5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Aadhaar-PAN Card Link : ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক পান কাৰ্ড, অন্যথা বাতিল হ’ব পাৰে পান কাৰ্ড…!

চৰকাৰী কাম সহজ কৰি তুলিবলৈ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে নিদিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে । এই নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নহ’লে কি হ’ব জানেনে?

Aadhaar-PAN Card Link : ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক পান কাৰ্ড, অন্যথা বাতিল হ’ব পাৰে পান কাৰ্ড…!
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 17 Nov 2024 14:35 PM

বৰ্তমান সময়ত প্ৰতিটো গুৰুত্বপূৰ্ণ কামতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় । বেংকৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী কাম-কাজত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় । চৰকাৰী কাম সহজ কৰি তুলিবলৈ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে । ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে নিদিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে । এই নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নহ’লে কি হ’ব জানেনে?

আধাৰ আৰু পান কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ ডিচেম্বৰ। এই তাৰিখৰ ভিতৰত আধাৰ কাৰ্ড পেন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব প্ৰতিজন নাগৰিকে । প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি, যদি ৩১ ডিচেম্বৰৰ ভিতৰত পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নহয়, তেন্তে চৰকাৰে পান কাৰ্ড নিষ্ক্ৰিয় বা বাতিল কৰাৰ সম্ভাৱনা আছে । সঁচাকৈয়ে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে পান কাৰ্ড বাতিল কৰা হ’ব নেকি ?

বিভিন্ন চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু বিশেষজ্ঞই এই তথ্য ভুল বুলি উল্লেখ কৰিছে । আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ শেষ তাৰিখ আছিল ৩১ মাৰ্চ ২০২২। অৰ্থাৎ ১ এপ্ৰিলৰ পৰা পান কাৰ্ড অকাৰ্যকৰী বা নিষ্ক্ৰিয় হৈ পৰিছে। অৱশ্যে এই নিয়ম ২০২৩ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে। অৰ্থাৎ যিসকলে ৩০ জুনৰ ভিতৰত আধাৰ-পান লিংক কৰা নাই, তেওঁলোকৰ আধাৰ কাৰ্ড ইতিমধ্যে নিষ্ক্ৰিয় হৈ পৰিছে।

যদি আধাৰ-পান লিংক নহয় তেন্তে পান কাৰ্ড নিষ্ক্ৰিয় হৈ যাব পাৰে । কিন্তু কেতিয়াও বাতিল কৰা নহয় । জৰিমনা পৰিশোধ কৰাৰ পিছতহে পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। ১০০০ টকা জৰিমনা আদায় কৰাৰ পিছতহে পান কাৰ্ড পুনৰ সক্ৰিয় কৰা হ’ব। আয়কৰ বিভাগৰ অনলাইন পৰ্টেলত গৈ আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক আছে নে নাই চাব পাৰিব।

প্ৰথমে www.incometax.gov.in ত ক্লিক কৰক। ইয়াৰ পাছতে ‘Quick Link’ অপচনত ক্লিক কৰক। তাত ‘Link Aadhaar Status’ নিৰ্বাচন কৰক। ইয়াৰ পাছত এটা নতুন ৱেবপেজ খোল খাব। তাত আপোনাৰ আধাৰ নম্বৰ আৰু পেন নম্বৰ দিব লাগিব । ‘View Link Aadhaar Status’ ত ক্লিক কৰক। ইয়াত আধাৰ কাৰ্ডৰ সৈতে পান লিংক আছে নে নাই সেই কথা জানিব পাৰিব ।

Latest News