টিকট বুকিঙৰ পৰা চিকিৎসা সেৱালৈকে, এই তিনিটা হোৱাটছএপ নম্বৰৰ জৰিয়তে লাভ কৰক ৰে’লৱে সেৱা…

ৰে’লৰ টিকট বুকিং কৰাৰ পৰা আৰম্ভ কৰি ৰে’লত বহি খাদ্যৰ অৰ্ডাৰ দিয়া বা অসুস্থ হ’লে চিকিৎসকক ফোন কৰালৈকে সকলো কাম হোৱাটছএপৰ জৰিয়তে কৰিব পাৰিব । এই তিনিটা সংখ্যাৰ সবিশেষ জানক । কি কি কামত এই নম্বৰ তিনিটা ব্যৱহাৰ কৰিব পাৰে।

টিকট বুকিঙৰ পৰা চিকিৎসা সেৱালৈকে, এই তিনিটা হোৱাটছএপ নম্বৰৰ জৰিয়তে লাভ কৰক ৰে’লৱে সেৱা...

ৰে'লৱে

Updated On: 

19 Jan 2025 15:33 PM

প্ৰায় সংখ্যক লোকে ৰে’লযোগে যাত্ৰা কৰে । ৰে’লত যাত্ৰা কৰাৰ সময়ত তিনিটা হোৱাটছএপ নম্বৰ আপোনাৰ বাবে উপযোগী হ’ব পাৰে। এই তিনিটা নম্বৰে বিভিন্ন প্ৰকাৰে আপোনাক সহায় কৰিব । ৰে’লৰ টিকট বুকিং কৰাৰ পৰা আৰম্ভ কৰি ৰে’লত বহি খাদ্যৰ অৰ্ডাৰ দিয়া বা অসুস্থ হ’লে চিকিৎসকক ফোন কৰালৈকে সকলো কাম হোৱাটছএপৰ জৰিয়তে কৰিব পাৰিব । এই তিনিটা সংখ্যাৰ সবিশেষ জানক । কি কি কামত এই নম্বৰ তিনিটা ব্যৱহাৰ কৰিব পাৰে।

৯৮৮১১৯৩৩২২: যদি আপুনি কেৱল হোৱাটছএপৰ জৰিয়তে ৰে’লৰ টিকট বুকিং কৰিব বিচাৰে তেন্তে এই নম্বৰটো আপোনাৰ ফোনত চেভ কৰক। এই নম্বৰৰ পৰা ৰে’লৰ টিকট বুকিং কৰিব পাৰিব। লগতে ৰে’লখনৰ পিএনআৰ ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। ৰে’লখনৰ লাইভ ষ্টেটাছও চাব পাৰিব। ইয়াৰ উপৰিও ৰে’লৰ সময়সূচী আদি পৰীক্ষা কৰিব পাৰিব।

৮৭৫০০০১৩২৩: ৰে’লত যাত্ৰা কৰাৰ সময়ত ভোক লাগিলে চিন্তা নকৰিব । এই নম্বৰৰ জৰিয়তে চিটত বহি খাদ্য অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি মাত্ৰ এই নম্বৰটো আপোনাৰ ফোনত চেভ কৰিব লাগিব। ইয়াৰ পিছত WhatsApp ত মেছেজ কৰিব লাগিব। নিৰ্দেশনা আৰু প্ৰশ্নৰ উত্তৰ দি আপুনি খাদ্য অৰ্ডাৰ কৰিব পাৰে।

১৩৮: যদি আপুনি বা আন কোনোবা ৰে’লত অসুস্থ হৈ পৰে তেন্তে এই নম্বৰৰ জৰিয়তে আপুনি চিকিৎসা সেৱা লাভ কৰিব পাৰিব। এই নম্বৰত আপোনাৰ সমস্যা অৱগত কৰাৰ পাছত পৰৱৰ্তী ষ্টেচনত চিকিৎসকৰ দলে আপোনাক চিকিৎসা সেৱা আগবঢ়াব। যিয়ে আপোনাৰ প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি আপোনাক সেৱা আগবঢ়াব ।

এই নম্বৰসমূহ চেভ কৰাৰ পিছত হোৱাটছএপত গৈ ‘হাই’ বাৰ্তা প্ৰেৰণ কৰিব লাগিব। ইয়াৰ পিছত আপুনি ৰে’লৱে সেৱাৰ বিকল্প পাব। ইয়াৰ পৰা আপুনি বিচৰা সেৱা নিৰ্বাচন কৰক। আপুনি নিৰ্দেশনাসমূহ অনুসৰণ কৰিব লাগিব । ইয়াৰ পাছত আপুনি সেৱা লাভ কৰিব ।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া