Acer Iconia Tablets: বজাৰত উপলব্ধ হ’ল 7400mAh বেটাৰীৰ সৈতে Acer ৰ নতুন টেবলেট, মূল্য ১৫ হাজাৰতকৈ কম…

Acer Iconia 8.7 আৰু Acer Iconia 10.36 টেবলেট দুটাৰ গুৰুত্বপূৰ্ণ ফিচাৰৰ কথা ক’বলৈ গ’লে ইয়াত ডুৱেল বেণ্ড ৱাই-ফাই, ডুৱেল চিম সংযোগ, এণ্ড্ৰইড 14 অপাৰেটিং চিষ্টেম আৰু শক্তিশালী বেটাৰীৰ দৰে বিশেষ ফিচাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

Acer Iconia Tablets: বজাৰত উপলব্ধ হল 7400mAh বেটাৰীৰ সৈতে Acer ৰ নতুন টেবলেট, মূল্য ১৫ হাজাৰতকৈ কম...

Acer ৰ নতুন টেবলেট

Updated On: 

06 Nov 2024 16:19 PM

ভাৰতীয় বজাৰত Acer  ৰে গ্ৰাহকৰ বাবে মুকলি কৰিছে দুটা নতুন টেবলেট। নতুনকৈ মুকলি কৰা Acer Iconia 8.7 আৰু Acer Iconia 10.36 টেবলেট দুটাৰ গুৰুত্বপূৰ্ণ ফিচাৰৰ কথা ক’বলৈ গ’লে ইয়াত ডুৱেল বেণ্ড ৱাই-ফাই, ডুৱেল চিম সংযোগ, এণ্ড্ৰইড 14 অপাৰেটিং চিষ্টেম আৰু শক্তিশালী বেটাৰীৰ দৰে বিশেষ ফিচাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

Acer Iconia 8.7 টেবলেটটোৰ মূল্য ১১ হাজাৰ ৯৯০ টকাৰ পৰা আৰম্ভ হয় । আনহাতে যদি আমি Acer Iconia 10.36 Price ৰ কথা কওঁ তেন্তে এই টেবৰ আৰম্ভণিৰ মূল্য ১৪ হাজাৰ ৯৯০ টকা। আপুনি এই টেবলেট কেইটা কোম্পানীটোৰ অফিচিয়েল চাইট, আমাজনৰ বাহিৰেও কোম্পানীটোৰ এক্সক্লুছিভ ষ্ট’ৰৰ পৰা ক্ৰয় কৰিব পাৰে। মনকৰিবলগীয়া যে, এই দামবোৰ সীমিত সময়ৰ বাবেহে নিৰ্ধাৰণ কৰিছে কোম্পানীয়ে । গতিকে এই টেবলেটৰ দাম যিকোনো সময়তে সলনি কৰিব পাৰে।

Acer Iconia 8.7 (iM9-12M) ত 8.7 ইঞ্চি WXGA (1340 x 800 পিক্সেল) IPS মাল্টি-টাচ স্ক্ৰীণ আছে যাৰ সহায়ত 400 নিট ব্ৰাইটনেচ লাভ কৰিব । মাল্টিটাস্কিঙৰ বাবে এই ডিভাইচটো MediaTek Helio P22T প্ৰচেছৰৰ সৈতে প্ৰদান কৰা হৈছে। আনহাতে, Iconia 10.36 (iM10-22) ত 2K ৰিজ’লিউচনৰ সৈতে 10.36 ইঞ্চি IPS ডিছপ্লে আছে যিয়ে 480 নিট ব্ৰাইটনেচ প্ৰদান কৰিব ।

এই ডিভাইচত এটা MediaTek Helio G99 octa-core প্ৰচেছৰ আছে। কেমেৰা ছেটআপৰ কথা ক’বলৈ গ’লে 8.7 ইঞ্চি স্ক্ৰীণ থকা মডেলটোত আছে 8 মেগাপিক্সেলৰ পিছফালৰ কেমেৰা আৰু 5 মেগাপিক্সেলৰ চেলফি কেমেৰা। 10.36 ইঞ্চি স্ক্ৰীণ থকা মডেলটোত 16 মেগাপিক্সেলৰ প্ৰাইমাৰী আৰু 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা থাকিব।

8.7 ইঞ্চিৰ মডেলত ডুৱেল ষ্টেৰিঅ’ স্পীকাৰ থকাৰ বিপৰীতে 10.36 ইঞ্চিৰ ভেৰিয়েণ্টত কোৱাড ষ্টেৰিঅ’ স্পীকাৰ আছে। বেটাৰীৰ ক্ষমতাৰ কথা ক’বলৈ গ’লে 8.7 ইঞ্চিৰ ভেৰিয়েণ্টত 10ৱাট চাৰ্জিং সমৰ্থনৰ সৈতে 5100mAh বেটাৰী আছে, যিটো সম্পূৰ্ণ চাৰ্জ কৰিলে 8 ঘণ্টালৈকে চলাব পাৰিব। একে সময়তে 10.36 ইঞ্চিৰ ভেৰিয়েন্টত 7400mAh বেটাৰী আছে যিটো 18W ফাষ্ট চাৰ্জ সমৰ্থনৰ সৈতে আহে । কোম্পানীয়ে দাবী কৰিছে যে,সম্পূৰ্ণ চাৰ্জ কৰাৰ পাছত 10 ঘণ্টা ধৰি চলাব পাৰিব।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস