Airtel Plans: দুটা ৰিচাৰ্জ প্লেনৰ মূল্য ১১০ টকা পৰ্যন্ত হ্ৰাস কৰিলে এয়াৰটেলে, সবিশেষ জানক
দুটা ৰিচাৰ্জ প্লেনৰ মূল্য হ্ৰাস কৰিছে টেলিকম কোম্পানী এয়াৰটেলে । এই প্লেনৰ মূল্য ১১০ টকা পৰ্যন্ত হ্ৰাস কৰিছে টেলিকম কোম্পানীটোৱে।
গ্ৰাহকৰ সুবিধাৰ্থে দুটা ৰিচাৰ্জ প্লেনৰ মূল্য হ্ৰাস কৰিছে টেলিকম কোম্পানী এয়াৰটেলে । এই প্লেনৰ মূল্য ১১০ টকা পৰ্যন্ত হ্ৰাস কৰিছে টেলিকম কোম্পানীটোৱে। ৪৯৯ টকা আৰু ১৯৫৯ টকাৰ ৰিচাৰ্জ প্লেনৰ মূল্য হ্ৰাস কৰিছে টেলিকম কোম্পানীটোৱে । এই প্লেন দুটাৰ মূল্য হ্ৰাস কৰি বৰ্তমানৰ নতুন মূল্য ৪৬৯ টকা আৰু ১৮৪৯ টকা কৰা হৈছে। দুয়োটা প্লেনত উপলব্ধ সুবিধাসমূহ জানক ।
৪৬৯ টকাৰ এয়াৰটেলৰ প্ৰিপেইড প্লেনত কোম্পানীটোৱে আনলিমিটেড ফ্ৰী কলিং আৰু ৯০০ এছএমএছৰ সুবিধা প্ৰদান কৰিছে । ৮৪ দিনৰ বৈধতাৰে এই প্লেনৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে । এই প্লেনৰ মূল্য আগৰ তুলনাত ৩০ টকা হ্ৰাস কৰা হৈছে । একেদৰে মূল্য হ্ৰাস কৰাৰ পাছত ১৮৪৯ টকাৰ এয়াৰটেলৰ প্লেনত আপুনি ৩৬৫ দিনৰ বৈধতা লাভ কৰিব । ইয়াৰ বাহিৰেও এই প্লেনত আনলিমিটেড ভইচ কলিং আৰু ৩৬০০ এছএমএছৰ সুবিধা প্ৰদান কৰা হৈছে।
অতিৰিক্ত সুবিধাৰ ভিতৰত আছে, দুয়োটা প্লেনতে আপুনি Apollo 24/7 circle সদস্যপদ আৰু তিনি মাহৰ বাবে বিনামূলীয়া হেল’টিউন পাব। এই ১৮৪৯ টকাৰ প্লেনৰ মূল্য পূৰ্বৰ তুলনাত ১১০ টকা হ্ৰাস কৰা হৈছে।
এই প্লেনৰ দাম কিয় হ্ৰাস কৰা হৈছে সেয়া স্পষ্ট কৰা নাই এয়াৰটেলে । কিন্তু অনুমান কৰা হৈছে যে,TRAI য়ে টেলিকম কোম্পানীসমূহক ৰাইজৰ সুবিধাৰ্থে নতুন ভইচ আৰু এছএমএছ প্লেন মুকলি কৰিবলৈ কৈছিল । কিন্তু কিছমান প্লেন মুকলি কৰিছিল যদিও দাম হ্ৰাস কৰা নাছিল। অৰ্থাৎ যি মূল্যত প্লেন উপলব্ধ আছিল, সেই মূল্যতে কোম্পানীসমূহে কেৱল কলিং আৰু এছএমএছৰ সৈতে প্লেন আৰম্ভ কৰিছিল । TRAI য়ে কয় যে, তেওঁলোকে নিজেই পৰিকল্পনাসমূহৰ তদন্ত কৰিব। ইয়াৰ পাছতে,এয়াৰটেলে হ্ৰাস কৰিছে এই দুয়োটা প্লেনৰ মূল্য় ।