Upcoming Smartphone : ফেব্ৰুৱাৰী মাহত গ্ৰাহকৰ বাবে মুকলি হ’ব এই ৫টা নতুন স্মাৰ্টফোন, সবিশেষ জানক…

আগন্তুক স্মাৰ্টফোনৰ তালিকাত আছে Xiaomi,Vivo V50 আৰু ASUS ROG Phone 9 দৰে ছিৰিজ । গেমিঙৰ ক্ষেত্ৰত আগন্তুক স্মাৰ্টফোনসমূহ এক উত্তম বিকল্প হ’ব পাৰে।

Upcoming Smartphone : ফেব্ৰুৱাৰী মাহত গ্ৰাহকৰ বাবে মুকলি হ’ব এই ৫টা নতুন স্মাৰ্টফোন, সবিশেষ জানক...

আগন্তুক স্মাৰ্টফোন

Published: 

04 Feb 2025 20:03 PM

চলিত ফেব্ৰুৱাৰী মাহত গ্ৰাহকৰ বাবে মুকলি হ’ব ৫ টাকৈ নতুন স্মাৰ্টফোন । যদি আপুনি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে আপুনি অপেক্ষা কৰক । আগন্তুক স্মাৰ্টফোনৰ তালিকাত আছে Xiaomi,Vivo V50 আৰু ASUS ROG Phone 9 দৰে ছিৰিজ । গেমিঙৰ ক্ষেত্ৰত আগন্তুক স্মাৰ্টফোনসমূহ এক উত্তম বিকল্প হ’ব পাৰে। মনকৰিবলগীয়া যে, এই স্মাৰ্টফোনৰ তালিকাত আছে Samsung Galaxy A36 ।

Realme P3 Pro

Realme P3 Pro ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ সম্ভাৱ্য মূল্য ১০ৰ পৰা ২০ হাজাৰ টকা হ’ব পাৰে। 6.70 ইঞ্চিৰ ডিছপ্লে উপলব্ধ হ’ব। এই স্মাৰ্টফোনটো কোৱালকম স্নেপড্ৰেগন 7 এছ জেনেৰেচন 2 চিপছেটৰ সৈতে আহিব পাৰে। ফোনটোত 5200mAh ৰ বেটাৰী দিব পাৰে ।

iQOO Neo 10R

এই স্মাৰ্টফোনৰ দাম ৩০ হাজাৰ টকাৰ ভিতৰত হ’ব পাৰে। এই স্মাৰ্টফোনটো ফেব্ৰুৱাৰী মাহৰ মাজভাগত মুকলি কৰিব পাৰে । এই ফোনটো Snapdragon 8s Generation 3 চিপছেটৰ সৈতে আহিব পাৰে। ফোনটোত 144Hz AMOLED ডিছপ্লে দিব পাৰে। ফোনটো শক্তিশালী কেমেৰা ছেটআপৰ সৈতে আহিব পাৰে।

Vivo V50 Series

ভিভ’ৰ এই ফোনটোৰ দাম ৪০ৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত হ’ব পাৰে। এই ছিৰিজত আহিব পাৰে Vivo V50 আৰু V50 Pro। আগন্তুক স্মাৰ্টফোনটোত 6.67 ইঞ্চিৰ ডিছপ্লে আহিব পাৰে । ফোনটোত ফটো-ভিডিঅ’গ্ৰাফীৰ বাবে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা থাকিব পাৰে। ফোনটোত লাভ কৰিব পাৰে 6000mAh বেটাৰী। যিয়ে 90W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে।

Samsung Galaxy A36/ Galaxy A56

ছেমছাঙে মুকলি কৰিব পাৰে নিজৰ জনপ্ৰিয় গেলাক্সি A ছিৰিজ। এই ছিৰিজত প্ৰৱেশ কৰিব পাৰে দুটা স্মাৰ্টফোন Galay A36 আৰু Galaxy A56। এই ছিৰিজত কোম্পানীয়ে গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ নতুন কেমেৰা আৰু ফিচাৰ প্ৰৱৰ্তন কৰিব পাৰে। বৰ্তমান ইয়াৰ মুকলিৰ কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

ASUS ROG Phone 9

এই ছিৰিজত দুটা স্মাৰ্টফোন ASUS ROG Phone 9 আৰু ROG Phone 9 Pro বজাৰত আহিব পাৰে। এই ফোনটো ফেব্ৰুৱাৰী মাহত মুকলি কৰিব পাৰে । ফোনটোত স্নেপড্ৰেগন 8 এলিট চিপছেট আছে। ফোনটোত আছে 5800mAh বেটাৰী।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?