5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

iPhone 16 আৰু 16 Plus মুকলি, বৈশিষ্ট্যৰ লগতে দাম জানি লওক

বিশ্বৰ সৰ্ববৃহৎ টেক কোম্পানী এপলে মুকলি কৰিছে iPhone 16 আৰু আইফোন 16 Plus। এপলে iPhone 16 আৰু আইফোন 16 Plusত বায়নিক A18 চিপছেট প্ৰদান কৰিছে, যিটো পূৰ্বৰ আইফোনতকৈ ৪০ শতাংশ পৰ্যন্ত দ্ৰুত।

iPhone 16 আৰু 16 Plus মুকলি, বৈশিষ্ট্যৰ লগতে দাম জানি লওক
iPhone 16 আৰু 16 Plus মুকলি
Follow Us
barasha-misra
Barasha Misra | Published: 10 Sep 2024 08:41 AM

iPhone 16 and iPhone 16 Plus: বিশ্বৰ সৰ্ববৃহৎ টেক কোম্পানী এপলে মুকলি কৰিছে iPhone 16 আৰু iPhone 16 Plus। ১০ ছেপ্টেম্বৰৰ পৰা এপলৰ ৱেবছাইটত আৰু ভাৰতৰ এপল ষ্ট’ৰ সাকেট দিল্লী আৰু মুম্বাই ষ্ট’ৰত আৰম্ভ হ’ব iPhone 16 আৰু iPhone 16 Plusৰ প্ৰি-বুকিং।

এপলে iPhone 16 আৰু iPhone 16 Plusত এ১৮ বায়নিক প্ৰদান কৰিছে, এই দুটা আইফোনৰ বুকিং ১০ ছেপ্টেম্বৰৰ পৰা অনলাইন এপল ৱেবছাইট আৰু অনলাইন এপল ষ্ট’ৰ সাকেট, দিল্লী আৰু মুম্বাই ষ্ট’ৰত আৰম্ভ হ’ব। এপলে iPhone 16 আৰু iPhone 16 Plusত এপল ইনটেলিজেন্স ফিচাৰ প্ৰদান কৰিছে।

iPhone 16 আৰু iPhone 16 Plusত কেমেৰা কন্ট্ৰল উপলব্ধ হ’ব

iPhone 16 আৰু iPhone 16 Plusত থাকিব 16MP আৰু 18 MP কেমেৰা। ইয়াৰ লগতে এই দুয়োটা আইফোনতে থাকিব Intelligence Control Camera feature, যাৰ জৰিয়তে আপুনি পেছাদাৰী কেমেৰা নাজানিও উন্নত ফটো ক্লিক কৰিব পাৰিব।

iPhone 16 আৰু iPhone 16 Plusৰ মূল্য

এইবাৰ এপলে ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৬৭০৮১ টকাত iPhone 16 মুকলি কৰিছে, আমেৰিকাত ইয়াক ৭৯৯ ডলাৰত মুকলি কৰা হৈছে। আনহাতে iPhone 16 Plus ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৭৫৪৭৬ টকাত প্ৰৱৰ্তন কৰা হৈছে। আমেৰিকাত মুকলি কৰা হৈছে আইফোন ১৬ প্লাছ ৮৯৯ ডলাৰত।

iPhone 16 আৰু iPhone 16 Plusৰ স্পেচিফিকেশন

iPhone 16 আৰু iPhone 16 Plusত ৬.১ আৰু ৬.৭ ইঞ্চিৰ স্ক্ৰীণ দিছে এপলে। ইয়াৰ লগতে আপোনাক iPhone 16 আৰু iPhone 16 Plusত ফ’কাচ আৰু ডেপথ কণ্ট্ৰ’ল বৈশিষ্ট্যৰ সৈতে next generation পৰ্টেটনিক দিয়া হৈছে। iPhone 16 আৰু iPhone 16 Plusৰ জৰিয়তেও মেক্ৰ’ ফটোগ্ৰাফী কৰিব পাৰিব। লগতে অটোফ’কাছৰ সৈতে ডেপথ কেমেৰাৰ সহায়ত দূৰৈৰ ফটো তুলিব পাৰিব।

iPhone 16 আৰু iPhone 16 Plusত উপলব্ধ হ’ব চেটেলাইট ফিচাৰ

iPhone 16 আৰু iPhone 16 Plusত পূৰ্বৰ আইফোনৰ দৰে চেটেলাইট ফিচাৰ থাকিব। যেতিয়া iPhone 15 ত এই চেটেলাইট ফিচাৰ প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া কোম্পানীয়ে ইয়াক কেৱল আমেৰিকাতহে প্ৰৱৰ্তন কৰিছিল যদিও এইবাৰ ১৭খন দেশত এই চেটেলাইট ফিচাৰ প্ৰৱৰ্তন কৰা হৈছে।

উল্লেখ্য যে, I phone 16 অহাৰ পূৰ্বে অতি কম দামত বিক্ৰী হৈ আছে I phone 15 । আইফোন ১৫ ৰ ১২৮ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট ভাৰতত ৭৯,৯০০ টকাত মুকলি কৰা হৈছিল যদিও বৰ্তমান এই ফোনটোৰ ১২৮ জিবি ভেৰিয়েণ্ট ফ্লিপকাৰ্টত ৬৪,৯৯৯ টকাত উপলব্ধ। iPhone 16 ক্ৰয় কৰাৰ সময়ত আপুনি পুৰণি ফোনটো বিনিময় কৰিলে ৰেহাই লাভ কৰিব পাৰে।

Latest News