বাবে বৰ ভাল হ’ব৷”

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ