পত্নী ধনশ্ৰীৰে বিচ্ছেদৰ খবৰৰ মাজতে এয়া কি ক’লে চাহালে! চলিছে ব্যাপক চৰ্চা

শেহতীয়া কিছুদিন ধৰি ব্যাপক চৰ্চাত আছে ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ সম্পৰ্ক সন্দৰ্ভত প্ৰকাশিত খবৰ। এই সন্দৰ্ভত দুয়ো কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও সামাজিক মাধ্যমত চলি থকা ট্ৰ’লিং সন্দৰ্ভত বিবৃতি প্ৰকাশ কৰিছে। এক বিবৃতি প্ৰকাশ কৰি চাহালে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ত এইদৰে চৰ্চা নকৰিবলৈ আবেদন জনায়।

পত্নী ধনশ্ৰীৰে বিচ্ছেদৰ খবৰৰ মাজতে এয়া কি ক’লে চাহালে! চলিছে ব্যাপক চৰ্চা

ধনশ্ৰীৰে সম্পৰ্ক সন্দৰ্ভত কি ক’লে চাহালে!

Updated On: 

10 Jan 2025 17:11 PM

শেহতীয়া কিছুদিন ধৰি ব্যাপক চৰ্চাত আছে ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ সম্পৰ্ক সন্দৰ্ভত প্ৰকাশিত খবৰ। সংবাদ মাধ্যম তথা সামাজিক মাধ্যম সকলোতে দুয়োৰে মাজৰ বিবাহ বিচ্ছেদৰ খবৰক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছে। এই খবৰৰ আধাৰত দুয়োগৰাকীকে সামাজিক মাধ্যমত একাংশই ট্ৰ’লৰ লক্ষ্য কৰি লৈছে। ইফালে চাহাল আৰু ধনশ্ৰীয়ে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও সামাজিক মাধ্যমত চলি থকা ট্ৰ’লিং সন্দৰ্ভত বিবৃতি প্ৰকাশ কৰিছে।

এনে ধৰণৰ ট্ৰ’লে সুনাম নষ্ট কৰা বুলি উল্লেখ কৰি ধনশ্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে চাহালেও এক বিবৃতি প্ৰকাশ কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ত এইদৰে চৰ্চা নকৰিবলৈ আবেদন জনায়। ইয়াৰ ফলত তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ ক্ষতি হ’ব পাৰে বুলি চাহালে উল্লেখ কৰে। নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে এই বিবৃতি প্ৰকাশ কৰি অনুৰাগীসকলক তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনায় চাহালে।

তাৰকা ক্ৰিকেটাৰগৰাকীয়ে লগতে তেওঁৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই বুলি উল্লেখ কৰি দেশ, দল আৰু অনুৰাগীৰ বাবে এতিয়াও বহু দৰ্শনীয় ‘অভাৰ’ কৰিবলৈ আছে বুলি দোহাৰে। ইয়াৰ পাছতে চাহালে তেওঁৰ ব্যক্তিগত জীৱনক লৈ চলি থকা খবৰৰ কথা উল্লেখ কৰে। চাহালে লিখিছে, ‘মই এজন খেলুৱৈ হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো যদিও একে সময়তে মই এজন পুত্ৰ, ভাতৃ আৰু বন্ধুও।”

তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কৌতুহল বুজিব পাৰিছে বুলি উল্লেখ কৰি চাহালে লগতে সামাজিক মাধ্যমত চলি থকা কিছুমান বিষয়ৰ চৰ্চা সঁচা হ’ব পাৰে বা নহ’বও পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। যদিও চাহালে তেওঁৰ বিবাহ বিচ্ছেদ সন্দৰ্ভত কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই, তথাপিও তেওঁৰ বক্তব্যই নিশ্চিতভাৱে এনে খবৰৰ সত্যতাৰ ইংগিত দিছে।

চাহালে নিজৰ বক্তব্যত দুবাৰকৈ নিজকে পুত্ৰ, ভাতৃ আৰু বন্ধু বুলি উল্লেখ কৰিছিল যদিও কোনো স্থানতে নিজকে এগৰাকী স্বামী বুলি উল্লেখ কৰা নাছিল। তেওঁ লিখিছে, “মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো যে এনে চৰ্চাত লিপ্ত নহ’ব, কিয়নো ইয়াৰ ফলত মোৰ আৰু মোৰ পৰিয়ালক বহুত কষ্ট দিছে। মই সদায় মোৰ পৰিয়ালৰ মূল্যবোধৰ পৰা শিকিছো যে সকলোৰে বাবে ভাল চিন্তা কৰিব লাগে, সম্পূৰ্ণ প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা লাভ কৰিবলৈ আগবাঢ়ি যাব লাগে, আৰু মই এতিয়াও এই মূল্যবোধৰ প্ৰতি দায়বদ্ধ ৷”

অৱশ্যে ইয়াৰ বাবে সদায় সকলোৰে মৰম আৰু সমৰ্থন আশা কৰে যদিও সহানুভূতি বিচৰা নাই বুলিও চাহালে দোহাৰে। চাহালৰ বক্তব্যৰ পূৰ্বে ধনশ্ৰীয়েও এক বিবৃতি প্ৰকাশ কৰিছিল। ধনশ্ৰীয়েও এই বিবৃতিটোত চাহালৰ সৈতে সম্পৰ্কৰ কথা ক’তো উল্লেখ কৰা নাছিল। ভিত্তিহীন বাতৰি আৰু ঘৃণাৰ জৰিয়তে তেওঁৰ সুনাম নষ্ট কৰা হৈছে বুলি উল্লেখ কৰি ধনশ্ৰীয়ে লগতে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে সেই স্থানত উপনীত হৈছে বুলি মন্তব্য কৰে।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে